ETV Bharat / bharat

পাৰ নে চোৰাংচোৱা : এটা চৰায়ে ভাৰত-পাক সীমান্তত লগাইছে অথন্তৰ

author img

By

Published : Aug 3, 2021, 2:17 PM IST

Suspicious pigeon with Pakistani mobile number, ring captured in Bikaner
বিকানেৰত পাকিস্তানৰ ফোন নম্বৰ লিখা থকা কাগজসহ এটা পাৰ উদ্ধাৰ

ৰাজস্থানৰ বিকানেৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত উদ্ধাৰ হোৱা এটা পাৰ চৰাইৰ বাবে অধিক সতৰ্ক হৈ পৰিছে নিৰাপত্তা বাহিনী । আশংকাৰ কাৰণ পাৰটো ৷ কিন্তু কিয় পাৰটোৰ বাবে শংকিত হৈছে নিৰাপত্তাবাহিনী ৷

নেশ্যনেল ডেস্ক, ৩ আগষ্ট : ৰাজস্থানৰ বিকানেৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত উদ্ধাৰ হৈছে এটা পাৰ চৰাই । পাৰ চৰাইটোৰ ডিঙিত আৰু ভৰিত আছে আঙুঠি । লগতে আছে পাকিস্তানৰ ফোন নম্বৰ লিখা থকা এখন কাগজ । এতিয়া এই পাৰ চৰাইটো পাকিস্তানৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পাৰ চৰাইটো মহাজন আৰক্ষী থানাৰ অন্তৰ্গত তেজানা অঞ্চলৰ ওচৰতে দেখা পোৱা গৈছিল । পাৰটোৰ পৰা উদ্ধাৰ কৰা পাকিস্তানৰ ফোন নম্বৰ লিখা থকা কাগজখন উদ্ধাৰ হোৱাৰ পাছতে আৰক্ষীয়ে সকলোকে সতৰ্ক কৰি দিছে । প্ৰথমে গাঁৱৰ ৰাইজে পাৰ চৰাইটো প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে । পাছত চৰাইটো লুংকাৰানছাৰ আৰু মহাজন আৰক্ষীয়ে উদ্ধাৰ কৰে ।

আনহাতে, এই ঘটনাৰ পাছতে সুৰক্ষা বাহিনীও মহাজন ফায়াৰিং ৰেঞ্জত সষ্টম হৈ আছে । নিৰাপত্তা সংস্থাসমূহে পূৰ্বেও এনে ধৰণৰ বহুতো ঘটনাৰ খবৰ লাভ কৰিছিল ।

ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানৰ পৰা প্ৰেৰণ কৰা বাৰ্তাৰ সৈতে পাৰ চৰাই আৰু বেলুন দেখা পোৱা গৈছিল । আৰক্ষীয়ে জনাইছে যে, এটা পাৰ চৰাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা উদ্ধাৰ কৰাৰ পিছত যোৱা এবছৰ ধৰি পোগাল আৰক্ষী থানাত ৰখা হৈছে । আনহাতে, এনেদৰে পাকিস্তানৰ ফোন নম্বৰ কোনে প্ৰেৰণ কৰিলে তাক লৈ চিন্তাৰ উদ্ৰেক হৈছে ।

বৰ্তমান জম্মু-কাশ্মীৰৰ আকাশত সঘনাই সন্দেহজনক ড্ৰোণ উৰি থকাৰ বাবে স্বাভাৱিকতে নিৰাপত্তাক লৈ আশংকা বৃদ্ধি পাইছে । তেনে পৰিস্থিতিত এইবাৰ পাৰ চৰাই উদ্ধাৰ হোৱাটোও চিন্তাৰ বিষয় হৈ পৰিছে । সম্প্ৰতি আৰক্ষী, নিৰাপত্তা বাহিনী সষ্টম হৈ আছে ।

লগতে পঢ়ক : COVID-19: দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.