ETV Bharat / state

বাইহাটাত ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Jul 25, 2021, 8:34 PM IST

ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি বাইহাটাত উত্তপ্ত পৰিস্থিতি ৷ আত্মীয়ৰ দাবী ন-বোৱাৰীক হত্যা কৰিছে স্বামীয়ে ৷ ঘটনা সন্দৰ্ভত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে বাইহাটা চাৰিআলিৰ কমলপুৰত ৷

Suspected Murder case
বাইহাটাত ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যু

বাইহাটা, 25 জুলাই : শনিবাৰে নিশা বাইহাটা চাৰিআলিৰ কমলপুৰত সংঘটিত হৈছে এক অঘটন ৷ ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি কমলপুৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ আত্মীয়ৰ দাবী ন-বোৱাৰীক হত্যা কৰিছে পৰিয়ালৰ লোকে ৷

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোণেশ্বৰৰ বসন্ত দাস নামৰ লোকজন প্ৰায় পাঁচ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ইমা দাসৰ সৈতে ৷ কিন্তু হঠাৎ মহিলাগৰাকীক শনিবাৰে নিশা স্বাস্থ্যজনিত কাৰণত স্বামীৰ পৰিয়ালে ভৰ্তি কৰে বাইহাটাস্থিত গেইট হাস্পতালত ৷ ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত ইমা দাসৰ পিতৃ পৰিয়ালক খবৰ দিয়া হয় ৷

বাইহাটাত ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যু

প্ৰথমাৱস্থাত স্বামীয়ে স্বাস্থ্যজনিত কিছু সমস্যাৰ বাবে ইমাক হাস্পতালত ভৰ্তি কৰোৱা বুলি অৱগত কৰে ৷ পৰৱৰ্তী সময়ত ইমাৰ মৃতদেহ প্ৰত্যক্ষ কৰি পিতৃ পৰিয়ালে এয়া পৰিকল্পিত হত্যা বুলি অভিযোগ উত্থাপন কৰে ৷ কিয়নো মহিলাগৰাকীৰ মৃত্যু ঘটা সম্পৰ্কে পিতৃ পৰিয়ালক কোনো কথা অৱগত কৰা হোৱা নাছিল ৷

নিশা ন-বোৱাৰীগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পাৰি সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় ৷ আনকি চিকিৎসালয়খনৰ সন্মুখত ইমাৰ পিতৃগৃহৰ লোকসকল সমবেত হৈ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে ৷ লগতে ইমাৰ স্বামী বসন্ত দাসৰ বিৰুদ্ধে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ তোলে ৷

Suspected Murder case
স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় কমলপুৰ আৰক্ষী ৷ আৰক্ষীৰ সন্মুখতে বোৱাৰীগৰাকীৰ স্বামীক লপা-থপা দিয়ে ইমাৰ পিতৃ পৰিয়ালৰ লোকে । জানিব পৰা মতে, দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত চাৰি-পাঁচ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল শিংৰা গাঁৱৰ যুৱতী ইমা দাস আৰু সোণেশ্বৰ গাঁৱৰ যুৱক বসন্ত দাস ।

কৰ্মসূত্ৰে বসন্ত CRPF ৰ জোৱান হোৱাৰ বিপৰীতে ইমা আছিল বঙাইগাঁও চিভিল হাস্পতালৰ GNM নাৰ্চ ৷ ডিঙি চেপি স্বামীয়ে ইমাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে কমলপুৰ আৰক্ষীয়ে ইমাৰ স্বামী বসন্ত দাসক বাইহাটাস্থিত গেইট হাস্পতালৰ পৰা আটক কৰিছে ৷ এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: ডকাইতক লগত লৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে পিষ্টল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.