ETV Bharat / bharat

২০২০ চনত JNUত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰসংগ উত্থাপন লোকসভাত

author img

By

Published : Aug 3, 2021, 6:35 PM IST

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(Jawaharlal Nehru University)ত ২০২০ চনত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এতিয়াও এজনো লোকক গ্ৰেপ্তাৰ কৰা নাই । বহু লোকক সোধা-পোছা কৰা হৈছে যদিও এজনকো গ্ৰেপ্তাৰ কৰা নাই দিল্লী আৰক্ষীয়ে । মঙলবাৰে লোকসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে(Nityanand Rai) এই কথা সদৰি কৰে ।

No one arrested for 2020 violence at JNU
২০২০ চনত JNUত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰসংগ উত্থাপন লোকসভাত

নেশ্যনেল ডেস্ক, ৩ আগষ্ট: মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে(Nityanand Rai) লোকসভা(Lok Sabha)ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(Jawaharlal Nehru University)ত ২০২০ চনত সংঘটিত ঘটনাৰ প্ৰসংগ উত্থাপন কৰে । তেওঁ সদনত কয় যে, বিশ্ববিদ্যালয়খনত সংঘটিত এই হিংসাত্মক ঘটনা সন্দৰ্ভত এতিয়ালৈকে বহু লোকক জেৰা চলোৱা হৈছে । কিন্তু এজনো লোকক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই । মন্ত্ৰীগৰাকীয়ে কয় যে, দিল্লী আৰক্ষীয়ে জনোৱা মতে, বসন্ত কুঞ্জ আৰক্ষী থানাত পঞ্জীয়ন কৰা তিনিটা গোচৰৰ তদন্তৰ বাবে অপৰাধ শাখাৰ এটা বিশেষ তদন্তকাৰী দল (Special Investigation Team) গঠন কৰা হৈছে ।

তদন্ত প্ৰক্ৰিয়াত সাক্ষীৰ পৰীক্ষা, চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰা আৰু বিশ্লেষণ কৰা সন্দেহজনক লোকক চিনাক্ত কৰি জেৰাও কৰা হয় । দিল্লী আৰক্ষীয়ে জনোৱা মতে, কোনো লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই । ডিএমকে সাংসদ দয়ানিধি মৰাণৰ এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা সদৰি কৰে ।

উল্লেখ্য যে, ২০২০ চনৰ ৫ জানুৱাৰীত মুখা পৰিহিত প্ৰায় ৫০ গৰাকী পুৰুষ আৰু মহিলাই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰে আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে ।

কেইবা ঘণ্টা ধৰি বিশ্ববিদ্যালখনত অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰে উদণ্ড লোকৰ দলটোৱে । ছাত্ৰ-ছাত্ৰীসকলকো আক্ৰমণ কৰে । লগতে হোষ্টেল আৰু বিশ্ববিদ্যালখনৰ আন ভৱনৰো আচবাব লণ্ডভণ্ড কৰে । বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি আইশি ঘোষকে ধৰি কেইবাগৰাকীও শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হৈছিল ।

কেইবা ঘণ্টাৰো পাছতহে বিশ্ববিদ্যালখনত আৰক্ষী উপস্থিত হয় । আনহাতে, এই ঘটনাৰ পাছতে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । কেৱল দিল্লীতে নহয়, এই ঘটনাক লৈ সমগ্ৰ ভাৰততে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । কিন্তু আশ্চৰ্যজনকভাৱে এই পৰ্যন্ত এই ঘটনাৰে জড়িত কোনো লোকক আৰক্ষীয়ে আটক কৰা নাই ।

লগতে পঢ়ক:#JeeneDo: কিশোৰী ধৰ্ষণক লৈ মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতে গোৱাত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.