ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 3, 2021, 7:08 PM IST

top-10-news-at-7-pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

মোক জীয়াই থাকিবলৈ দিয়ক: ৰঞ্জন চুতীয়া

চিকিৎসালয়ত চকুলো টুকিছে মৰাণৰ বিতৰ্কিত খ্ৰীষ্টধৰ্মৰ প্ৰচাৰক ৰঞ্জন চুতীয়াই ৷ কেমেৰাৰ সন্মুখত চিকিৎসালয়ৰ পৰাই মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰ পাঠ কৰিলে ৰঞ্জন চুতীয়াই ৷

'সেৱাই পঞ্চায়ত' অনুষ্ঠানত অংশগ্ৰহণ মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ

পঞ্চায়তৰ ফালৰ পৰা আগবঢ়োৱা মানদণ্ডৰ প্ৰতিশ্ৰুতিসমূহৰ সেৱা প্ৰদানৰ দিশত নিৰীক্ষণ আৰু মূল্যাংকণৰ বাবে উপযুক্ত সমল এই চনদ ৷ নাগৰিক চনদৰ প্ৰথম মূল অংশটো হ'ল পঞ্চায়ত দৰ্শন আৰু কৰ্মসূচী ৷ পঞ্চায়তখনে প্ৰকৃততে কোনটো দিশেৰে গতি কৰিব খোজে সেয়া হ'ল দৰ্শন ৷

মাত্ৰ এটা মাহত যোৰহাটত আবকাৰী বিভাগে নষ্ট কৰিলে ১৬৩৫ লি: দেশীয় সুৰা

আবকাৰী বিভাগ, আৰক্ষীয়ে বাৰম্বাৰ সকীয়নি দিয়াৰ পাছতো যোৰহাটৰ বিভিন্ন প্ৰান্তত একাংশ অসাধু লোকে চলাই আহিছে দেশীয় সুৰাৰ অবৈধ বেহা । যোৱা জুলাই মাহত যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে নষ্ট কৰিলে ১৬৩৫ লিটাৰ দেশীয় সুৰা । অবৈধভাৱে দেশীয় সুৰাৰ বেহা চলোৱাৰ অপৰাধত জিলাখনৰ ৪ জন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ।

লাভলীনাৰ সফলতা কামনাৰে কোকৰাঝাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা

বিটিআৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (SAI) অনুষ্ঠিত হোৱা সৰ্বধৰ্মীয় প্ৰাৰ্থনাত হিন্দু,মুছলমান আৰু খ্ৰীষ্টান ধৰ্মৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে । সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত বিভিন্ন ধৰ্মৰ লোকসকলে নিজ নিজ ধৰ্মৰ পদ্ধতি আৰু নিয়ম অনুসৰি অসম কন্যা লাভলীনাৰ সফলতা কামনা কৰি প্ৰাৰ্থনা কৰা দেখা যায় ।

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে ?

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ‘দৰ্পণ’ (DARPAN) নামৰ এটা অনলাইন নামভৰ্তি প’ৰ্টেল মুকলি কৰিছে । যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব । অনলাইন পদ্ধতিৰে প’ৰ্টেলটোলৈ গৈ ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তি কৰিব বিচৰা শিক্ষানুষ্ঠানখনো বাচনি কৰিব পাৰিব ।

অন্য দলক নিঃশেষৰ এজেণ্ডা আছে নেকি বুলি কংগ্ৰেছক কটাক্ষ বিজেপিৰ

অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো বিধায়কে শেহতীয়াকৈ দলত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে ৷ এনে সময়তে কংগ্ৰেছ-বিজেপি দলৰ শীৰ্ষ নেতাৰ মাজত আৰম্ভ হৈছে বাক-যুদ্ধৰ ৷ অসম প্ৰদেশ কংগ্ৰেছ দলৰ নৱ-নিযুক্ত সভাপতি ভূপেন বৰাই শেহতীয়াকৈ অগপ আৰু ইউ পি পি এলক বিজেপিয়ে নিঃশেষ কৰিব বুলি মন্তব্য কৰিছিল ৷

লাভলীনালৈ শুভেচ্ছা নলবাৰী Amateur Boxing Association ৰ

4 আগষ্ট অৰ্থাৎ বুধবাৰে পুনৰ বক্সিঙৰ ৰিঙত সোমাব অসম কন্যা লাভলীনা ৷ টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ বক্সিঙৰ 69 কেজিৰ ছেমি ফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিছে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে(Boxer Lovlina Borgohain) ৷ যাক লৈ উৎসৱমুখৰ পৰিৱেশ এতিয়া ৰাজ্যত ৷

২০২০ চনত JNUত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰসংগ উত্থাপন লোকসভাত

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(Jawaharlal Nehru University)ত ২০২০ চনত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এতিয়াও এজনো লোকক গ্ৰেপ্তাৰ কৰা নাই । বহু লোকক সোধা-পোছা কৰা হৈছে যদিও এজনকো গ্ৰেপ্তাৰ কৰা নাই দিল্লী আৰক্ষীয়ে । মঙলবাৰে লোকসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে(Nityanand Rai) এই কথা সদৰি কৰে ।

CBSE ৰ দশম শ্ৰেণীৰ ফলাফল: ৯৯.০৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ

মঙলবাৰে ঘোষণা কৰা হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(Central Board of Secondary Education)ৰ দশম শ্ৰেণীৰ ফলাফল । মুঠ ৯৯.০৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে চলিত বৰ্ষত । ৫৭,৮২৪ গৰাকী শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰো অধিক নম্বৰ লাভ কৰিছে । বিকল্প মূল্যায়ন পদ্ধতিৰ ভিত্তিত ঘোষণা কৰা হৈছে ফলাফল ।

মানৱীয়তাৰ অন্যতম নিদৰ্শন: মেহবুব মাছলী নামৰ ইছলাম ধৰ্মীয় এগৰাকী লোক

এগৰাকী হিন্দু যুৱকৰ সৈতে কন্যা পূজা ভাদিগেৰীক বিয়া কৰাই দিয়ে ইছলাম ধৰ্মাৱলম্বী মাছলীয়ে । কৰ্ণাটকৰ বিজয়পুৰাত বৈদিক পৰম্পৰা অনুসৰিয়ে হিন্দু যুৱকৰ সৈতে নিজ কন্যাৰ বিয়াৰ এক বিশাল অনুষ্ঠান আয়োজন কৰে মাছলীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.