ETV Bharat / state

মোক জীয়াই থাকিবলৈ দিয়ক: ৰঞ্জন চুতীয়া

author img

By

Published : Aug 1, 2021, 11:36 AM IST

Updated : Aug 3, 2021, 5:42 PM IST

Ranjan Chutia has written a letter to CM Himanta Biswa Sharma
পুনৰ চৰ্চাত ৰঞ্জন চুতীয়া

চিকিৎসালয়ত চকুলো টুকিছে মৰাণৰ বিতৰ্কিত খ্ৰীষ্টধৰ্মৰ প্ৰচাৰক ৰঞ্জন চুতীয়াই ৷ কেমেৰাৰ সন্মুখত চিকিৎসালয়ৰ পৰাই মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰ পাঠ কৰিলে ৰঞ্জন চুতীয়াই ৷

মৰাণ,1 আগষ্ট: পুনৰ চৰ্চালৈ আহিছে ৰঞ্জন চুতীয়া ৷ খ্ৰীষ্টধৰ্মৰ প্ৰচাৰক কেন্দ্ৰ কৰি চৰ্চালৈ আহিছিল ৰঞ্জন চুতীয়া ৷ অভিযোগ অনুসৰি, গুৰুজনাৰ পবিত্ৰ সৃষ্টিৰাজিক অপ-প্ৰচাৰ কৰিছিল ৰঞ্জন চুতীয়াই ৷

শংকৰী সংস্কৃতিক অপ-প্ৰচাৰ কৰা বিষয়ক কেন্দ্ৰ কৰি শংকৰদেৱ সংঘই ৰঞ্জন চুতীয়াৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ মৰাণৰ ৰঞ্জন চুতীয়াক ৷ কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হয় চুতীয়াক ৷

জানিব পৰা মতে, বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড কেয়াৰত চিকিৎসাধীন হৈ আছে ৰঞ্জন চুতীয়া ৷

অভিযোগ অনুসৰি, ডিব্ৰুগড় জিলাৰ মৰাণ ডোমৰ দলঙস্থিত জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনত শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব অৱদান শংকৰী ধৰ্ম-সংস্কৃতিক অপমান আৰু বিকৃত কৰিছিল চুতীয়াই । মৰাণৰ এই প্ৰাৰ্থনা গৃহতে "যীশু আমাৰ গুৰু" শীৰ্ষক গীত গাই গাই গুৰুজনাৰ অপূৰ্ব সৃষ্ট দেৱবাদ্য, তাল, নাগাৰা ব্যৱহাৰ কৰি যীশু আমাৰ গুৰু" শীৰ্ষক নাম পৰিৱেশন কৰে খ্ৰীষ্টধৰ্মৰ লোকসকলে ।

পুনৰ চৰ্চাত ৰঞ্জন চুতীয়া

লগতে পঢ়ক: শংকৰী ধৰ্ম-সংস্কৃতিক বিকৃতকৰণৰ অভিযোগ সত্ৰ মহাসভাৰ

আনকি, অসমীয়া জাতীয় সাজ পৰিধান কৰি পৰুৱেশন কৰা হয় খ্ৰীষ্টান ধৰ্মগুৰু যীশুৰ জয়গান । শ্ৰীমন্ত শংকৰদেৱে ঈশ্বৰ উপাসনাৰ বাবে খোল, তাল, নাগাৰা, শংখ ব্যৱহাৰ কৰি এক শৰণ হৰি নামধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল ৷ কিন্তু ইয়াৰ বিপৰীতে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে যীশুৰ আৰাধনা গীতত এই বাদ্যসমূহ ব্যৱহাৰ কৰাতো সকলোৰে দৃষ্টিগোচৰ হৈছে ।

খ্ৰীষ্টান ধৰ্মৰ এইসকল লোকে গুৰুজনাৰ সংস্কৃতি অনুকৰণ কৰি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰত নামি পৰিছে বুলিও একাংশ লোকে অভিযোগ কৰিছে । যাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ বিভিন্ন প্ৰান্তত চুতীয়াৰ বিৰুদ্ধে গোচৰো ৰুজু হৈছিল ৷ আনকি সংবাদমাধ্যমতো সম্প্ৰচাৰ হৈছিল এই বাতৰি ৷

যাৰ ফলত এতিয়া মানসিক ভাৱে ভাগি পৰিছে ৰঞ্জন চুতীয়া ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰঞ্জন চুতীয়াই চিকিৎসালয়ৰ পৰাই এক ভিডিঅ'ৰ জৰিয়তে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ উল্লেখ কৰা অনুসৰি, তেওঁ এই ধৰ্ম প্ৰচাৰ কৰা নাই । এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীলৈ এখনি পত্ৰও প্ৰেৰণ কৰিছে ৷ য’ত তেওঁ সমস্ত কথাই বিৱৰি বৰ্ণনা কৰিছে ৷

লগতে পঢ়ক: গুৰুজনাৰ অপমান মানি লোৱা নহ'ব : কমলাকান্ত গগৈ

Last Updated :Aug 3, 2021, 5:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.