ETV Bharat / bharat

এটি ম’বাইল ফোনৰ বাবেই অপদস্থ কিশোৰী

author img

By

Published : Jul 25, 2021, 10:38 PM IST

কংক্ৰিটৰ মহানগৰীয়া জীৱনত এক অপৰিহাৰ্য সামগ্ৰীত পৰিণত হৈছে ম’বাইল ফোন ৷ ম’বাইল ফোনৰ বহুল ব্যৱহাৰৰ ফলত বিশেষকৈ যুৱ সমাজ অধঃপতনৰ দিশে গতি কৰিছে যদিও বহু সময় ই আমাৰ বাবে এক নিত্যান্তই প্ৰয়োজনীয় সামগ্ৰীত পৰিগণিত হৈছে ৷ কিন্তু ম’বাইল ফোন ব্যৱহাৰ কৰাৰ বাবেই এগৰাকী কিশোৰীক কৰা হ’ল ৰাজহুৱাকৈ অপদস্থ ৷

Gujarat: Teen girls thrashed by villagers for talking on mobile phones
ম’বাইল ফোন ব্যৱহাৰ কৰাৰ বাবেই কিশোৰীক অপদস্থ

নেশ্যনেল ডেস্ক, 25 জুলাই : ম’বাইল ফোন সম্প্ৰতি দৈনন্দিন জীৱনত নিত্য ব্যৱহাৰ্য সামগ্ৰীত পৰিণত হৈছে ৷ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বয়োজ্যেষ্ঠ ব্যক্তিৰ হাতত ম’বাইল ফোন থকাতো এক সাধাৰণ কথাত পৰিণত হৈছে ৷ ম’বাইল ফোনৰ বহু কুফল থকাৰ লগতে ইয়াৰ সুবিধাৰ কথাও আমি নুই কৰিব নোৱাৰো ৷ কিন্তু ম’বাইল ফোন ব্যৱহাৰ কৰাৰ বাবেই এগৰাকী কিশোৰীক কৰা হ’ল ৰাজহুৱাকৈ অপদস্থ ৷

ম’বাইল ফোনত কথা পতাৰ বাবেই দুগৰাকী কিশোৰীক ৰাজহুৱাকৈ অপদস্থ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাৰ ভিডিঅ' ছ’চিয়েল মিডিয়া (Social Media)ত ভাইৰেল হোৱাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ গুজৰাটৰ দাহোদ জিলাত ২৫ জুনত সংঘটিত হৈছিল এই ঘটনা ৷

গুজৰাটৰ ধনপুৰ আৰক্ষীয়ে ইতিমধ্যে কিশোৰী দুগৰাকীৰ আত্মীয়সহ ১২ গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ ভিডিঅ'টোত দেখুওৱা অনুসৰি, কিশোৰী দুগৰাকীয়ে ম’বাইল ফোনত কথা পতাৰ বাবে এচাম পুৰুষ-মহিলাৰ দলে গালি-গালাজ কৰাৰ লগতে প্ৰহাৰ কৰে ৷ ধনপুৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইন (Indian Penal Code)ৰ ধাৰা ১৪৩ আৰু ১৪৯ (বে-আইনী সমাবেশ), ১৪৭ (সংঘৰ্ষ), ৩২৩ (স্ব ইচ্ছাই প্ৰহাৰ কৰা), আৰু ৫০৪ (ৰাজহুৱা শান্তি ভংগ কৰা) আৰু শিশু ন্যায় (Juvenile Justice) (শিশুৰ যত্ন আৰু সুৰক্ষা) আইনৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক : ৰাজ কুন্দ্ৰাৰ ৪ কৰ্মচাৰী হ'ব পৰ্ণ’গ্ৰাফী গোচৰৰ সাক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.