India vs South Africa: ১৬ ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে

author img

By

Published : Oct 3, 2022, 7:41 AM IST

Updated : Oct 3, 2022, 2:41 PM IST

১৬ ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে

বৰ্ষাপাৰাত অনুষ্ঠিত টি-২০ ক্ৰিকেটত দক্ষিণ আফ্ৰিকাক ১৬ ৰাণত পৰাস্ত কৰিলে ভাৰতে ৷ প্ৰথমবাৰৰ বাবে টি-২০ আন্তৰ্জাতিক শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰে(India Won by 16 runs against South Africa) ।

নিউজ ডেস্ক, 3 অক্টোবৰ: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ(India vs South Africa) ৷ মাজৰ টি-২০ ক্ৰিকেটত দক্ষিণ আফ্ৰিকাক ১৬ ৰাণত পৰাস্ত কৰিলে ভাৰতে ৷ প্ৰথমবাৰৰ বাবে টি-২০ আন্তৰ্জাতিক শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰে(India Won by 16 runs against South Africa) ।

টছত জয়ী হোৱাৰ পাছত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই বলিং কৰাৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই ২৩৭ ৰাণ সংগ্ৰহ কৰে ৷ অপেনাৰদ্বয় কে এল ৰাহুলে ২৮ টা বলত ৫৭ ৰাণ আৰু অধিনায়ক ৰোহিত শৰ্মাই ৩৭ টা বলত ৪৩ ৰাণ সংগ্ৰহ কৰে । সূৰ্যকুমাৰ যাদৱে ২২ টা বলত ৬১ ৰাণ সংগ্ৰহ কৰাৰ পাছত ৰাণ আউট হয় ৷ আনহাতে দীনেশ কাৰ্তিকে ৭ টা বলত ১৭ ৰাণ সংগ্ৰহ কৰে ।

আনহাতে, ২৩৮ ৰাণৰ বৃহৎ লক্ষ্য আগত লৈও দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলে ভাল আৰম্ভণি কৰিব নোৱাৰিলে ৷ তিনিটা উইকেট হেৰুৱাই ২২১ ৰাণতে খেল সমাপ্ত কৰিবলগীয়া হয় দক্ষিণ আফ্ৰিকাই (India vs South Africa T20I)৷

লগতে পঢ়ক: বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজতেই খেল পথাৰত ওলাল সাপ

Last Updated :Oct 3, 2022, 2:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.