ETV Bharat / state

ঘোৰামাৰাৰ কন্যা অপহৰণ কাণ্ডৰ নতুন মোৰ

author img

By

Published : Jul 25, 2021, 1:13 PM IST

child kidnap case
ঘোৰামাৰাৰ কন্যা অপহৰণ কাণ্ডৰ নতুন মূৰ

কৰিমগঞ্জৰ শিশু অপহৰণ কাণ্ডৰ উন্মোচিত হৈছে ন ন তথ্য ৷ আৰক্ষীৰ সন্দেহ, বিদ্যুৎ নমশুদ্ৰ আৰু শংকৰ শুক্লবৈদ্য এই দুই পৰিয়ালে ৰচিছিল অপহৰণৰ নাটক ৷ এই সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ আৰম্ভ কৰিছে তদন্ত ৷

কৰিমগঞ্জ, 25 জুলাই : কৰিমগঞ্জৰ ঘোৰামাৰাৰ কন্যা অপহৰণ কাণ্ডৰ নতুন মোৰ ৷ অপহৃত কন্যা শিশু উদ্ধাৰৰ পাচতে উন্মোচিত হৈছে ঘটনাৰ প্ৰকৃত ৰহস্য ৷ আৰক্ষীৰ সন্দেহ দুটা পৰিয়ালৰ মাজত বুজাপৰাৰ মাজতে অপহৰণৰ নাটক ৰচিছিল পৰিয়ালটোৱে ৷

কৰিমগঞ্জ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে নিশা শিলচৰৰ এটি পৰিয়ালৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল অপহৃত শিশুটিক ৷ তাৰ পাচত শিশুসহ অপহৃত শিশুটি লাভ কৰা পৰিয়ালটোকো লৈ অনা হয় কৰিমগঞ্জ থানালৈ ৷ পৰৱৰ্তী সময়ত শুকুৰবাৰে কৰিমগঞ্জৰ মুখ্য ন্যায়াধীশৰ দণ্ডাধীশে প্ৰকৃত পিতৃ-মাতৃৰ হাতত চমজাই দিয়ে শিশুটিক ৷

উল্লেখ্য যে, মঙলবাৰ নিশাৰ ভাগত ৭ মহীয়া শিশুটিক অপহৰণ কৰা হৈছিল ৷ এই অপহৰণ সন্দৰ্ভত কৰিমগঞ্জৰ সদৰ থানাত শিশুটিত পিতৃ-মাতৃয়ে এখন এজাহাৰ দাখিল কৰিছিল ৷অপহৃত শিশুটিৰ পিতৃৰ নাম বিদ্যুৎ নমশুদ্ৰ ৷

ঘোৰামাৰাৰ কন্যা অপহৰণ কাণ্ডৰ নতুন মূৰ

শিশুটি ঘোৰামাৰাৰ কাষতে থকা এঙলাৰ বজাৰৰ শংকৰ শুক্লবৈদ্যৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় ৷ ঘটনাৰ বিৱৰণি অনুসৰি, বিদ্যুৎ নমশুদ্ৰ আৰু শংকৰ শুক্লবৈদ্যই ডিমাপুৰত একেলগে কাম কৰিছিল ৷ বিদ্যুতৰ আছে আঢ়ৈ বছৰীয়া আৰু সাত মহীয়া দুটা সন্তান ৷ কাল কৰ’ণাৰ বাবে ডিমাপুৰ এৰি কৰিমগঞ্জৰ নিজ ঘৰলৈ ঘূৰি আহিছিল বিদ্যুৎআৰু তেওঁৰ পৰিয়াল ৷ বিদ্যুতৰ পৰিয়ালৰ জনোৱা অনুসৰি পুনৰ ডিমাপুৰলৈ উভতি যোৱাৰ বাবে শংকৰে তেঁওৰ গাঁৱত আহি ভেকচিন ল’বলৈ বিদ্যুতৰ পৰিয়ালক আমনন্ত্ৰন জনাইছিল ৷

ডমাপুৰলৈ উভতি যোৱাৰ দিনাই বিদ্যুতক শংকৰ শুক্লবৈদ্যই এখন অট’ত উঠাই এডোখৰ নিজান ঠাইলৈ লৈ যায় ৷ তাতে বন্দুকৰ ভয় দেখুৱাই কাগজত চহী কৰাই তেওঁলোকৰ পৰা কন্যা শিশুটিক বলপূৰ্বকভাৱে লৈ যায় ৷ এই ঘটনা কিন্তু বৰ্তমানেও ৰহস্যৰ আৱৰ্তত আছে ৷ আৰক্ষীৰ সন্দেহ লক ডাউনৰ বাবেই পৰিয়ালৰ বোজা বহন কৰিব নোৱাৰি শিশুটিক বিদ্যুৎ নমশুদ্ৰই শংকৰ শুক্লবৈদ্যক গতাই দিয়ে ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব এই সমগ্ৰ তথ্য ৷

লগতে পঢ়ক : কুলগামত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.