CBSE ৰ দশম শ্ৰেণীৰ ফলাফল: ৯৯.০৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ

author img

By

Published : Aug 3, 2021, 4:18 PM IST

CBSE class 10th result declared
মঙলবাৰে ঘোষণা কৰা হ'ল CBSEৰ দশম শ্ৰেণীৰ ফলাফল ()

মঙলবাৰে ঘোষণা কৰা হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(Central Board of Secondary Education)ৰ দশম শ্ৰেণীৰ ফলাফল । মুঠ ৯৯.০৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে চলিত বৰ্ষত । ৫৭,৮২৪ গৰাকী শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰো অধিক নম্বৰ লাভ কৰিছে । বিকল্প মূল্যায়ন পদ্ধতিৰ ভিত্তিত ঘোষণা কৰা হৈছে ফলাফল ।

নেশ্যনেল ডেস্ক, ৩ আগষ্ট : ক'ভিড-১৯ ৰ সংক্ৰমণ অব্যাহত থকা বাবে চলিত বৰ্ষত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(Central Board of Secondary Education)ৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হয় । বিকল্প মূল্যায়ন পদ্ধতিৰ ভিত্তিত মঙলবাৰে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হয় । মঙলবাৰে দুপৰীয়া ১২ বজাত ফলাফল ঘোষণা কৰে পৰিষদে ।

দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ ৯৯.০৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বেছি দেখা গৈছে । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰা মতে, ৫৭,৮২৪ গৰাকী শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰো অধিক নম্বৰ লাভ কৰিছে । ২,০০,৯৬২ জন শিক্ষাৰ্থীয়ে ৯০-৯৫ শতাংশৰ ভিতৰত নম্বৰ লাভ কৰিছে । ত্ৰিবান্দ্ৰমত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক হৈছে । ত্ৰিবান্দ্ৰমত উত্তীৰ্ণ হৈছে ৯৯.৯৯ শতাংশ শিক্ষাৰ্থী । বেংগালুৰুত উত্তীৰ্ণৰ হাৰ ৯৯.৯৬ শতাংশ আৰু চেন্নাই ৯৯.৯৪ শতাংশ ।

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক সান্যাম ভৰদ্বাজে কয় যে, ১৬,৬৩৯ জন শিক্ষাৰ্থীৰ ফলাফল এতিয়াও ঘোষণা কৰা হোৱা নাই আৰু প্ৰক্ৰিয়া অব্যাহত আছে । পূৰ্বৰ দৰে পৰীক্ষা অনুষ্ঠিত হোৱা নাই বাবে চলিত বৰ্ষত কোনো মেধাৰ তালিকা ঘোষণা কৰা নহয় আৰু শিক্ষাৰ্থীসকলক যোগ্যতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা নহয় বুলি তেওঁ স্পষ্ট কৰি দিছে ।

তেওঁ লগতে কয় যে, মুঠ ১৭,৬৩৬ গৰাকী পৰীক্ষাৰ্থীক কম্পাৰ্টমেণ্টৰ অধীনত ৰখা হৈছে । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অনুমোদিত বিদেশৰ বিদ্যালয়সমূহত ৯৯.৯২ শতাংশ শিক্ষাৰ্থীয়ে দশম শ্ৰেণীত উত্তীৰ্ণ হৈছে । কেন্দ্ৰীয় বিদ্যালয় আৰু কেন্দ্ৰীয় তিব্বতীয় বিদ্যালয় প্ৰশাসনৰ অধীনৰ বিদ্যালয়সমূহত উত্তীৰ্ণৰ হাৰ বিগত বৰ্ষবোৰত ৯৯.২৩ শতাংশ, ৯৩.৬৭ শতাংশ হোৱাৰ বিপৰীতে চলিত বৰ্ষত ১০০ শতাংশ হৈছেগৈ ।

জৱাহৰ নবোদয় বিদ্যালয়সমূহত চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ ৯৮.৬৬ শতাংশৰ পৰা ৯৯.৯৯ শতাংশলৈ উন্নীত হৈছে । চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ হৈছে ক্ৰমান্বয়ে ৯৬.০৩ আৰু ৯৫.৮৮ শতাংশ । আনহাতে, যোৱা বছৰৰ পৰা ব্যক্তিগত বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰো ছয় শতাংশতকৈও অধিক বৃদ্ধি পাইছে । সান্যাম ভৰদ্বাজে জনোৱা মতে, কম্পাৰ্টমেণ্ট পৰীক্ষা ১৬ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব ।

সঠিক তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিছে । বিকল্প মূল্যায়ন পদ্ধতি অনুসৰি, প্ৰতি বছৰত প্ৰতিটো বিষয়ৰ বাবে আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ ২০ ধৰা হয় । গোটেই বছৰটোত বিভিন্ন পৰীক্ষা বা পৰীক্ষাত শিক্ষাৰ্থীৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি মুঠ ৮০ নম্বৰ গণনা কৰা হয় । দশম শ্ৰেণীৰ ফলাফল পৰিষদৰ অফিচিয়েল ৱেবছাইট cbseresults.nic.inত উপলব্ধ হ'ব ।

শিক্ষাৰ্থীসকলে cbse.gov.in আৰু cbse.nic.inত তেওঁলোকৰ নম্বৰ চাব পাৰিব । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে টুইটযোগে জনাইছে যে, শিক্ষাৰ্থীসকলে http://cbse.in/cbse/2021/rifn ফাইণ্ডাৰ ব্যৱহাৰ কৰি তেওঁলোকৰ ৰোল নম্বৰ বিচাৰিব পাৰে । উল্লেখ্য যে, যোৱা ৩০ জুলাইত দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছিল । মুঠ উত্তীৰ্ণৰ হাৰ আছিল ৯৯.৩৭ শতাংশ ।

লগতে পঢ়ক: পাৰ নে চোৰাংচোৱা : এটা চৰায়ে ভাৰত-পাক সীমান্তত লগাইছে অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.