ETV Bharat / state

গোলাঘাট আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jul 25, 2021, 10:10 PM IST

ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰী ৷ ইয়াৰ মাজতে দেওবাৰে গোলাঘাট আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় এজন সৰবৰাহকাৰী ৷

drugs-peddler-arrested-by-golaghat-police
গোলাঘাট আৰক্ষীৰ জালত ড্ৰাগছ সৰৱৰাহকাৰী যুৱক

গোলাঘাট, 25 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ অসম আৰক্ষীৰ শেহতীয়া অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ বৃহৎ পৰিমাণৰ ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় উদ্ধাৰ হোৱা ঘটনাই পোহৰলৈ আনিছিল ৰাজ্যত চলি থকা ড্ৰাগছৰ গোপন বেহাৰ ছবিখন ৷ ইয়াৰ পাছৰে পৰা ড্ৰাগছ বিৰোধী অভিযান অধিক ক্ষীপ্ৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ ইয়াৰ মাজতে দেওবাৰে গোলাঘাটৰ চন্দন নগৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই গোলাঘাট আৰক্ষীয়ে ৷

প্ৰাপ্ত খবৰ অনুসৰি, ড্ৰাগছ ব্যৱসায়ী জনাৰ্দন বৰদলৈ বাসগৃহত চলে আৰক্ষীৰ তালাচী অভিযান ৷ এই অভিযান কালত ড্ৰাগছ ব্যৱসায়ী জনাৰ্দনৰ বাসগৃহৰ পৰা লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে কিছু পৰিমাণৰ ড্ৰাগছৰ লগতে কেইবাটাও চিৰিঞ্জ ৷ ইয়াৰ লগতে ৰূপৰ জোতা আকৃতিৰ এবিধ সামগ্ৰী উদ্ধাৰ কৰে গোলাঘাট আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি জনাৰ্দন বৰদলৈ ড্ৰাগছ আসক্ত হোৱাৰ লগতে বহুদিনৰ পৰাই এই ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ৷

গোলাঘাট আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

অভিযানৰ অন্তত জনাৰ্দনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় গোলাঘাট আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে বৰ্তমান জনাৰ্দন বৰদলৈক সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ধৃত জনাৰ্দন বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, নিজেই খাবৰ বাবে আনি থোৱা ড্ৰাগছখিনিহে জব্দ কৰিছে আৰক্ষীয়ে ৷

তদুপৰি ব্যক্তিগৰাকী কোনো ধৰণৰ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত নহয় বুলি উল্লেখ কৰে ৷ ড্ৰাগছৰ কবলৰ পৰা পৰিত্ৰাণ পাবলৈ ইতিমধ্যে চিকিৎসা গ্ৰহণ কৰি আছে বুলিও মন্তব্য কৰে যুৱকজনে ৷ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে এখন ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে অসম আৰক্ষীক কঠোৰৰ পৰা কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাই ৷

ইয়াৰ পাছৰে পৰা সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বুজন পৰিমান ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰী ৷ লগতে সমগ্ৰ অসমতে জব্দ হোৱা ড্ৰাগছ সমূহৰ বিনষ্টকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃ পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ লাইকা-দধিয়াবাসী ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.