ETV Bharat / bharat

শীঘ্ৰে সীমান্তৰ বিবদমান এলেকা পৰিদৰ্শন কৰিব অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jul 24, 2021, 10:28 AM IST

Updated : Jul 24, 2021, 12:29 PM IST

Assam Meghalaya border row
সীমান্ত বিবাদ সমাধানৰ উদ্দেশ্যে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক

দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সন্ধিয়া মেঘালয়ৰ ৰাজধানী শ্বিলঙত মিলিত হৈ আন্তঃৰাজ্যিক সীমান্ত সমস্যাৰ বিষয়ে আলোচনা কৰে । শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দুয়োখন ৰাজ্যৰ বিবদমান অঞ্চলসমূহত যুটীয়া পৰিভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ।

নিউজ ডেস্ক, ২৪ জুলাই : শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দুয়োখন ৰাজ্যৰ বিতৰ্কিত অঞ্চলসমূহত যুটীয়া পৰিভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ সীমা বিবাদ (border dispute) দীৰ্ঘদিনীয়া এক সমস্যা । কিন্তু শেহতীয়াকৈ এই সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিছে । ইফালে অসম আৰু মেঘালয়ৰ সীমান্ত সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সন্ধিয়া মেঘালয়ৰ ৰাজধানী শ্বিলঙত মিলিত হৈ আন্তঃৰাজ্যিক সীমান্ত সমস্যাৰ বিষয়ে আলোচনা কৰে । বৈঠকত দুয়োখন চৰকাৰৰ মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । আলোচনাৰ সময়ত বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

দুয়োখন চৰকাৰে বিতং আলোচনাৰ অন্তত এক ব্যৱহাৰিক দৃষ্টিভংগীৰে সমস্যা সমাধান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে । দুয়োখন ৰাজ্যৰে বিতৰ্কিত ১২ টা স্থানৰ বিষয়ে আলোচনা কৰিবলৈ আৰু দাবীবোৰ পুনৰীক্ষণ কৰিবলৈ সন্মতি দিয়া হৈছে । মেঘালয়ে ৰাজ্যখনৰ ১২ টা বিতৰ্কিত স্থানৰ কথা উল্লেখ কৰি নিজ ৰাজ্যৰ অন্তৰ্ভূক্ত বুলি দাবী কৰিছে ।

অসম চৰকাৰেও সেই ঠাইবোৰ অসমৰ বুলি নথিপত্ৰৰ দ্বাৰা প্ৰমাণ কৰাৰ চেষ্টা কৰে । শ্বিলঙৰ এই বৈঠকৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই ৬ আগষ্টত মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাক গুৱাহাটীলৈ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে । পিছত সংবাদ মাধ্যমৰ আগত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এয়া অতি ফলপ্ৰসূ আলোচনা আছিল । দুয়োখন ৰাজ্যই এক উমৈহতীয়া বুজাবুজিলৈ আহি সীমান্ত বিবাদ সমাধান কৰিবলৈ দৃঢ় আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰে ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই কয় যে, বিৰোধীৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি অধিক আলোচনা আৰু পৰ্যালোচনা কৰা হ'ব, যাতে এক স্থায়ী সমাধানত উপনীত হ'ব পৰা যায় । সীমান্ত বিবাদৰ ওপৰত আলোচনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছা প্ৰকাশ কৰি শ্বিলং ভ্ৰমণ কৰাৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই অসমৰ মুখ্যমন্ত্ৰী শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে যিহেতু এইটো এটা দীৰ্ঘদিনীয়া অমীমাংসিত সমস্যা, সেয়েহে দুয়োখন ৰাজ্যৰ বাবে এক সৌহাৰ্দপূৰ্ণ আৰু স্বীকৃত সমাধানৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব ।

লগতে পঢ়ক : গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বৈঠকত মিলিত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়

Last Updated :Jul 24, 2021, 12:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.