ETV Bharat / state

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে চৰকাৰ : শংকৰজ্যোতি বৰুৱা

author img

By

Published : Jul 24, 2021, 1:17 PM IST

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান(Dihing patkai national park)ক ৰাজ্যৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছতেই বন মাফিয়াৰ দ্বাৰা বন ধ্বংস চলি থকা অৱস্থাত বনকৰ্মীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত এটা হাতীৰ মৃত্যু হয় ৷ এই ঘটনাৰ পিছত শুকুৰবাৰে সদৌ অসম ছাত্র সন্থা(All Assam Students' Union)ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা নেতৃত্বত এটা আছুৰ সঁজাতি দলে ঘটনাস্থলী পৰিদৰ্শন কৰে । ঘটনাস্থলীত উপস্থিত হৈ চৰকাৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

aasu genral secretary sankorjyoti baruah on security of Dihing Patkai National Park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে চৰকাৰ - শংকৰজ্যোতি বৰুৱা

মৰাণ, 24 জুলাই : চৰকাৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান(Dihing patkai national park) ৰাজ্যৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ৷ কিন্তু ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হোৱাৰ পিছতো এতিয়া সুৰক্ষাহীন অৱস্থাত আছে দিহিং পাটকাই ৷ শেহতীয়াকৈ বন মাফিয়াৰ দ্বাৰা বন ধ্বংস চলি থকা অৱস্থাত বনকৰ্মীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত এটা হাতীৰ মৃত্যুৰ হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷

এই ঘটনাৰ লগে লগে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে দল-সংগঠন তথা সচেতন মহলৰ মাজত । শুকুৰবাৰে সদৌ অসম ছাত্র সন্থা(All Assam Students' Union) ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা নেতৃত্বত এটা আছুৰ সঁজাতি দলে ঘটনাস্থলী পৰিদৰ্শন কৰে । আছুৰ সাধাৰণ সম্পাদক গৰাকীৰ সৈতে যোৱা সঁজাতি দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰি এনে ঘটনা ৰোধ কৰিবৰ বাবে বনবিভাগ তথা চৰকাৰে বনকৰ্মীসকলক অত্যাধুনিক অস্ত্ৰৰে সু-সজ্জিত কৰি যি কোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে চৰকাৰ - শংকৰজ্যোতি বৰুৱা

ইফালে, দিহিং পাটকাই অসম-অৰুণাচল সীমান্তৰ শুকানজুৰি খণ্ড কাৰ্যালয়ৰ খোৱাপানী বিজুলীৰ অভাৱত থকা বনকৰ্মী সকলৰ এনে পুতৌ লগা অৱস্থা প্ৰত্যক্ষ কৰি আছুৰ সম্পাদক গৰাকীয়ে আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ।

ইয়াৰ লগতে, ছাত্ৰ নেতাগৰাকীয়ে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা দিয়াত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে । লগতে বন ধ্বংস ৰোধ কৰিবলৈ বিভাগীয় মন্ত্ৰী আমোলাক কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ দিহিং পাটকাইক সুৰক্ষা দিব নোৱাৰিলে কম দিনৰ ভিতৰতে ইয়াৰ ৰাষ্ট্ৰীয় উদ্যানৰ যি বৈশিষ্ট্য সেয়া হেৰাই যাব বুলিও শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰে ।

লগতে পঢ়ক : সীমান্ত বিবাদ সমাধানৰ উদ্দেশ্যে অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.