ETV Bharat / city

গুৰুজনাৰ অপমান মানি লোৱা নহ'ব : কমলাকান্ত গগৈ

author img

By

Published : Jul 26, 2021, 5:09 PM IST

মৰাণৰ জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনত শংকৰী ধৰ্ম-সংস্কৃতিক অপমান আৰু বিকৃত কৰাৰ অভিযোগ ৷ গুৰুজনাৰ সৃষ্টি দেৱবাদ্য খোল, তাল, নাগাৰা, শংখ বজাই একাংশ লোকে যীশুৰ আৰাধনা কৰাৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷

Sri Manta Sankardeva sangha reacts on Moran issue
গুৰুজনাক অপমান কৰাটো কোনোকাৰণতে মানি লোৱা নহ'ব : কমলাকান্ত গগৈ

মৰাণ, 26 জুলাই : পুনৰ গুৰুজনাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ডিব্ৰুগড় জিলাৰ মৰাণ ডোমৰদলঙস্থিত জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনত শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব অৱদান শংকৰী ধৰ্ম-সংস্কৃতিক অপমান আৰু বিকৃত কৰাৰ অভিযোগ উত্থাপিত হৈছে । মৰাণৰ এই প্ৰাৰ্থনা গৃহতে "যীশু আমাৰ গুৰু" শীৰ্ষক গীত গাই গাই গুৰুজনাৰ অপূৰ্ব সৃষ্ট দেৱবাদ্য, তাল, নাগাৰা ব্যৱহাৰ কৰি যীশু আমাৰ গুৰু" শীৰ্ষক নাম পৰিৱেশন কৰে খ্ৰীষ্টধৰ্মৰ লোকসকলে ।

অকল সেয়াই নহয়, অসমীয়া জাতীয় সাজ পৰিধান কৰি গাইছে খ্ৰীষ্টান ধৰ্মগুৰু যীশুৰ জয়গান । গুৰুজনাই ঈশ্বৰ উপাসনাৰ বাবে নিজা সৃষ্ট দেৱবাদ্য খোল, তাল, নাগাৰা, শংখ ব্যৱহাৰ কৰি এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল ৷ কিন্তু ইয়াৰ বিপৰীতে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে যীশুৰ আৰাধনা গীতত এই বাদ্যসমূহ ব্যৱহাৰ কৰাতো সকলোৰে দৃষ্টিগোচৰ হৈছে । খ্ৰীষ্টান ধৰ্মৰ এইসকল লোকে গুৰুজনাৰ সংস্কৃতি অনুকৰণ কৰি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰত নামি পৰিছে বুলিও একাংশ লোকে অভিযোগ কৰিছে ।

গুৰুজনাক অপমান কৰাটো কোনোকাৰণতে মানি লোৱা নহ'ব : কমলাকান্ত গগৈ

লগতে পঢ়ক- অস্তিত্বৰ সংকটত আহোম যুগৰ বৰ মেছলৌ-সৰু মেছলৌ

অসমীয়া জাতিৰ জনক, জগতগুৰু শংকৰদেৱৰ সৃষ্টি ৰাজি ব্যৱহাৰৰ লগতে গুৰুজনাৰ সৃষ্টি ৰাজিক বিকৃত ৰূপত তুলি যীশুৰ নাম বুলি গোৱাতো দুৰ্ভাগ্যজনক আখ্যা অসমৰ সৰ্ববৃহৎ ধৰ্মীয় সাহিত্য-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৷

গুৰুজনাৰ পবিত্ৰ সৃষ্টি ৰাজি ব্যৱহাৰ কৰি একাংশ খ্ৰীষ্টান ধৰ্মৰ লোকে ধৰ্ম প্ৰচাৰ চলাবলৈ যোৱা বিষয়টোৱে গুৰুজনাক অপমান কৰাৰ লগতে অসমীয়া জাতীয় জীৱনক চৰম অপমান কৰা বুলি ইতিমধ্যে বহুলোকে মত প্ৰকাশ কৰিছে । এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ গৰিহণা দিযে শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ।

এইক্ষেত্ৰত অসমৰ সকলো দল-সংগঠনকে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে শংকৰদেৱ সংঘৰ পদাধিকাৰগৰাকীয়ে । এইক্ষেত্ৰত যদি মাত নামাতে, তেতিয়াহ’লে গুৰুজনাক চৰম অপমান কৰাৰ লগতে অসমীয়া জাতিটোৰ প্ৰতিও ভাবুকি আহিব বুলি মন্তব্য কৰে ৷ শীঘ্ৰেই এনে অপমান বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে এনেধৰণৰ কাম যাতে কোনো কাৰণতে সংঘটিত নহয় তাৰ প্ৰতি সকীয়াই দিয়ে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷ ইয়াৰ বিৰুদ্ধে চৰকাৰকো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৈ কমলাকান্ত গগৈয়ে ৷

লগতে পঢ়ক- আত্মগোপনৰ শেষত আৰক্ষীৰ জালত পৰিল বাবু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.