ETV Bharat / state

আজিও ম্যানমাৰতে আৱদ্ধ NDFBৰ সদস্য এলচন বসুমতাৰী

author img

By

Published : Jul 24, 2021, 6:16 PM IST

বিটিআৰ শান্তি চুক্তিৰ(BTR ACCORD) জৰিয়তে এনডিএফবি(NDFB)ৰ প্ৰায় সকলো সদস্য ঘূৰি আহিলেও এতিয়াও ম্যানমাৰতে আৱদ্ধ হৈ আছে চিৰাঙৰ এলচন বসুমতাৰী নামৰ এনডিএফবিৰ সদস্যজন । শ্ৰমিক পিতৃ-মাতৃৰ চৰকাৰলৈ আহ্বান তেওঁলোকৰ সন্তানক ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে ৷

chirang-ex-ndfb-cadre-in-myanmer
আজিও ম্যানমাৰতে আৱদ্ধ NDFB ৰ সদস্য এলচন বসুমতাৰী

চিৰাং, 24 জুলাই : বিটিআৰ শান্তি চুক্তিৰ জৰিয়তে এনডিএফবিৰ(NDFB) সকলো সদস্য ওভতি আহিছে ঘৰলৈ । এনডিএফবিৰ একালৰ নেতাসকল এতিয়া ৰাজনৈতিক নেতা হ‘ল । তাৰ মাজতে কিন্তু আজিও ঘৰলৈ ওভতি নাহিল চিৰাঙৰ লাইমুতি গাঁৱৰ এলচন বসুমতাৰী নামৰ এনডিএফবিৰ সদস্যজন । আজিও ম্যানমাৰতে আৱদ্ধ হৈ আছে এনডিএফবি সদস্যজন ।

আজিও ম্যানমাৰতে আৱদ্ধ NDFB ৰ সদস্য এলচন বসুমতাৰী

এলচনৰ অতিকে দৰিদ্ৰ পিতৃ-মাতৃ দুয়োজনেই শ্ৰমিক হিচাপে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে । এলচন বসুমতাৰীৰ পিতৃ বিপিন বসুমতাৰীয়ে জনায় যে, ২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে তেওঁৰ লৰা এলচন বসুমতাৰীয়ে এনডিএফবিত যোগদান কৰিছিল আৰু ম্যানমাৰত প্ৰশিক্ষণ ল'বলৈ গৈছিল ৷ তাৰ পাচতে ২০২০ চনৰ ২৭ জানুৱাৰীত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, বিটিএডিৰ দল সংগঠন আৰু উগ্ৰপন্থী সংগঠনসকলৰ লগত বিটিআৰ চুক্তি হয় ৷ তেতিয়াই সকলো এনডিএফবি সদস্য ঘৰলৈ ওভতি আহিছিল যদিও আজিলৈকে ঘৰলৈ ওভতি নাহিল এলচন বসুমতাৰী ।

উল্লেখযোগ্য যে, এনডিএফবিৰ সভাপতি বি ছাউৰাইগ্ৰা আৰু সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা দুয়োজনেই বৰ্তমান ৰাজনৈতিক নেতা যদিও তেওঁলোকৰ আহ্বানত এনডিএফবিত যোগদান কৰা এলচন বসুমতাৰীক ঘৰলৈ ওভোতাই অনাৰ বাবে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ এলচন বসুমতাৰীৰ পিতৃ-মাতৃয়ে পুত্ৰক ঘৰলৈ ওভতাই আনিবলৈ সেই সময়ৰ উগ্ৰপন্থী নেতা আৰু বৰ্তমানৰ ৰাজনৈতিক নেতা সকলৰ ওচৰলৈ আহ-যাহ কৰি ভাগৰি পৰিছে । উপায়ন্তৰ হৈ এতিয়া পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তথা বিটিআৰ প্ৰশাসনলৈ আহ্বান জনায় কয় যে, "সকলোৰে ঘৰলৈ শান্তি আহিলেও আমাৰ ঘৰলৈ শান্তি অহা নাই । মোৰ ল’ৰা এলচন বসুমতাৰী এনডিএফবিৰ যোগদান কৰি আজিও ম্যানমাৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে । গতিকে চৰকাৰে অতি শীঘ্ৰে মোৰ ল’ৰাক ঘৰলৈ ওভোতাই আনি সকলোৰে লগত মোৰ ঘৰতো শান্তি প্ৰতিষ্ঠা কৰি দিয়ক ।"

একেদৰে মাতৃ ছলোনি বসুনতাৰীয়েও নিজ পুত্ৰক ঘৰলৈ ওভতাই আনিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ এনডিএফবি(NDFB)ৰ চাৰিওটা গোটৰে বিটিআৰ চুক্তি কৰি বিটিচিৰ শাসনভাৰ সলনি হ’ল ৷ কিন্তু, এই সাধাৰণ পৰিয়ালটিৰ কোনো পৰিৱৰ্তন নহ’ল । (NDFB)ৰ নেতৃত্বৰ আহ্বানত এনডিএফবিত যোগদান কৰি বিপদত এতিয়া এলচন বসুমতাৰী ।

নেতৃত্বই পিঠি দিয়াৰ বাবেই ম্যানমাৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে এলচন বসুমতাৰী । ইপিনে নতুনকৈ গঠিত এনএলএফবিৰ (NLFB) নেতৃত্বও চৰকাৰৰ তৎপৰতাত মূল সুঁতিলৈ ঘুৰি আহিল ৷ কিন্তু, এই দৰিদ্ৰ পৰিয়ালৰ সন্তান এলচন বসুমতাৰীক ঘূৰাই অনাৰ বাবে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ।

লগতে পঢ়কঃ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে চৰকাৰ : শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.