ডকাইতক লগত লৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে পিষ্টল

author img

By

Published : Jul 25, 2021, 2:04 PM IST

pistol-recovered-from-musalpur-of-baksa-by-assam-police

ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ লগতে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা ৰোধৰ বাবে ব্যাপক অভিযান ৷ কিন্তু ইয়াৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে কেতবোৰ অপৰাধজনিত ঘটনা ৷

বাক্সা,24 জুলাই : অপৰাধজনিত ঘটনা নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত আৰক্ষী প্ৰশাসন সষ্টম হৈ উঠাৰ সমান্তৰালভাৱে প্ৰতি দিনে পোহৰলৈ আহিছে কিছু অপৰাধজনিত কাণ্ড ৷ ক'ৰবাত যদি অবৈধ ড্ৰাগছৰ বেহা ক'ৰবাত আকৌ উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ ৷ ইয়াৰ মাজতে ডকাইতৰ ৰম্যভূমিত পৰিণত হৈছে বাক্সাৰ মুছলপুৰ । ধৃত দুধৰ্ষ ডকাইত হীৰক ডেকাৰ স্বীকাৰোক্তিৰ ভিত্তিত মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে পিষ্টলসহ সজীৱ গুলী ।

বাক্সাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰি পথাৰ গাঁৱৰ দুৰ্গম অঞ্চলত মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে এটা পিষ্টলসহ গুলী আৰু মেগজিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিছুদিন পূৰ্বে বেলগুৰি পথাৰ গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা ডকাইত হীৰকজ্যোতি ডেকাৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁলোকৰ ঘৰৰ পিছফালৰ দুৰ্গম অঞ্চলত মাটিত পুতি থোৱা অৱস্থাত মুছলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে এটা 0.22 পিষ্টল, দুই জাঁই সজীৱ গুলী আৰু এটা মেগজিন ৷ বাক্সা জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতা আৰু মুছলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেণ সোণোৱালৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে ধৃত ডকাইত হীৰকক লগত লৈ অবৈধ পিষ্টলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

ডকাইতক লগত লৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে পিষ্টল

উল্লেখ্য যে তিনি চাৰি বছৰ ধৰি মুছলপুৰ আৰু বৰমা অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা 6 টা ডকাইতক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল । কিন্তু শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা হীৰক ডেকাক নলবাৰী কাৰাগাৰৰ পৰা আৰক্ষীয়ে পুনৰ জিম্মাত আনি জেৰা কৰাত হীৰক ডেকাই পিষ্টলটো মাটিত পুতি থোৱা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ।

লক্ষণীয় ভাৱে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতেই অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষী (ASSAM POLICE)য়ে ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে ৰাজ্যত কোটি কোটি টকাৰ ড্ৰাগছ (Drugs Seized) জব্দ কৰাৰ লগতে আটক হৈছে বহু ড্ৰাগছ মাফিয়া ৷ বহু সময়ত অপৰাধীলৈ গুলী কৰিব লগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে ৰাজ্যখনত ৷

লগতে পঢ়কঃ আজিও ম্যানমাৰতে আৱদ্ধ NDFBৰ সদস্য এলচন বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.