ওদালগুৰিক লৈ বিজেপিৰ নতুন সমীকৰণ : গেৰুৱা হ’ব ৰিহণ দৈমাৰী

author img

By

Published : Jul 23, 2021, 2:26 PM IST

ex-bpf-minister-rihan-daimari-to-join-bjp

বিগত বিধানসভা নিৰ্বাচনত ওদালগুৰি সমষ্টিত ইউপিপিএল(UPPL)ৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ হাতত পৰাজিত হৈছিল বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী । সুদীৰ্ঘ সময় জুৰি ওদালগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা ৰিহণ দৈমাৰীৰ বাবে বিপদ নামি আহিছিল ৷ সম্প্ৰতি, আগষ্টৰ প্ৰথম ভাগৰ ভিতৰতেই দৈমাৰীয়ে গেৰুৱা বসন পৰিধান কৰি বিজেপিমুখী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।

গুৱাহাটী, ২২ জুলাই : এই পৰ্যন্ত মুখ খুলি কোনেও প্ৰকৃত সত্য পোহৰলৈ অনা নাই । বিজেপিৰ ৰাজ্যিক নেতৃত্বই হওক কিম্বা বিপিএফ(BPF) নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়েই হওক, দুয়োটা পক্ষই আনুষ্ঠানিকভাৱে দৈমাৰীৰ বিজেপি গমনৰ ওপৰত মন্তব্য কৰাৰ পৰা বিৰত আছে ৷ তথাপি, আগষ্টৰ প্ৰথম ভাগৰ ভিতৰতেই দৈমাৰীয়ে গেৰুৱা বসন পৰিধান কৰি বিজেপিমুখী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । অনানুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই সংবাদ মাধ্যমক নিশ্চিত কৰিছে এই তথ্য ।

লক্ষ্যণীয়ভাৱে, বিগত বিধানসভা নিৰ্বাচনত ওদালগুৰি সমষ্টিত ইউপিপিএল(UPPL)ৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ হাতত পৰাজিত হৈছিল বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী । বিজেপিয়ে বিপিএফক আঁতৰাই ইউপিপিএলক নতুন মিত্ৰ ৰূপে আঁকোৱালি লোৱাৰ পিছতেই সুদীৰ্ঘ সময় জুৰি ওদালগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা ৰিহণ দৈমাৰীৰ বাবে বিপদ নামি আহিছিল । কিন্তু ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলি আহিছিল যে ৰিহণ দৈমাৰীয়ে বিজেপিত যোগ দিব ।

ex-bpf-minister-rihan-daimari-to-join-bjp
বিধায়ক গোবিন্দ বসুমতাৰী

এতিয়া, সেই চৰ্চাই সত্য হোৱাৰ পথত । ইতিমধ্যে বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ উপৰিও ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতেও কেইবালানিও আলোচনাত বহিছে ৰিহণ দৈমাৰী ৷

ইপিনে, ওদালগুৰিৰ বৰ্তমানৰ বিধায়ক ইউপিপিএলৰ গোবিন্দ বসুমতাৰী বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহীৰ পদতো অধিষ্ঠিত হৈ আছে । সাংবিধানিক বিধি অনুসৰি বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত এইদৰে দুটাকৈ পদত একে সময়তে অধিষ্ঠিত হৈ থাকিব পৰা নাযায় । যাৰ বাবে বিজেপিৰ ৰাজ্যিক নেতৃত্বই ইতিমধ্যে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ সৈতে আলোচনাত মিলিত হৈছে ৷

গোবিন্দ বসুমতাৰীক উপ-মুখ্য কাৰ্যবাহীৰ পদতে অধিষ্ঠিত কৰি ৰখাৰ পৰামৰ্শ আগবঢ়াইছে বিজেপিয়ে । সেই সমীকৰণ অনুসৰি গোবিন্দ বসুমতাৰীয়ে বিধায়ক পদৰ পৰা ইস্তাফা দিলে ওদালগুৰিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব ৰিহণ দৈমাৰী । অৱশ্যে, এটা সমষ্টি বিজেপিক এৰি দিয়াৰ বিনিময়ত ইউপিপিএলক উপযুক্ত ৰাজনৈতিক ক্ষতিপূৰণ দিয়াৰো প্ৰস্তাৱ আগবঢ়াইছে গেৰুৱা দলটোৱে ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰত পুনৰ আৰক্ষীৰ হাতত নিহত দুজন LeT সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.