ETV Bharat / state

গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বৈঠকত মিলিত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়

author img

By

Published : Jul 23, 2021, 6:12 PM IST

Updated : Jul 23, 2021, 6:49 PM IST

himanta biswa sarma meeting with conrad sangma
মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্ৰী কনৰাড চাংমা (Conrad Sangma)ৰ সৈতে এক গুৰুত্বপূ্ৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ৷ দুয়োখন ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভত বিতং আলোচনা কৰে মুখ্যমন্ত্ৰীদ্বয়ে ৷ শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে শ্বিলং আৰু অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah) ৷ শ্বিলঙত এক বৈঠকত উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত চলি থকা সীমা সমস্যা (Border Dispute) সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব গৃহমন্ত্ৰীগৰাকীয়ে ৷

গুৱাহাটী, 23 জুলাই : শুকুৰবাৰে সন্ধিয়া ভাগত শ্বিলঙত উপস্থিত হৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা (Conrad Sangma)ৰ সৈতে এক গুৰুত্বপূ্ৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ৷ দুয়োখন চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ এই বৈঠক লক্ষ্যণীয় বুলি বিবেচিত হৈছে । কিয়নো বৈঠকত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে মুখ্যমন্ত্ৰীদ্বয়ে ৷

আনহাতে, শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে শ্বিলঙত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) । শ্বিলঙত উপস্থিত হৈয়েই সন্ধিয়া ভাগত উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত ভাগ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । এই বৈঠকৰ মূল বিষয়বস্তু হ’ব- উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত চলি থকা সীমা সমস্যা (Border Dispute) । ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা পোৱা আগতীয়া নিৰ্দেশমৰ্মে উত্তৰ-পূৱৰ সকলো ৰাজ্যই কাৰ কিমান পৰিমাণৰ ভূমি কোনখন চুবুৰীয়া ৰাজ্যই বেদখল কৰি ৰাখিছে, সেই বিষয়ে একোখনকৈ প্ৰতিবেদন প্ৰস্তুত কৰিছে ।

উক্ত বৈঠকতে প্ৰতিবেদনসমূহ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত জমা দিব মুখ্যমন্ত্ৰীসকলে । বৈঠকত আভ্যন্তৰীণ নিৰাপত্তা সন্দৰ্ভতো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । এনে এক বৈঠকৰ প্ৰাকক্ষণত অসম আৰু মেঘালয়ৰ সীমা সমস্যাৰ ক্ষেত্ৰত ইতিবাচক সিদ্ধান্ত হোৱাৰ আশা আছে বুলি এক সূত্ৰই জানিবলৈ দিয়ে ৷

ইয়াৰোপৰি, উত্তৰ-পূৱ পৰিষদৰ এক অনুষ্ঠানতো ভাগ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে । শ্বিলঙৰ কাৰ্যসূচী সামৰি তেওঁ দেওবাৰে বিয়লি ভাগত গুৱাহাটীত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীত উপস্থিত হৈ গৃহমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত ভাগ ল’ব আৰু কলাক্ষেত্ৰৰ পৰাই ভাৰ্চুৱেলযোগে নিৰ্মাণ হ’বলগীয়া তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Tamulpur Medical College Hospital)ৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰী শ্বাহে ।

এই অনুষ্ঠানতে তেওঁ ক’ভিড(Covid)ত প্ৰাণ হেৰুওৱা একাংশৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য আগবঢ়াব । কলাক্ষেত্ৰৰ উপৰিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)তো এক অনুষ্ঠানত ভাগ লৈ দিল্লীলৈ উৰা মাৰিব গৃহমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : ওদালগুৰিক লৈ বিজেপিৰ নতুন সমীকৰণ : গেৰুৱা হ’ব ৰিহণ দৈমাৰী

Last Updated :Jul 23, 2021, 6:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.