ETV Bharat / bharat

কুলগামত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

author img

By

Published : Jul 25, 2021, 11:47 AM IST

কুলাগামৰ মুনান্দ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী । ইফালে সন্ত্ৰাসবাদীজনৰ মৃত্যুৰ লগে লগে জম্মু-কাশ্মীৰত এই বছৰ নিহত হোৱা সন্ত্ৰাসবাদীৰ সংখ্যা হ'লগৈ মুঠ ১০১ জন ।

Three militants killed
বান্দিপোৰাত নিহত ৩ সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক,২৫ জুলাই : জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ (Militants) সংঘৰ্ষ অব্যাহত আছে । এটাৰ পিছত আনটো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰ অঞ্চলত । তেনে এক সংঘৰ্ষৰ মাজতে নিৰাপত্তা বাহিনীৰ গুলীত পুনৰ এজন সন্ত্ৰাসবাদী নিহত হয় ।

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত চলি থকা সংঘৰ্ষত দেওবাৰে নিহত হয় অচিনাক্ত সন্ত্ৰাসবাদীজন । কুলাগামৰ মুনান্দ অঞ্চলত চলি আছিল সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী । ইফালে সন্ত্ৰাসবাদীজনৰ মৃত্যুৰ লগে লগে জম্মু-কাশ্মীৰত এই বছৰ নিহত হোৱা সন্ত্ৰাসবাদীৰ সংখ্যা হ'লগৈ মুঠ ১০১ জন ।

জানিব পৰা মতে, মুনান্দ অঞ্চলত এনকাউণ্টাৰ (Encounter) এতিয়াও অব্যাহত আছে । ইফালে ২৪ জুলাইত বান্দিপোৰাৰ চুম্বলাৰ অঞ্চলৰ শোকবাবা বনাঞ্চলত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষত দুজন অচিনাক্ত উগ্ৰপন্থী নিহত হৈছিল আৰু এজন সৈনিক আহত হৈছিল ।

উল্লেখ্য যে বান্দিপোৰাৰ শোকবাবা চুমলাৰ-আৰাগাম অঞ্চলৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰিছিল । এক নিৰ্দিষ্ট ইনপুটৰ ওপৰত ভিত্তি কৰি বান্দিপোৰা আৰক্ষীয়ে এক যুটীয়া বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰিছিল । যেতিয়া বাহিনীয়ে অঞ্চলটোত তালাচী চলাই আছিল সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ ওপৰত গুলী চালনা কৰিছিল । তাৰ প্ৰত্যুত্তৰত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে গুলী চালনা কৰে ।

যাৰ ফলত এতিয়ালৈকে তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে । শ্ৰীনগৰস্থিত পিআৰঅ' (PRO) প্ৰতিৰক্ষা কৰ্ণেল এমৰন মুছাভিয়ে জনোৱা মতে গুলীচালনাত এজন সেনা জোৱান আঘাতপ্ৰাপ্ত হৈছিল । আঘাতপ্ৰাপ্ত জোৱানজনক স্থানান্তৰ কৰা হৈছে আৰু তেওঁ সম্প্ৰতি চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক :দিল্লীৰ সাম্প্ৰদায়িক হিংসা: অভিযুক্তৰ জামিন বিচাৰি আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.