ETV Bharat / state

মাত্ৰ এটা মাহত যোৰহাটত আবকাৰী বিভাগে নষ্ট কৰিলে ১৬৩৫ লি: দেশীয় সুৰা

author img

By

Published : Aug 3, 2021, 6:33 PM IST

আবকাৰী বিভাগ, আৰক্ষীয়ে বাৰম্বাৰ সকীয়নি দিয়াৰ পাছতো যোৰহাটৰ বিভিন্ন প্ৰান্তত একাংশ অসাধু লোকে চলাই আহিছে দেশীয় সুৰাৰ অবৈধ বেহা । যোৱা জুলাই মাহত যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে নষ্ট কৰিলে ১৬৩৫ লিটাৰ দেশীয় সুৰা । অবৈধভাৱে দেশীয় সুৰাৰ বেহা চলোৱাৰ অপৰাধত জিলাখনৰ ৪ জন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ।

Illegal liquor destroyed at Jorhat
মাত্ৰ এটা মাহত যোৰহাটত আবকাৰী বিভাগে নষ্ট কৰিলে ১৬৩৫ লিটাৰ দেশীয় সুৰা

যোৰহাট, ৩ আগষ্ট: সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুৰা, নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে । আৰক্ষীৰ জালত পৰিছে এই অবৈধ বেহাৰে জড়িত বহু লোক । লগতে লাখ লাখ টকাৰ সুৰা, নিচাজাতীয় দ্ৰব্য জব্দ কৰিছে আৰক্ষীয়ে । ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ চৰকাৰ গঠন কৰাৰ পাছতে নিচাজাতীয় দ্ৰব্য, অবৈধ সুৰাৰ ঘাটি উৎখাত কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল । তেতিয়াৰে পৰা প্ৰশাসনে ৰাজ্যৰ বিভিন্ন জিলাত অভিযান তীব্ৰতৰ কৰি তুলিছে ।

যোৰহাট জিলাও ইয়াৰ ব্যতিক্রম নহয় । যোৰহাট জিলা আবকাৰী বিষয়াই জনোৱা মতে, বিভাগটোৱে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিগত জুলাই মাহত জিলাখনৰ বিভিন্ন প্ৰান্তত ১৬৬ টা স্থানত অভিযান চালাই ১৬৩৫ লিটাৰ দেশীয় সুৰা নষ্ট কৰিছে । লগতে অবৈধভাৱে দেশীয় সুৰাৰ বেহা চলোৱাৰ অপৰাধত জিলাখনৰ ৪ জন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰিছে । চুলাই প্ৰস্তুতত ব্যৱহৃত ৬৭,৩৩৫ লিটাৰ ফাৰ্মেন্টেড ৱাছো বিভাগটোৱে নষ্ট কৰে যোৱা জুলাই মাহত ।

Illegal liquor destroyed at Jorhat
মাত্ৰ এটা মাহত যোৰহাটত আবকাৰী বিভাগে নষ্ট কৰিলে ১৬৩৫ লিটাৰ দেশীয় সুৰা

কেৱল এয়াই নহয়, বিভাগটোৱে দেশীয় সুৰা প্ৰস্তুত কৰোঁতে ব্যৱহৃত ১২১ বিধ সঁজুলি জব্দ কৰিবলৈও সক্ষম হৈছে । আনহাতে, লাওপানী তৈয়াৰ কৰোঁতে প্ৰয়োজন হোৱা ১৪১ কিলোগ্ৰাম সামগ্রীও যোৱা মাহত যোৰহাট আবকাৰী বিভাগে নষ্ট কৰিছে ।

মুঠতে জিলাখনত দেশীয় সুৰাৰ অবৈধ বেহা বন্ধ কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে । তথাপিও একাংশ লোকে আবকাৰী বিভাগৰ নিৰ্দেশক অৱমাননা কৰি এই অবৈধ বেহা চলাই আহিছে । সেয়ে, আবকাৰী বিভাগেও এইসকল ব্যৱসায়ীক নাকী লগোৱাৰ বাবে অভিযান অব্যাহত ৰাখিছে । আনহাতে, ক'ভিড-১৯ৰ সংক্ৰমণ এই চুলাই ঘাটিবোৰৰ বাবে অধিক হোৱা বুলিও ধাৰণা কৰা হৈছিল ।

Illegal liquor destroyed at Jorhat
মাত্ৰ এটা মাহত যোৰহাটত আবকাৰী বিভাগে নষ্ট কৰিলে ১৬৩৫ লিটাৰ দেশীয় সুৰা

কিয়নো, সান্ধ্য আইনৰ বাবে মানুহ বজাৰ অথবা অন্য স্থানত একত্ৰিত হ'ব নোৱাৰে যদিও এই ঘাটিবোৰত ভিৰ কৰে । সেয়ে, সংক্ৰমণৰ আশংকা বৃদ্ধি পায় । লগতে এই ধৰণৰ সুৰা স্বাস্থ্যৰ বাবেও যথেষ্ট ক্ষতিকাৰক । সেয়ে, চৰকাৰে এই অবৈধ দেশীয় সুৰা বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ হাতত লৈছে ।

লগতে পঢ়ক:গাহৰি বাবেই সংঘটিত হ’ল হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.