ETV Bharat / bharat

COVID-19: দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

author img

By

Published : Aug 3, 2021, 12:34 PM IST

বিগত দিনবোৰৰ তুলনাত ভাৰতত সোমবাৰে দিনটোত হ্ৰাস পালে ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য মতে, বিগত ২৪ ঘণ্টাত নতুনকৈ ৩০,৫৪৯ জন লোক আক্ৰান্ত হয় ।

India Covid Report Update
দেশত নতুনকৈ ৩০,৫৪৯ জন লোক আক্ৰান্ত

নেশ্যনেল ডেস্ক, ৩ আগষ্ট : ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ এতিয়াও অব্যাহত আছে দেশৰ প্ৰায়বোৰ ৰাজ্যত । অৱশ্যে পূৰ্বতকৈ আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে । তথাপিও সংক্ৰমণৰ ভয়াৱহতা এতিয়াও আছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ হাৰ ।

সোমবাৰে নতুনকৈ ৩০,৫৪৯ জন লোক আক্ৰান্ত হয় । আনহাতে, দেওবাৰে দিনটোত ৪০,১৩৪ জন লোক আক্ৰান্ত হৈছিল । এতিয়ালৈকে দেশত ৩,১৭,২৬,৫০৭ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । আনহাতে, যোৱা ২৪ ঘণ্টাত ৪২২ জন ৰোগীৰ মৃত্যু হৈছে ।

বৰ্তমানলৈকে দেশত ৪,২৫,১৯৫ জন ক'ভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে । বৰ্তমান দেশত ৪,০৪,৯৫৮ জন সক্ৰিয় ৰোগী আছে । ইফালে, ভাৰতত বৰ্তমানলৈকে ৩,০৮,৯৬,৩৫৪ জন লোক আৰোগ্য গৈ উঠিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ( Indian Council of Medical Research)ৰ মতে, ২ আগষ্ট পৰ্যন্ত ৪৭,১২,৯৪,৭৮৯ টা নমুনা পৰীক্ষা কৰা হৈছে । দেওবাৰে ১৬,৪৯,২৯৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতত ৪৭,৮৫,৪৪,১১৪ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । যোৱা ২৪ ঘণ্টাত ৬১,০৯,৫৮৭ জন লোকৰ টীকাকৰণ কৰা হৈছে ।

ইফালে, আন আন ৰাজ্যৰ দৰে অসমতো মহামাৰীৰ সংক্ৰমণ অব্যাহত আছে । যোৱা ২৪ ঘণ্টাত অসমত নতুনকৈ ১,২৭৫ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি দেখা পোৱা গৈছে । এই পৰিসংখ্যাসহ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ১,৭৬,১৯৭ জনলৈ বৃদ্ধি পাইছে । আনহাতে, সোমবাৰৰ দিনটোত ১৯ জন লোকে ক'ভিডৰে যুঁজি প্ৰাণ হেৰুৱাইছে ।

বৰ্তমান ৰাজ্যত ১১,০৮২ গৰাকী সক্ৰিয় ৰোগী আছে আৰু বিগত ২৪ ঘণ্টাত ১,৪৬৯ গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে । সোমবাৰে সৰ্বাধিক আক্ৰান্তৰ শীৰ্ষত আছে কামৰূপ(মহানগৰ) জিলা । জিলাখনত নতুনকৈ ২০৯ জন লোক আক্ৰান্ত হৈছে । যোৱা ২৪ ঘণ্টাত গোলাঘাট জিলাত ১০৬ গৰাকী, ডিব্ৰুগড়ত ৯০ গৰাকী আৰু কামৰূপ(গ্ৰাম্য) জিলাত ৬৯ গৰাকী লোক মহামাৰীৰ কবলত পৰিছে ।

লগতে পঢ়ক: বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হ'ব ভাৰত: মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.