দিল্লীত বন্ধুৰ দ্বাৰা যৌন নিৰ্যাতৰ বলি ১০ বছৰীয়া কিশোৰ

author img

By

Published : Oct 1, 2022, 3:53 PM IST

10 year old sodomized by his friends

দিল্লীৰ চিলামপুৰ অঞ্চলত তিনিজন ল'ৰাৰ যৌন নিৰ্যাতনৰ বলি এটি দহবছৰীয়া কিশোৰ(10-year-old boy sexually assaulted by friend) । নিৰ্যাতিত কিশোৰটিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে(Death of the abused child) ।

নেশ্যনেল ডেস্ক,১ অক্টোবৰ: দেশৰ ৰাজধানী চহৰ দিল্লীত চাঞ্চল্যকৰ ঘটনা । তিনিটাকৈ ল'ৰাৰ যৌন নিৰ্যাতনৰ বলি হ'ল ১০ বছৰীয়া এটা ল'ৰা(10-year-old boy sexually assaulted by friend) । মূমুৰ্ষ অৱস্থাত LNJP চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত মৃত্যুক সাৱতি লয় কিশোৰটিয়ে ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ঘটনা সন্দৰ্ভত দুজন কিশোৰক আটক কৰা হৈছিল(Two juveniles were apprehended) যদিও তেওঁলোকৰ পিতৃ-মাতৃয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছত জুভেনাইল জাষ্টিছ বোৰ্ডে(Juvenile Justice Board) মুকলি কৰি দিয়ে । আনহাতে এই ঘটনা সন্দৰ্বত আন এজন কিশোৰক বৰ্তমানেও আটক কৰি ৰাখিছে আৰক্ষীয়ে । মৃত কিশোৰটিক ১৮ ছেপ্টেম্বৰত তিনিজন নাবালক বন্ধুৰ এটা দলে নিৰ্মমভাৱে যৌন নিৰ্যাতন কৰিছিল বুলি আৰক্ষীয়ে সদৰি কৰে ।

জানিব পৰা মতে আক্ৰমণৰ প্ৰায় তিনিদিন পিছত অসুস্থ হোৱাৰ পিছত কিশোৰটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ঘটনাৰ সৱিশেষ LNJP চিকিৎসালয় কৰ্তৃপক্ষই অৱগত কৰিছিল আৰক্ষীক । লগে লগে আৰক্ষী এটা দল চিকিৎসালয়ত উপস্থিত হৈ কিশোৰটিৰ অভিভাৱকক সোধপোছ কৰিছিল যদিও তেওঁলোকে বিবৃতি দিবলৈ অস্বীকাৰ কৰিছিল বুলি আৰক্ষীয়ে সদৰি কৰে ।

আৰক্ষী বিষয়াসকলে দিয়া আশ্বাসৰ পিছত দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি কিশোৰটিৰ মাতৃয়ে জনাইছিল যে ১৮ ছেপ্টেম্বৰত তেওঁৰ তিনিজন বন্ধুৱে তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰি যৌন নিৰ্যাতন চলাইছিল । মাতৃৰ বিবৃতিৰ ওপৰত আৰক্ষীয়ে POCSO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে(POCSO act) ।

লগতে পঢ়ক: কাবুলৰ শিক্ষা কেন্দ্ৰত হোৱা আক্ৰমণক গৰিহণা ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.