ETV Bharat / state

আত্মগোপনৰ শেষত আৰক্ষীৰ জালত পৰিল বাবু

author img

By

Published : Jul 26, 2021, 10:20 AM IST

দেওবাৰে সোণাৰি আৰক্ষীৰ জালত পৰিল কুখ্যাৎ ড্ৰাগছ সৰবৰাহকাৰী(Drugs peddler) শুভ্ৰজিৎ দেৱ ওৰফে বাবু দেৱ ৷ দীৰ্ঘ সময় আত্মগোপন কৰি থকা বাবুৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাই বিশেষ অভিযান ৷

after-a-long-hide-and-seek-infamous-drugs-peddler-subhrajit-aka-babu-is-under-arrest
আত্মগোপনৰ শেষত আৰক্ষীৰ জালত পৰিল বাবু

মৰাণ, 26 জুলাই : অসম আৰক্ষীৰ এক চাঞ্চল্যকৰ অভিযান ৷ ভৰা নদীত খেদি খেদি আৰক্ষীয়ে আটক কৰিলে এজন কুখ্যাৎ ড্ৰাগছ সৰবৰাহকাৰীক ৷ অৱশেষত চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী(Drugs peddler) শুভ্ৰজিৎ দেৱ ওৰফে বাবু দেৱ ৷

দেওবাৰে সোণাৰি আৰক্ষীৰ এক বিশেষ অভিযানত এইদৰে জালত পৰিল কুখ্যাৎ অপৰাধী জন ৷ ড্ৰাগছৰ লগতে ভাং সৰবৰাহৰ সৈতে জড়িত সোণাৰিৰ তিনি নং ৱাৰ্ডৰ নিবাসী বাবু দেৱ দীৰ্ঘদিন ধৰি আৰক্ষীৰ লক্ষ্য হৈ আছিল ৷ কিন্তু আৰক্ষীৰ চক্ষুৰ পৰা পলাই ফুৰিছিল বাবু দেৱে ৷

লগতে পঢ়ক : নিচাসক্ত পুত্ৰই আক্ৰমণ চলালে পিতৃ-মাতৃক

কিছুদিন পূৰ্বে শিমলুগুৰি ৰেল ষ্টেচনত আটক কৰা দুটা ড্ৰাগছ সৰবৰাহকাৰীয়ে জেৰাত এই ব্যৱসায়ৰ সৈতে জড়িত বাবু দেৱৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল ৷ নিজৰ দুই সহযোগী আৰক্ষীৰ জালত পৰাৰ লগে লগে সতৰ্ক হৈছিল বাবু ৷ আৰক্ষীৰ জালত পৰা নিজৰেই সহযোগীয়ে যে তেওঁৰ নাম আৰক্ষীৰ আগত প্ৰকাশ কৰিব সেই কথাৰ যেন উমান পাইছিল বাবু দেবে ৷

আত্মগোপনৰ শেষত আৰক্ষীৰ জালত পৰিল বাবু

যিকোনো সময়তে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনীয়তা দেখি আত্মগোপন কৰা আৰম্ভ কৰি দিছিল শুভ্ৰজিৎ ওৰফে বাবুৱে ৷ অৱশ্যে, দুই সহযোগীৰ পৰা স্বীকাৰোক্তি লাভ কৰাৰ পিছতেই অসম আৰক্ষীয়েও আৰম্ভ কৰি দিছিল কুখ্যাৎ ড্ৰাগছ সৰবৰাহকাৰীজনৰ সন্ধান ৷ পিছে, আত্মগোপন কৰি থকা অৱস্থাত ড্ৰাগছ ব্যৱসায়ৰ সৈতে দীৰ্ঘ সময় ধৰি জড়িত অপৰাধী জনৰ সন্ধান উলিওৱা সহজ কথা নাছিল আৰক্ষীৰ বাবে ৷

লগতে পঢ়ক : এটি ম’বাইল ফোনৰ বাবেই অপদস্থ কিশোৰী

অৱশেষত হাতত আহি পৰা এক বিশেষ খবৰৰ ভিত্তিত দেওবাৰে সোণাৰি আৰক্ষীয়ে বাবুৰ বিৰুদ্ধে এক অভিযান চলায় ৷ লক্ষ্যণীয়ভাৱে আৰক্ষীৰ এই অভিযানৰো খবৰ লাভ কৰিছিল কুখ্যাৎ অপৰাধীজনে ৷ আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰি তেওঁ সোণাৰিৰ টাওকাক নৈ পাৰ হৈ পলায়ন কৰিবলৈ চেষ্টা চলায়, পিছে সুযোগৰ সু-ব্যৱহাৰ কৰি বাবুক খেদি খেদি ধৰিবলৈ সক্ষম হয় আৰক্ষী৷ সম্প্ৰতি সোণাৰি আৰক্ষীৰ তত্বাৱধানত থকা অপৰাধী জনক আৰক্ষীয়ে জেৰা চলাই থকাৰ কথা জানিব পৰা গৈছে ৷

লগতে পঢ়ক : মহিলাৰ নেতৃত্বতেই ৰাজ্যত সক্ৰিয় হৈছে নাৰী দেহ ব্যৱসায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.