ETV Bharat / state

নিচাসক্ত পুত্ৰই আক্ৰমণ চলালে পিতৃ-মাতৃক

author img

By

Published : Jul 26, 2021, 10:07 AM IST

অভয়াপুৰীৰ দেওহাটীৰ দত্তপাৰাত শনিবাৰে নিশা এজন যুৱকে নিচাজাতীয় সামগ্ৰী সেৱন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে ৷ ঘটনা অনুসৰি ২৫ বছৰীয়া চন্দন ৰায় নামৰ যুৱক জনে হাতত দা আৰু মাছ মৰা জোং লৈ হঠাৎ উন্মাদ হৈ পৰে ।

গাঞ্জা খাই নিচাসক্তহৈ নিজ পিতৃ-মাতৃকে আক্ৰমণ কৰিলে পুত্ৰই
গাঞ্জা খাই নিচাসক্তহৈ নিজ পিতৃ-মাতৃকে আক্ৰমণ কৰিলে পুত্ৰই

অভয়াপুৰী, 25 জুলাই : ৰাজ্যত যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (HIMNTA BISWA SARMA) ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন নিষিদ্ধ কৰিবৰ বাবে আৰক্ষী- প্ৰশাসনক (POLICE AND ADMINISTRATIONS) কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ তেনে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কোটি কোটি টকাৰ নিচাজাতীয় সমাগ্ৰী উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈ পৰিছে আৰক্ষী ৷

এই নিচাজাতীয় সামগ্ৰীয়ে অমানিশা নমাই আনিছে বহু পৰিয়াললৈ ৷ ড্ৰাগছে অকলতে ধ্বংসৰ মুখলৈ ঠেলি দিছে অলেখ উঠি অহা প্ৰজন্মক ৷ এই নিচাৰ বাবেই বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দেওহাটীৰ দত্তপাৰাত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷

লগতে পঢ়ক : মোৰ কন্যা সন্তানটিক কুকুৰক খাবলৈ দলিয়াই দিছিল স্বামীয়ে !

শনিবাৰে নিশা এজন যুৱকে নিচাজাতীয় সামগ্ৰী সেৱন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে অঞ্চলটোত ৷ ২৫ বছৰীয়া চন্দন ৰায় নামৰ যুৱকজনে হাতত দা আৰু মাছ মৰা জোং লৈ হঠাৎ উন্মাদ আচৰণ কৰে ।

তাৰপাছতে নিজ বাসগৃহত মাতৃক মাৰ ধৰ কৰি গাওঁবাসীক আক্ৰমণ কৰিবলৈ ওলাই আহে উদণ্ড যুৱকজন । যুৱকজনৰ উন্মাদ ৰূপ দেখি উপায়ন্তৰ হৈ পৰিয়াল তথা গাওঁবাসীয়ে আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পাইয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷

লগতে পঢ়ক : হোজাইত গাঞ্জাসহ আটক সৰবৰাহকাৰী

আৰক্ষীয়েও উন্মাদ যুৱকজনক বুজনি দিবলৈ ধৰে যদিও শান্ত কৰিব নোৱাৰিলে । বৰং আৰক্ষীৰ ওপৰতহে আক্ৰমণাত্মক হৈ পৰে যুৱক জন ৷ যাৰফলত বিবুধিত পৰে আৰক্ষী ৷

গাঞ্জা খাই নিচাসক্তহৈ নিজ পিতৃ-মাতৃকে আক্ৰমণ কৰিলে পুত্ৰই

কিন্তু অভয়াপুৰী আৰক্ষী (abhayapuri police stations) চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিখিল ৰাজখোৱাই কৌশলেৰে যুৱক জনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও যুৱক জনৰ আক্ৰমণত আহত হয় আৰক্ষী বিষয়া গৰাকী ৷ এই ঘটনাটো সংঘটিত হোৱাৰ মূলতে হৈছে নিচাজাতীয় দ্ৰব্য ৷

লগতে পঢ়ক : গোলাঘাট আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

উল্লেখযোগ্য যে, উন্মাদ যুৱক জনে বহু দিনৰ পৰাই গাঞ্জা সেৱন কৰি আহিছিল ৷ প্ৰত্যেক দিনৰ দৰে শনিবাৰে নিশাও গাঞ্জা সেৱন কৰি যুবকে জনে এই অনাকাংক্ষিত কাণ্ড সংঘটিত কৰে বুলি সদৰি কৰিছে আৰক্ষীয়ে ৷ সেয়া যিয়ে নহওক কিয় শনিবাৰে নিশা এক পাঁচ ঘন্টা সময় জুৰি এক শ্বাসৰুদ্ধকৰ পৰিৱেশ সৃষ্টি কৰি চন্দন ৰায় নামৰ যুৱকেজনে গাঁওবাসীক আতংকিত কৰি ৰাখিছিল ৷

লগতে পঢ়ক : বাইহাটাত ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.