দক্ষিণ দিল্লীৰ লোধি কলনীত শিশুক নৃশংস ভাৱে হত্য়া, দুজনক কৰায়ত্ব

author img

By

Published : Oct 3, 2022, 8:17 AM IST

six year old boy Murdered at Delhi

এটি ছয় বছৰীয়া শিশুৰ ডিঙি কাটি মূৰত আক্ৰমণ কৰি দুজন যুৱকে "মানৱ বলি" বুলি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে দক্ষিণ দিল্লীৰ লোধি কলনীত (human sacrifice in Delhi) । সমৃদ্ধি লাভ কৰিবলৈ শিশুটিক হত্যা কৰিছিল বুলি অভিযুক্তৰ আৰক্ষীক স্বীকাৰোক্তি ।

নেশ্য়নেল ডেস্ক, ৩ অক্টোবৰ: দক্ষিণ দিল্লীৰ লোধি কলনীত সংঘটিত হৈছে এক নৃশংস হত্য়াকাণ্ড (six year old boy Murdered at Delhi)। এটি ছয় বছৰীয়া শিশুৰ ডিঙি কাটি দুজন যুৱকে "মানৱ বলি" দিয়াৰ এক ভয়াৱহ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাৰ বিষয়ে সদৰি কৰিছে দিল্লী আৰক্ষীয়ে (Child murdered at South Delhis Lodhi Colony)। ইতিমধ্য়ে উক্ত ঘটনা সন্দৰ্ভত বিহাৰৰ বাসিন্দা অভিযুক্ত বিজয় কুমাৰ আৰু অমৰ কুমাৰক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে উল্লেখ কৰি কয় যে তেওঁলোকে অপৰাধ সংঘটিত কৰাৰ সময়ত ড্ৰাগছ সেৱন কৰিছিল ।

উল্লেখ্য় যে অভিযুক্তদ্বয় আৰু শিশুটিৰ পিতৃ-মাতৃয়ে নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰি আছিল । ইপিনে, বিজয় আৰু অমৰে অপৰাধ স্বীকাৰ কৰি কয় যে তেওঁলোকে সমৃদ্ধি লাভ কৰিবলৈ শিশুটিক হত্যা কৰিছিল । তেওঁলোক সকলোৱে একেটা বস্তিত বাস কৰা বুলি আৰক্ষীয়ে কয় ।

শনিবাৰে নিশা প্ৰায় ১০:৩০ বজাত যেতিয়া শিশুটি তেওঁৰ ঘৰৰ গোহালিটোলৈ গৈছিল তেতিয়াই অভিযুক্তদ্বয়ে শিশুটিক তেওঁলোকৰ পাকঘৰলৈ মাতি নিছিল । অভিযুক্তদ্বয়ে প্ৰথমে শিশুটিৰ মূৰত আক্ৰমণ কৰে আৰু তাৰ পিছত ডিঙি কাটি হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষী উপায়ুক্ত (দক্ষিণ) চন্দন চৌধুৰীয়ে (Deputy Commissioner of Police South)সদৰি কৰিছে ।

অভিযোগকাৰী তথা শিশুটিৰ পিতৃয়ে উক্ত ঘটনা সন্দৰ্ভত কয় যে তেওঁ তেওঁলোকৰ গোহালিৰ পৰা তেজ ওলোৱা প্ৰত্যক্ষ কৰিছিল । এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে ফৰেনচিকৰ বিশেষজ্ঞসকলৰ সৈতে আৰক্ষীৰ এটা অপৰাধ শাখাৰ দলে ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতদেহটো উদ্ধাৰ কৰি এইমছ (AIIMS)ৰ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা বুলি কয় দিল্লী আৰক্ষীৰ আৰক্ষী উপ আয়ুক্তগৰাকীয়ে । ইফালে ঘটনাস্থলীত শিশুটিৰ হত্যাত ব্যৱহৃত চুৰি আৰু অপৰাধীয়ে পিন্ধি থকা কাপোৰ উদ্ধাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:দিল্লীত বন্ধুৰ দ্বাৰা যৌন নিৰ্যাতৰ বলি ১০ বছৰীয়া কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.