ETV Bharat / state

লাফিকুলৰ হত্যাকাৰীৰ নাম প্ৰকাশেই যথেষ্ট নহয় : আমছু

author img

By

Published : Aug 3, 2021, 4:50 PM IST

চাৰি বছৰৰ পিচত সোমবাৰে চিবিআইয়ে নাম প্ৰকাশ কৰিলে লাফিকুল ইচলাম আহমেদৰ আহমেদৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনি অভিযুক্তৰ । দেওবাৰে লাফিকুলৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ দিনা ন্যায় বিচাৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল এবিএমছুয়ে ।

aamsu leaderships reacting on cbi declaring name of persons linked with Lafikul Islam murder case
লাফিকুলৰ হত্যাকাৰীৰ নাম প্ৰকাশেই যথেষ্ট নহয় : আমছু

চিৰাং, 3 আগষ্ট : সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু(ABMSU)ৰ প্ৰয়াত সভাপতি লাফিকুল ইচলাম আহমেদৰ হত্যাকাণ্ড(Lafikul Islam murder case)ৰ চাৰি বছৰৰ পিচত সোমবাৰে চিবিআইয়ে নাম প্ৰকাশ কৰিলে তিনি অভিযুক্তৰ । তাৰ পিচতে এবিএমছুৰ(আশ্ৰাফুল গোটৰ)ৰ সাধাৰণ সম্পাদক টাইচন হুচেইনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ২০১৭ চনৰ এক আগষ্টৰ দিনা সংঘটিত হত্যাকাণ্ডৰ চাৰিবছৰ পিছত সোমবাৰে চিবিআই(CBI)য়ে হত্যাকাৰীৰ নাম প্ৰকাশ কৰিলে । লাফিকুলৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ দিনা ন্যায় বিচাৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল এবিএমছুয়ে ।

লাফিকুলৰ হত্যাকাৰীৰ নাম প্ৰকাশেই যথেষ্ট নহয় : আমছু

ইয়াৰ পিছতে, সোমবাৰে চিবিআইয়ে হত্যাকাৰীৰ নাম প্ৰকাশ কৰাৰ ঘটনাত আশা প্ৰকাশ কৰিছে টাইচন হুচেইনে । তেওঁ কয় যে, এই হত্যাকাণ্ডত জড়িত সকলো লোকৰ বিচাৰ হ’ব লাগিব আৰু সেয়া চিবিআইয়ে কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে । এই হত্যাকাণ্ডত কেৱল এই তিনিজন লোক জড়িত নহয় ইয়াত থকা সকলো ৰহস্য উদ্ঘাটন কৰিব লাগিব বুলিও দাবী জনায় সংগঠনটোৰ নেতাগৰাকীয়ে ।

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে, বিগত চৰিটা বছৰ ধৰি এই সম্পৰ্কত আন্দোলন কৰি আছিল অসমবাসীয়ে । দেওবাৰে চতুৰ্থ মৃত্যু বাৰ্ষিকীত আমছুয়ে প্ৰধানমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰিছিল । সেইবাবেই চিবিআইয়ে তিনিজন হত্যাকাৰীৰ নাম প্ৰকাশ কৰিছে ।

এই হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড বুলি অভিহিত কৰি কেৱল তিনিজন হত্যাকাৰীক চিনাক্ত কৰিলেই নহ’ব বুলি তেওঁ দাবী জনায় । তেওঁ লগতে কয় যে, মুখ্য মন্ত্ৰীয়ে কৈছিল চৰকাৰ গঠনৰ দুমাহৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব বুলি। কিন্ত সোমবাৰে চিবিআইয়ে মাথো হত্যাকাৰীৰ নামহে আৰু প্ৰকাশ কৰিছে । সেই দাবী তেওঁলোকৰ নাছিল বুলিও তেওঁ মন্তব্য কৰে ।

ইফালে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিব লাগিব আৰু ইয়াৰ লগত জড়িত সকলকো শাস্তি প্ৰদান কৰিব লাগিব বুলি কয় আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে । সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আউৱাল মণ্ডলে কয় যে, চাৰি বছৰ পিছত চিবিআইয়ে দোষী ব্যাক্তিৰ নাম প্ৰকাশ কৰিছে তাক আদৰণি জনায় ৷ তেওঁ কয় যে, যিহেতু এয়া ৰাজনৈতিক হত্যাকাণ্ড, সেয়ে মুখ্য মন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি লাফিকুল হত্যাকাণ্ডত জড়িত সকলো লোকৰ বিচাৰ হব লাগিব ৷

লগতে পঢ়ক : লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.