ETV Bharat / state

পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ লাইকা-দধিয়াবাসী ৰাইজৰ

author img

By

Published : Jul 25, 2021, 5:03 PM IST

laika-dodhia-people-will-protest-again
তীব্ৰ আন্দোলনৰ হুংকাৰ লাইকা-দধিয়াবাসী ৰাইজৰ

বিগত 8 মাহ ধৰি দুৰ্বিসহভাৱে অস্থায়ী শিবিৰ পাতি জীৱন নিৰ্বাহ কৰি আছে লাইকা-দধিয়া (Laika-Dodhia)বাসীয়ে ৷ প্ৰতিশ্ৰুতি দিয়াৰ পাচতো আজিপৰ্যন্ত এইসকল দুৰ্ভগীয়া লোকৰ বাবে কোনো সংস্থাপনৰ ব্যৱস্থা নকৰিলে চৰকাৰে ৷ চলিত মাহৰ ভিতৰত সংস্থাপন নিদিলে পুনৰ আন্দোলনৰ হুংকাৰ প্ৰদান লাইকা-দধিয়াবাসী ৰাইজৰ ৷

তিনিচুকীয়া, 25 জুলাই : বৰ্তমানেও দুৰ্বিসহ জীৱন কটাই আছে লাইকা-দধিয়া (Laika-Dodhia)বাসীয়ে ৷ বিগত 8 মাহ ধৰি অস্থায়ী শিবিৰ পাতি জীৱন নিৰ্বাহ কৰি আছে এইসকল দুৰ্ভগীয়া লোকে ৷ আজি পৰ্যন্ত কোনো সংস্থাপনৰ ব্যৱস্থা কৰা নহ'ল লাইকা-দধিয়াবাসীৰ বাবে ৷ তিনিচুকীয়াৰ জাগুনৰ অন্তৰ্গত নামফাইত অস্থায়ী শিবিৰ পাতি তিৰ্পালৰ তলত অঘৰীৰ দৰে জীৱন-যাপন কৰি আহিছে লাইকা-দধিয়াবাসী ৰাইজে ।

যাৰ বাবে তেওঁলোক ক্ষোভিত হৈ পৰিছে ৷ চলিত মাহৰ ভিতৰত তেওঁলোকক সংস্থাপন নিদিলে পুনৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে লাইকা-দধিয়াবাসীয়ে ৷ লগতে তেওঁলোকে কয় যে, চৰকাৰে কেৱল ভোট বেংকৰ বাবেহে লাইকা-দধিয়াবাসী ৰাইজক ব্যৱহাৰ কৰি আহিছে । প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতিহে দিয়ে ।

কিন্তু প্ৰতিশ্ৰুতিসমূহ কেতিয়াও পূৰণ নহয় । বৰ্তমান তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা । যন্ত্ৰণাৰ মাজেৰে দিনৰ পাচত দিন পাৰ কৰিছে লাইকা-দধিয়াবাসী ৰাইজে ।

1999 চনত চৰকাৰে ডিব্ৰু-ছৈখোৱাক 'ৰাষ্ট্ৰীয় উদ্যান' হিচাপে ঘোষণা কৰাৰ পাচত ইয়াৰ কাষৰীয়া লাইকা-দধিয়াৰ বনগাঁৱসমূহ পুনঃসংস্থাপন কৰাৰ আশ্বাস দিছিল । কিন্তু আজিলৈকে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটো কাৰ্যকৰী নহ'ল । সংস্থাপনৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই কোনো চৰকাৰে ।

তীব্ৰ আন্দোলনৰ হুংকাৰ লাইকা-দধিয়াবাসী ৰাইজৰ

গতিকে এইসকল দুৰ্ভগীয়া লাইকা-দধিয়াবাসী ৰাইজৰ মৰ্মবেদনা বুজি সংস্থাপনৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিবনে ? অনাগত সময়ত লাইকা-দধিয়াবাসীয়ে লাভ কৰিবনে তেওঁলোকৰ প্ৰাপ্যখিনি ? এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে এইসকল দুৰ্ভগীয়া লোকৰ মাজত ৷ কৰ’ণা (Corona)ৰ দ্বিতীয়টো লহৰে সমগ্ৰ দেশৰ লগতে অসমটো ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তেই শেহতীয়াকৈ বান (Flood)ত সম্পূৰ্ণকৈ ডুব যায় ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (Dibru-Saikhowa National Park)ৰ কাষৰীয়া বনগাঁও লাইকা-দধিয়াৰ বৃহৎ অঞ্চল ৷

লাইকা-দধিয়াবাসীৰ সংস্থাপনৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰৰ লগত কেইবালানিও আলোচনা হয় ৷ আলোচনাসমূহত চৰকাৰে বহু আশ্বাস দিলে, যদিও চৰকাৰৰ আশ্বাসবোৰ যেন মৰিচিকাত পৰিণত হৈ ৰ’ল ৷ আজিলৈকে লাইকা-দধিয়াবাসীৰ সংস্থাপনৰ ক্ষেত্ৰত কোনো সু-সিদ্ধান্ত গ্ৰহণ নকৰিলে চৰকাৰে ৷

লগতে পঢ়ক : ঘোৰামাৰাৰ কন্যা অপহৰণ কাণ্ডৰ নতুন মোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.