ETV Bharat / bharat

দিল্লীৰ সাম্প্ৰদায়িক হিংসা: অভিযুক্তৰ জামিন বিচাৰি আবেদন

author img

By

Published : Jul 24, 2021, 9:18 PM IST

২০২০ চনৰ দিল্লীৰ সাম্প্ৰদায়িক হিংসাত (Delhi Communal Riot) আৰক্ষীক লক্ষ্য কৰে বন্দুক দেখুওৱা শ্বাহৰুখ পাঠানৰ জামিন বিচাৰি আবেদন ৷ অভিযোগ অনুসৰি পাঠানে হেড কনিষ্টবল দীপক দাহিয়ালৈ বন্দুক দেখুৱাই আৰু হিংসাৰ সময়ত ৰোহিত শুক্লা নামৰ এজনক হত্যা কৰাৰ চেষ্টা কৰিছিল । তেওঁ বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ।

Delhi riots
দিল্লীৰ সাম্প্ৰদায়িক হিংসা

নেশ্যনেল ডেস্ক, ২৪ জুলাই : ২০২০ চনৰ দিল্লীৰ সাম্প্ৰদায়িক হিংসাৰ (Delhi Communal Riot) সময়ত গ্ৰেপ্তাৰ হৈছিল শ্বাহৰুখ পাঠান (Shahrukh Pathan) নামৰ এগৰাকী ব্যক্তি । হিংসাৰ সময়ত এগৰাকী অস্ত্ৰ বিহীন হেড কনিষ্টবলৰ ফালে বন্দুক দেখুওৱা আৰু আন এগৰাকী ব্যক্তিক হত্যাৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল পাঠানক । সেইগৰাকী অভিযুক্ত পাঠানে জামিন বিচাৰি মহানগৰ আদালতত আবেদন জনাইছে ।

অভিযোগ অনুসৰি, পাঠানে হেড কনিষ্টবল দীপক দাহিয়ালৈ (Deepak Dahiya) বন্দুক দেখুওৱাৰ উপৰিও হিংসাৰ সময়ত ৰোহিত শুক্লা নামৰ এজনক হত্যা কৰাৰ চেষ্টা কৰিছিল । তেওঁ বৰ্তমান তিহাৰ কাৰাগাৰত (Tihar Jail) বন্দী হৈ আছে । অধিবক্তা খালিদ আখটাৰৰ জৰিয়তে দাখিল কৰা জামিন আবেদনত তেওঁ কয় যে সমগ্ৰ তদন্তটো এক ভুৱাৰ বাহিৰে আন একো নহয় কিয়নো আৰক্ষী বিষয়াসকলে পৰিকল্পিতভাৱে ভুক্তভোগী, সাক্ষী, প্ৰমাণ আৰু সাক্ষ্য প্ৰদান কৰিছে ।

তেওঁ লগতে কয় যে, পাঠানক কেৱল হিংসাৰ পোষ্টাৰ বয় হিচাপে দেখুৱাবলৈ আৰু মুছলমানসকলৰ মাজত ভয় সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হৈছিল যাতে তেওঁলোকে স্বেচ্ছাচাৰী আৰু অসাংবিধানিক আইনৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে । আদালতৰ সন্মুখত দাখিল কৰা লিখিত আবেদনত পাঠানে দুটাকৈ বিপদৰ বিষয় উত্থাপন কৰিছে । তেওঁ কৈছে যে, আৰক্ষীয়ে অপৰাধৰ স্থান পৃথক হোৱা স্বত্বেও তেওঁৰ বিৰুদ্ধে দাখিল কৰা আন গোচৰৰ দৰে একে ধৰণৰ প্ৰমাণ, সাক্ষী আৰু অভিযোগ ব্যৱহাৰ কৰিছে ।

ইফালে আবেদনত কোৱা হৈছে যে পাঠান কেৱল জামিনৰ যোগ্যই নহয় নাগৰিকৰ স্বাধীনতাৰ ৰক্ষক হিচাপে আদালতে আৰক্ষী বিষয়াসকলক ভৎৰ্সনা কৰিব লাগে । আনকি তেওঁৰ কাৰাবাস আৰক্ষীৰ অযোগ্যতাক দেখুৱাই বুলিও আবেদনত দাবী কৰা হৈছে । ঘটনাৰ আন এগৰাকী অভিযুক্তৰ নাম উল্লেখ কৰি আবেদনত কোৱা হৈছে যে অভিযুক্ত শ্বাহিন বাগৰ শ্বুটাৰ কপিল গুজ্জৰ (Kapil Gujjar) আৰু শ্বাহৰুখ পাঠানৰ অভিযোগ যদি তুলনা কৰিব লাগে । কিন্তু কপিলক জামিন প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈছিল, নাগৰিকত্ব (সংশোধনী) আইনৰ সমৰ্থক আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হোৱা হিংসাত্মক ঘটনা নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পিছত কমেও ৫৩ গৰাকী লোক নিহত আৰু ৭০০ ৰো অধিক লোক আহত হৈছিল ।

লগতে পঢ়ক:PEGASUS: মোডী চৰকাৰক 'ব্ৰিটিছ ৰাজত্ব'ৰ সৈতে তুলনা মেহবুবা মুফটীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.