ETV Bharat / bharat

কলকাতাৰ দুৰ্গা পূজাত অসুৰৰ ৰূপত মহাত্মা গান্ধী

author img

By

Published : Oct 3, 2022, 10:31 AM IST

কলকাতাৰ দুৰ্গা পূজাত অসুৰৰ ৰূপত মহাত্মা গান্ধী
কলকাতাৰ দুৰ্গা পূজাত অসুৰৰ ৰূপত মহাত্মা গান্ধী

হিন্দু মহাসভাই কলকাতাত দুৰ্গা পূজাৰ সময়ত মহাত্মা গান্ধীক 'অসুৰ' হিচাপে প্ৰদৰ্শন (Display of Mahatma Gandhi as Asura in Kolkata) কৰাক লৈ আৰম্ভ হৈছে বিতৰ্ক । অৱশ্য়ে সোঁপন্থী দলটোৱে উক্ত বিষয়টো সন্দৰ্ভত কয় যে প্ৰশাসনৰ হেঁচাত তেওঁলোকে মূৰ্তিটো সলনি কৰিবলৈ বাধ্য হৈছে ।

নেশ্য়নেল ডেস্ক,৩অক্টোবৰ: দেশবাসীয়ে দেওবাৰে মহাত্মা গান্ধীৰ জন্ম জয়ন্তী (birth anniversary of Mahatma Gandhi)পালন কৰাৰ সময়তে কলকাতাৰ পূব প্ৰান্তৰ কাচবাত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা (Akhil Bharatiya Hindu Mahasabha at Kasba)পূজাই দেশজোৰি বিতৰ্কৰ সৃষ্টি কৰিছে । অখিল ভাৰতীয় হিন্দু মহাসভাই বাপুক দেৱী দুৰ্গাই বধ কৰা অসুৰ (মহিষাসুৰ) হিচাপে প্ৰদৰ্শন কৰাৰ পিছতেই এই বিষয়টোক লৈ আৰম্ভ হৈছে বিতৰ্কৰ (Bapu as Asura at Kasba in Kolkata)।

ইপিনে, সোঁপন্থী দলটোৱে উক্ত বিষয়টো সন্দৰ্ভত কয় যে প্ৰশাসনৰ হেঁচাত ইতিমধ্যে তেওঁলোকে মূৰ্তিটো সলনি কৰিবলৈ বাধ্য হৈছে । অখিল ভাৰতীয় হিন্দু মহাসভাই বিষয়টো সন্দৰ্ভত এনে মন্তব্য় কৰিলেও কলকাতা আৰক্ষীয়ে এই কথা অস্বীকাৰ কৰিছে । অখিল ভাৰতীয় হিন্দু মহাসভাৰ পূজাত অসুৰৰ মুখখন মহাত্মা গান্ধীৰ দৰে মিল থকাত লগে লগে এই বিষয়ে প্ৰচাৰ হয় । আনকি অসুৰে ঘূৰণীয়া চশমা পিন্ধাত মহাত্মা গান্ধীও সমাৰ্থক হৈ পৰে ।

এই সন্দৰ্ভত অখিল ভাৰতীয় হিন্দু মহাসভাৰ (ABHM state president) ৰাজ্যিক সভাপতি মোহন্তু সুন্দৰ গিৰি মহাৰাজে কয়,"যদিও আমি বিশ্বাস নকৰোঁ যে গান্ধী ৰাষ্ট্ৰৰ পিতৃ, তথাপি মূৰ্তিটোৰ মহাত্মা গান্ধীৰ সৈতে সাদৃশ্য কাকতালীয় । কিন্তু আচৰিত কথা যে, যদিও আমাৰ প্ৰশাসনৰ পৰা পূজা আয়োজনৰ সকলো অনুমতি আছিল, তথাপি তেওঁলোকে আমাক পূজা বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আছে । আমাৰ ওচৰত সকলো কৰ্তৃপক্ষৰ অনুমতি আছিল ।" লগতে আয়োজকসকলে দাবী কৰে যে তেওঁলোকে মূৰ্তিটোৰ চেহেৰা ইতিমধ্যে সলনি কৰিবলৈ বাধ্য হৈছিল ।

উল্লেখ্য় যে কেইবছৰমান আগতে নিষিদ্ধ কৰা হিন্দু মহাসভাই ২ অক্টোবৰক 'ক'লা দিৱস'(Black Day of ABHM) হিচাপে পালন কৰে । পূজাৰ ফলত উদ্ভৱ হোৱা বিতৰ্কৰ বিষয়ে সোধাত কলকাতাৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়,"এতিয়ালৈকে এনে কোনো ঘটনা ঘটা নাই য'ত কলকাতা আৰক্ষীয়ে চহৰখনত কোনো পূজা বন্ধ কৰি দিছে । যদি এনে কোনো ঘটনা ঘটে, আমি জনসাধাৰণক ইয়াৰ বিষয়ে অৱগত কৰিম, কিন্তু এতিয়ালৈকে একো হোৱা নাই ।"

অৱশ্যে, তৃণমূল কংগ্ৰেছে ঘটনাটোক তীব্ৰ (Trinamool Congress criticised the incident) সমালোচনা কৰে । তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ কুনাল ঘোষে( Trinamool Congress state spokesperson Kunal Ghosh) কয়,"এয়া অবিশ্বাস্য। ইয়াক লৈ মন্তব্য প্ৰকাশ কৰিবলৈ আমাৰ ওচৰত কোনো শব্দ নাই । ইয়াতকৈ অধিক অৱমাননা কৰিব নোৱাৰে । এইটোৱে পূজাৰ আয়োজকৰো মনোবল হ্ৰাস কৰিছে । সমগ্ৰ বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে আৰু তেওঁলোকে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি আছে । "

লগতে পঢ়ক:পূজা মণ্ডপত অগ্নিকাণ্ড: 70 গৰাকী ভক্ত অগ্নিদগ্ধ, শিশুসহ তিনিগৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.