ETV Bharat / bharat

ৰাজ কুন্দ্ৰাৰ ৪ কৰ্মচাৰী হ'ব পৰ্ণ’গ্ৰাফী গোচৰৰ সাক্ষী

author img

By

Published : Jul 25, 2021, 4:03 PM IST

ৰাজ কুন্দ্ৰাৰ কোম্পানী ভিয়ান ইণ্ডাষ্ট্ৰীজৰ (Viaan Industries) চাৰিগৰাকী কৰ্মচাৰী তেওঁৰ বিৰুদ্ধে সাক্ষী দিবলৈ সাজু হৈছে । ইতিমধ্যে মুম্বাইৰ অপৰাধ শাখাৰ প্ৰ'পাৰ্টি চেলক পৰ্ণ ৰেকেটটোৰ সকলো বিৱৰণ দিছে কৰ্মচাৰীকেইজনে ।

4 employees turn witnesses in pornography case
পৰ্ণ'গ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাৰ ৪ কৰ্মচাৰী হ'ব সাক্ষী

নেশ্যনেল ডেস্ক, ২৫ জুলাই : পৰ্ণ'গ্ৰাফী গোচৰৰ (pornography case) নতুন মোৰ । অভিযুক্ত ৰাজ কুন্দ্ৰাৰ (Raj Kundra) বিৰুদ্ধে সাক্ষী দিবলৈ সাজু হৈছে তেওঁৰে চাৰিজন কৰ্মচাৰী । মুম্বাই আৰক্ষীৰ (Mumbai Police) এক সূত্ৰই জনোৱা মতে ৰাজ কুন্দ্ৰাই তদন্তত আৰক্ষীক সহায় কৰা নাই ।

কিন্তু ৰাজ কুন্দ্ৰাৰ কোম্পানী ভিয়ান ইণ্ডাষ্ট্ৰিজৰ (Viaan Industries) চাৰিগৰাকী কৰ্মচাৰীয়ে সাক্ষী দিবলৈ সাজু হৈছে । ইতিমধ্যে মুম্বাই অপৰাধ শাখাৰ প্ৰ'পাৰ্টি চেলক পৰ্ণ ৰেকেটটোৰ সকলো বিৱৰণ দিছে কৰ্মচাৰীকেইজনে । ইতিমধ্যে ৰাজ কুন্দ্ৰাৰ পত্নী তথা বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীও (Shilpa Shetty) আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে ।

বিশেষকৈ ৰাজ কুন্দ্ৰাৰ লগতে শিল্পা চেট্টী জড়িত আছে নেকি তাকলৈ জেৰা চলোৱা হৈছিল অভিনেত্ৰীগৰাকীক । জেৰাৰ সময়ত তেওঁলোকৰ প্ৰতিষ্ঠানৰ বিত্তীয় লেনদেন সম্পৰ্কীয় প্ৰশ্নবোৰ শিল্পাক সোধা হৈছিল বুলি এক সূত্ৰই জনাইছে । ইফালে তদন্তৰ মাজতে আৰক্ষীয়ে এটা প্ৰিণ্টাৰ, এটা লেপটপ আৰু নথিপত্ৰৰে ভৰ্তি এটা বাকচ জব্দ কৰিছে ।

কুন্দ্ৰাক পৰ্ণ ছবি নিৰ্মাণ আৰু সেইবোৰ বিভিন্ন এপত প্ৰকাশ কৰাৰ সন্দৰ্ভত গ্ৰেপ্তাৰৰ পিছতে মুম্বাইৰ আৰক্ষী আয়ুক্ত হেমন্ত নাগ্ৰালে কৈছে যে কুন্দ্ৰা এই ৰেকেটৰ মূল অভিযুক্ত ৷ আৰক্ষীৰ হাতত এই সন্দৰ্ভত যথেষ্ট তথ্য আছে । কুন্দ্ৰাই জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে ইতিমধ্যে আদালতৰ কাষ চাপিছে ৷ আৰক্ষীয়ে সেই সময়তে দণ্ডাধীশৰ আদালতক আবেদন কৰা অনুসৰি, ৪৫ বছৰীয়া ব্যৱসায়ীজনে অশ্লীল ছবি নিৰ্মাণ আৰু বিক্ৰীৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছিল ।

আৰক্ষীয়ে সন্দেহ কৰা মতে, ৰাজ কুন্দ্ৰাই অনলাইন বেটিঙৰ বাবে পৰ্ণ'গ্ৰাফীৰ পৰা উপাৰ্জন কৰা ধন ব্যৱহাৰ কৰিছিল ৷ ইফালে পৰ্ণ'গ্ৰাফী সন্দৰ্ভত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহতে মুম্বাইৰ অপৰাধ শাখাত ৰুজু হোৱা গোচৰটোত এতিয়ালৈ আৰক্ষীয়ে ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে । কুন্দ্ৰা আৰু তেওঁৰ সহযোগী তথা কোম্পানীৰ আইটি মুৰব্বী ৰিয়ান থৰ্পক পৰ্ণ'গ্ৰাফী গোচৰৰ সন্দৰ্ভত ২৭ জুলাইলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.