ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jun 5, 2022, 9:05 AM IST

Top 10 At 9 AM
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল SI জোনমণি ৰাভাক

কাৰাগাৰলৈ প্ৰেৰণ জোনমণি ৰাভাক (SI Junmoni Rabha)৷ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ জোনমণি ৰাভাক । মাজুলী আৰক্ষীয়ে গেপ্তাৰ কৰিছিল SI জোনমণি ৰাভাক ।

কোকৰাঝাৰৰত দুৰ্বৃত্তৰ গুলীচালনাত আহত ব্যৱসায়ী

কোকৰাঝাৰত পুনৰ আৰম্ভ হৈছে ধন দাবী তথা হিংসাত্মক কাৰ্যকলাপ ৷ সেৰফাংগুৰী থানাৰ অন্তৰ্গত নাৰাবাৰীত ব্যৱসায়ীলৈ গুলীচালনা দুৰ্বৃত্তৰ ৷ দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ীজন (Miscreants shoots a Businessman in Kokrajhar) ৷

PPE Kit controversy: দুই মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰীৰ টুইটযুদ্ধ তুংগত

"মণীষভাই, আপুনি নিজকে 'দুৰ্নীতি বিৰোধী' আন্দোলনৰ নেতা বুলি দাবী কৰে । ক'ভিডৰ সময়ত যেতিয়া অসমৰ হাতত এটাও পি পি ই কিট নাছিল, অসম চৰকাৰে এটা পি পি ই কিটৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়ত মোৰ পত্নীয়ে বহু কষ্ট আৰু চেষ্টাৰ বলত কিছু PPE Kit দিছিল আৰু সাধাৰণ লোকৰ জীৱন ৰক্ষা কৰিছিল ।

PPE Kit scam: অসমৰ পিপিই কিট কেলেংকাৰীৰ তদন্তৰ দাবী দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ

শেহতীয়াকৈ সৰ্বত্ৰে তোলপাৰ লগোৱা অসমৰ পিপিই কীট কেংলেকাৰীৰ তদন্ত বিচাৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মণীষ ছিছোদিয়াই ৷ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানী, ল'ৰাৰ কোম্পানীৰ প্ৰসংগতো বিস্ফোৰক মন্তব্য দিল্লীৰ উপ-মুখ্য়মন্ত্ৰীগৰাকীৰ ৷

এমাহৰ পিছতো গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো নতুন আঁচনি লোৱা নাই গুৱাহাটী পৌৰ নিগমে

পৌৰ নিগমৰ পাৰিষদখন গঠন হোৱাৰ প্ৰায় এমাহৰ পিছতো গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো নতুন আঁচনি লোৱা নাই গুৱাহাটী পৌৰ নিগমে ৷ যাৰ বাবে গুৱাহাটীৰ উন্নয়নৰ কাম স্থবিৰ হৈ পৰিছে । এই ক্ষেত্ৰত পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰনীয়া আৰু ডেপুটি মেয়ৰে এই ক্ষেত্ৰত আগভাগ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation against GMC Mayor Mrigen Sarania) ।

পুনৰ চাইবাৰ অপৰাধীৰ কৱলত অইল ইণ্ডিয়া

এইবাৰ সামাজিক মাধ্যমৰ জড়িয়তে পেজ খুলি সাধাৰণ জনতাৰ বেংক একাউন্টৰ পৰা ধন সৰকোৱাৰ ফন্দি পাতিছে চাইবাৰ চক্ৰটোৱে । এই চক্ৰটোৱে বিভিন্নজনক অইলৰ নামত কেতবোৰ মেছেজ প্ৰেৰণ কৰি ধনৰ প্ৰলোভন দিয়া বুলিও জানিব পৰা গৈছে ।

অৰণ্য মানৱৰ 'আধাৰ কাৰ্ড' নাই কিয় ?

যি গৰাকী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থই আমেৰিকাত বহুল চৰ্চা লাভ কৰিছে, যি গৰাকী ব্যক্তিক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানৰে বিভূষিত কৰিছে, যাক 'অৰণ্য মানৱ' আখ্যা দিয়া হয় সেই গৰাকী যাদৱ পায়েং আধাৰ কাৰ্ড লাভ কৰাৰ পৰা বঞ্চিত হোৱাটো দূৰ্ভাগ্যজনক ৷

মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ ভৱিষ্যতকলৈ হেতালি খেলিছে: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ ভৱিষ্যতকলৈ হেতালি খেলিছে - এইদৰে কাছাৰৰ “ডলু চাহ বাগিচাত” গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ নিকৃষ্ট ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই (Congress leader Apurva Kumar Bhattacharya criticize BJP govt) ।

PPE kit scam in Assam: ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰাইজৰ দলৰ প্ৰতিবাদ

পি পি ই কিট কেলেংকাৰীক লৈ ৰাজ্যত ব্যাপক চৰ্চা (PPE kit scam in Assam)। ক'ভিডৰ নামত হোৱা বিয়াগোম কেলেংকাৰীৰ তদন্তৰ দাবী জনাই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰাইজৰ দলৰ প্ৰতিবাদ (Raijor Dal protest against PPE kit scam) ৷

Alcohol Price Increases: সুৰাৰ মূল্যবৃদ্ধিৰ সৈতে ৰাইজৰ সম্পৰ্ক নাই: চন্দ্ৰমোহন পোটোৱাৰী

সুৰাৰ মূল্যবৃদ্ধিয়ে ৰাইজৰ ক্ষয়-ক্ষতি নকৰে (Price rise in alcohol does not harm public) ৷ কেৱল সুৰাপায়ীৰহে ক্ষতি কৰে ৷ সুৰাপায়ীক সুৰাপান ত্যাগ কৰাৰ আহ্বান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.