ETV Bharat / bharat

মানৱীয়তাৰ অন্যতম নিদৰ্শন: মেহবুব মাছলী নামৰ ইছলাম ধৰ্মীয় এগৰাকী লোক

author img

By

Published : Aug 3, 2021, 6:14 PM IST

এগৰাকী হিন্দু যুৱকৰ সৈতে কন্যা পূজা ভাদিগেৰীক বিয়া কৰাই দিয়ে ইছলাম ধৰ্মাৱলম্বী মাছলীয়ে । কৰ্ণাটকৰ বিজয়পুৰাত বৈদিক পৰম্পৰা অনুসৰিয়ে হিন্দু যুৱকৰ সৈতে নিজ কন্যাৰ বিয়াৰ এক বিশাল অনুষ্ঠান আয়োজন কৰে মাছলীয়ে ।

Muslim man marries off adopted Hindu daughter to Hindu boy
হিন্দু কন্যাক হিন্দু যুৱকৰ সৈতে বিয়া পাতি দিলে মুছলমান পিতৃয়ে

নেশ্যনেল ডেস্ক,৩ আগষ্ট : ধৰ্মৰ নামত আজি দেশত বহু ঘটনা সংঘটিত হৈছে । লাভ জিহাদকে ধৰি ধৰ্মান্তকৰণৰ বহু ঘটনা সংঘটিত হৈ থকাৰ মাজতে কৰ্ণাটকৰ এগৰাকী ব্যক্তিয়ে দাঙি ধৰিলে মানৱীয়তাৰ অন্যতম নিদৰ্শন । বহুতৰে মনত এতিয়া ঠাই পাইছে মেহবুব মাছলী নামৰ ইছলাম ধৰ্মৰ লোকজনে । কাৰণ তেওঁ মহানুভৱতাৰ পৰিচয় দি প্ৰায় দহ বছৰ পূৰ্বে এগৰাকী অনাথ হিন্দু কিশোৰীক নিজ কন্যা হিচাপে আঁকোৱালি লৈছিল ।

ইমান দিনে লালন পালন কৰাৰ পাছত অৱশেষত এগৰাকী হিন্দু যুৱকৰ সৈতে কন্যা পূজা ভাদিগেৰীক বিয়া কৰাই দিয়ে মাছলীয়ে । তেওঁৰ এনে মহানুভৱতা দেখি এতিয়া ৰাজ্যবাসীয়ে প্ৰশংসাৰে উপচাই পেলাইছে মাছলীক । কৰ্ণাটকৰ বিজয়পুৰাত বৈদিক পৰম্পৰা অনুসৰিয়ে হিন্দু যুৱকৰ সৈতে নিজ কন্যাৰ বিয়াৰ এক বিশাল অনুষ্ঠান আয়োজন কৰে মাছলীয়ে ।

উল্লেখ্য যে নিজৰ দুগৰাকী কন্যা আৰু দুই পুত্ৰ সন্তান থকাৰ পাছতো পূজাক লালন পালনৰ বাবে আঁকোৱালি লৈছিল মাছলীয়ে । ইফালে মুছলমান হিচাপে এগৰাকী হিন্দু কিশোৰীক আঁকোৱালি লোৱাকলৈ অসন্তুষ্ট আছিল মাছলীৰ আত্মীয় । কিন্তু সকলো বাধা নেওচি মাছলীয়ে ডাঙৰ দীঘল কৰে পূজাক ।

আনকি মাছলীয়ে কয় যে পূজা এগৰাকী হিন্দু ধৰ্মৰ যুৱতী সেয়ে নিজ ধৰ্মৰে যুৱকৰ সৈতে বিয়া হোৱাটো তেওঁৰ অধিকাৰ । একে ধৰ্মৰ যুৱকৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন কৰাই দিয়াটো পিতৃ হিচাপে তেওঁৰ দায়িত্ব বুলিও উল্লেখ কৰে মাছলীয়ে । মাছলীয়ে লগতে কয় যে যদিও পূজা তেওঁৰ ঘৰত এক দশকৰো অধিক সময় আছিল ৷ তেওঁ কেতিয়াও ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বা এজন মুছলমান ব্যক্তিক বিয়া কৰাবলৈ পূজাক বাধ্য কৰোৱা নাছিল ।

তেওঁৰ মতে এয়া হৈছে নীতিৰ বিৰোধী কাম । মাছলী যথেষ্ট আনন্দিত কিয়নো দৰাৰ পিতৃ-মাতৃয়েও মাছলীক সমৰ্থন কৰিছে আৰু যৌতুকৰ দাবী নকৰাকৈয়ে পূজাক গ্ৰহণ কৰিছে । সেয়ে তেওঁ সকলোকে সম্প্ৰীতিৰে বসবাস কৰি থাকিবলৈ আহ্বান জনায় ।

অৱশ্যে চহৰখনত বহুতো সামাজিক সেৱাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধি কৰাৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে মাছলীয়ে । তেওঁ চহৰখনৰ গণেশ চতুৰ্থী আৰু নৱৰাত্ৰিকে ধৰি সকলো হিন্দু উৎসৱত অংশগ্ৰহণ কৰে । ইফালে, এনে এগৰাকী মহান লোকক পিতৃ হিচাপে পায় পূজাও যথেষ্ট সুখী ।

লগতে পঢ়ক :CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.