ETV Bharat / state

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে ?

author img

By

Published : Aug 3, 2021, 6:01 PM IST

online portal opening by ahsec
নামভৰ্তিৰ বাবে ‍অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ 'দৰ্পণ' পোৰ্টেল মুকলি

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ‘দৰ্পণ’ (DARPAN) নামৰ এটা অনলাইন নামভৰ্তি প’ৰ্টেল মুকলি কৰিছে । যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব । অনলাইন পদ্ধতিৰে প’ৰ্টেলটোলৈ গৈ ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তি কৰিব বিচৰা শিক্ষানুষ্ঠানখনো বাচনি কৰিব পাৰিব ।

গুৱাহাটী, ৩ আগষ্ট : উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । ইয়াৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ‘দৰ্পণ’ (DARPAN) নামৰ এটা অনলাইন নামভৰ্তি প’ৰ্টেল মুকলি কৰিছে । যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব ।

অনলাইন পদ্ধতিৰে প’ৰ্টেলটোলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিব বিচৰা শিক্ষানুষ্ঠানখনো বাচনি কৰিব পাৰিব । যিবোৰ শিক্ষানুষ্ঠানৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বৈধ ক’ড আছে সেইবোৰ শিক্ষানুষ্ঠানে নিজৰ নিজৰ শিক্ষানুষ্ঠানসমূহৰ বিষয়ে প’ৰ্টেলটোত আপডেট কৰিব লাগিব ।

online portal opening by ahsec
নামভৰ্তিৰ বাবে ‍অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ 'দৰ্পণ' পোৰ্টেল মুকলি

দৰ্পণ প’ৰ্টেলত শিক্ষানুষ্ঠানসমূহে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰ বিষয়ে অন্তৰ্ভূক্ত কৰাৰ পাছত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে ১১ আগষ্টৰ পৰা ২৫ আগষ্টৰ ভিতৰত www.darpan.ahseconline.in আৰু www.ahsec.assam.gov.in এই দুটা ৱেবচাইটলৈ গৈ নামভৰ্তিৰ বাবে নিজৰ নিজৰ আবেদনসমূহ কৰিব পাৰিব ।

২০২১ বৰ্ষৰ ছেবাই ঘোষণা কৰা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলেহে এই অনলাইন নামভৰ্তি পদ্ধতিযোগে আবেদন কৰিব পাৰিব । এইক্ষেত্ৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ছেবাৰ বাহিৰে অন্যান্য শিক্ষা ব’ৰ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে পাৰম্পৰিক পদ্ধতিৰে আবেদন কৰিব লাগিব ।

লগতে পঢ়ক : উত্তীৰ্ণৰ অভিলেখ : শিক্ষাৰ্থীয়ে ক'ত নামভৰ্তি কৰিব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.