ETV Bharat / state

'সেৱাই পঞ্চায়ত' অনুষ্ঠানত অংশগ্ৰহণ মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ

author img

By

Published : Aug 3, 2021, 6:04 PM IST

পঞ্চায়তৰ ফালৰ পৰা আগবঢ়োৱা মানদণ্ডৰ প্ৰতিশ্ৰুতিসমূহৰ সেৱা প্ৰদানৰ দিশত নিৰীক্ষণ আৰু মূল্যাংকণৰ বাবে উপযুক্ত সমল এই চনদ ৷ নাগৰিক চনদৰ প্ৰথম মূল অংশটো হ'ল পঞ্চায়ত দৰ্শন আৰু কৰ্মসূচী ৷ পঞ্চায়তখনে প্ৰকৃততে কোনটো দিশেৰে গতি কৰিব খোজে সেয়া হ'ল দৰ্শন ৷ কৰ্মসূচী হ'ল দৰ্শনৰ সৈতে সংগতি ৰাখি পঞ্চায়তখন সবল কৰি নিয়াৰ বাবে লোৱা নিৰ্দিষ্ট উদ্দেশ্য ৷

sewai-panchayat-a-scheme-by-pnrd-department-inaugurated-by-ranjit-das
"সেৱাই পঞ্চায়ত" শীৰ্ষক আদৰ্শ নাগৰিক চনদ মুকলি

গুৱাহাটী, 3 আগষ্ট : ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে মঙলবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আনুষ্ঠানিকভাৱে মুকলি কৰিলে 'সেৱাই পঞ্চায়ত' শীৰ্ষক এখন আদৰ্শ নাগৰিক চনদ ৷ পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগে প্ৰস্তুত কৰি উলিয়াইছে এই গাঁও পঞ্চায়তৰ বাবে আদৰ্শ নাগৰিক চনদখন ৷ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত আয়োজন কৰা অনুষ্ঠানত গাঁও পঞ্চায়তসমূহৰ বাবে প্ৰস্তুত কৰা আদৰ্শ নাগৰিক চনদখন উন্মোচন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

চনদখন উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সেৱাই পঞ্চায়ত আৰু গঞা জনসাধাৰণৰ সেৱা কৰাই পঞ্চায়তৰ মুলমন্ত্ৰ ৷ এই আদৰ্শ নাগৰিক চনদৰ মূল উদ্দেশ্য হৈছে- ৰাজহুৱা সেৱা উপলব্ধ হোৱা আৰু নাগৰিকসকলৰ আশা অনুযায়ী সেৱাৰ মান উন্নত কৰাৰ দিশত নাগৰিকসকলক সবল কৰি তোলা ৷ চনদ প্ৰস্তুতকৰণে পঞ্চায়তৰ কাম-কাজত বৃত্তিমুখীতা আনি দিয়ে আৰু বৈষম্যহীনভাৱে সকলো শ্ৰেণীৰ লোকৰ ওচৰলৈ যোৱাত সহায়ক হয় ৷

Sewai panchayat a scheme by PNRD department inaugurated by Ranjit das
"সেৱাই পঞ্চায়ত" শীৰ্ষক আদৰ্শ নাগৰিক চনদ মুকলি

পঞ্চায়তৰ ফালৰ পৰা আগবঢ়োৱা মানদণ্ডৰ প্ৰতিশ্ৰুতিসমূহৰ সেৱা প্ৰদানৰ দিশত নিৰীক্ষণ আৰু মূল্যাংকণৰ বাবে উপযুক্ত সমল এই চনদ ৷ নাগৰিক চনদৰ প্ৰথম মূল অংশটো হ'ল পঞ্চায়ত দৰ্শন আৰু কৰ্মসূচী ৷ পঞ্চায়তখনে প্ৰকৃততে কোনটো দিশেৰে গতি কৰিব খোজে সেয়া হ'ল দৰ্শন ৷ কৰ্মসূচী হ'ল দৰ্শনৰ সৈতে সংগতি ৰাখি পঞ্চায়তখন সবল কৰি নিয়াৰ বাবে লোৱা নিৰ্দিষ্ট উদ্দেশ্য ৷

উল্লেখ্য যে, মানদণ্ড সেৱা উপলব্ধ কৰা প্ৰক্ৰিয়াৰ যোগেদি চনদত উল্লেখিত এটা সেৱা পাবলৈ হ'লে উপযুক্ত নাগৰিকে প্ৰয়োজনীয় নথিপত্ৰ আৰু আৱশ্যকীয় মাচুলৰ সৈতে (প্ৰয়োজন সাপেক্ষে) নিৰ্দিষ্ট বিষয়াৰ ওচৰত আবেদন কৰিব লাগিব ৷ নাগৰিকসকলৰ অভিযোগসমূহ শুনাৰ বাবে পঞ্চায়ত সভাপতি আৰু পঞ্চায়ত সচিব গৰাকী সহজতে পাব পৰাকৈ থাকিব ৷ লগতে অভিযোগসমূহ দূৰ কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷

Sewai panchayat a scheme by PNRD department inaugurated by Ranjit das
"সেৱাই পঞ্চায়ত" শীৰ্ষক আদৰ্শ নাগৰিক চনদ মুকলি

ইয়াৰ দ্বাৰা অভিযোগসমূহ শীঘ্ৰে নিষ্পত্তি হ'ব ৷ গঞা ৰাইজৰ সুবিধাৰ্থে তেওঁলোকক যিকোনো তথ্য যোগান ধৰাৰ লগতে সেৱা কৰাৰ ক্ষেত্ৰত এই চনদখনক ভাগৱত বুলি গণ্য কৰি সেৱাই পঞ্চায়তক গুণমালা হিচাপে মানি লৈ গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নতি সাধনৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে ৷ "সেৱাই পঞ্চায়ত" শীৰ্ষক আদৰ্শ নাগৰিক চনদখন মুকলি কৰা অনুষ্ঠানত উপস্থিত আছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শীৰ্ষ বিষয়া-কৰ্মচাৰীসকল ৷

লগতে পঢ়কঃ লাফিকুলৰ হত্যাকাৰীৰ নাম প্ৰকাশেই যথেষ্ট নহয় : আমছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.