ETV Bharat / bharat

কাবুলৰ শিক্ষা কেন্দ্ৰত হোৱা আক্ৰমণক গৰিহণা ভাৰতৰ

author img

By

Published : Oct 1, 2022, 2:04 PM IST

india condemns terror attack on education centre in kabul
কাবুলৰ শিক্ষা কেন্দ্ৰত হোৱা আক্ৰমণক গৰিহণা ভাৰতৰ

শুকুৰবাৰে কাবুলৰ শিক্ষাকেন্দ্ৰত হোৱা আত্মঘাতী আক্ৰমক গৰিহণা দিছে সকলো ৰাষ্ট্ৰই । ভাৰতেও এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে(India condemns terror attack) । কাবুল কাজ শিক্ষা কেন্দ্ৰত সংঘটিত হৈছিল এই আত্মঘাতী আক্ৰমণ(Suicide attack at Kaaj Educational Centre) ।

নেশ্যনেল ডেস্ক,১ অক্টোবৰ: শুকুৰবাৰে কাবুলৰ দষ্ট-ই-বাৰ্চি অঞ্চলৰ এটা শিক্ষানুষ্ঠানত সংঘটিত হয় এক সন্ত্ৰাসবাদী আক্ৰমণ(Suicide attack at Kaaj Educational Centre) । আক্ৰমণত প্ৰাণ হেৰুৱাই প্ৰায় ২০ গৰাকীকৈ লোকে । আনহাতে আহত হয় ডজনৰো অধিক লোক । এই আত্মঘাতী আক্ৰমণক বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰতেও তীব্ৰ ভাষাৰে গৰিহণা দিয়ে(India condemns terror attack) । উক্ত আত্মঘাতী আক্ৰমণত নিহত সকলৰ বেছিভাগেই মহিলা বুলি কাবুলৰ পৰা এক সুত্ৰই প্ৰকাশ কৰে ।

এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়(External Affairs Ministry Spokesperson)ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট যোগে কয়(Arindam Bagchi tweeted) যে "শুকুৰবাৰে কাবুলৰ দস্ত-ই-বাৰ্চীৰ কাজ শিক্ষা কেন্দ্ৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ আমি দুখিত আৰু নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো । ধাৰাবাহিকভাৱে শিক্ষানুষ্ঠানত নীৰিহ লোকক এনেদৰে টাৰ্গেট কৰি লোৱা কাৰ্যক ভাৰতে তীব্ৰ ভাষাৰে গৰিহণা দিছো । "

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীয়ে দিল্লীত মুকলি কৰিলে 5G সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.