ETV Bharat / state

Alcohol Price Increases: সুৰাৰ মূল্যবৃদ্ধিৰ সৈতে ৰাইজৰ সম্পৰ্ক নাই: চন্দ্ৰমোহন পোটোৱাৰী

author img

By

Published : Jun 4, 2022, 9:34 PM IST

সুৰাৰ মূল্যবৃদ্ধিয়ে ৰাইজৰ ক্ষয়-ক্ষতি নকৰে (Price rise in alcohol does not harm public) ৷ কেৱল সুৰাপায়ীৰহে ক্ষতি কৰে ৷ সুৰাপায়ীক সুৰাপান ত্যাগ কৰাৰ আহ্বান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

Chandra Mohan Patowary in BTR
সুৰাৰ মূল্যবৃদ্ধি জনসাধাৰণৰ লগত সম্পৰ্ক নাই: চন্দ্ৰমোহন পোটোৱাৰী

বাক্সা, ৪ জুন: বিটিআৰৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইউপিপিএল, বিজেপি আৰু জিএচপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণ্টু বড়োৰ হৈ শনিবাৰে বাক্সাৰ জালাহত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandra Mohan Patowary in BTR)।

সভাৰ শেষত সাংবাদিকৰ আগত মন্ত্ৰী পাটোৱাৰীয়ে কয়, ‘‘এটা ভাল লক্ষণ এইটোৱেই যে বহু দিনৰ মূৰত বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে, শান্তিৰ বাতাবৰণ সৃষ্টি হৈছে । গতিকে এই শান্তিৰ বাতাবৰণটো আমাৰ বাবে ডাঙৰ কথা ।’’

সুৰাৰ মূল্যবৃদ্ধি জনসাধাৰণৰ লগত সম্পৰ্ক নাই: চন্দ্ৰমোহন পোটোৱাৰী

১৫ জুনৰ পৰা ৰাজ্যত বৃদ্ধি হ'বলগীয়া সুৰাৰ মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘সুৰাৰ মূল্যবৃদ্ধি এটা গতানুগতিক কথা ৷ সুৰাৰ মূল্যবৃদ্ধিয়ে ৰাইজৰ কোনো ক্ষতি নকৰে, বৰং যিয়ে সুৰাপান কৰে তেওঁৰহে ক্ষতি হয় (Alcohol price hike in Assam)৷ আনহাতে সুৰাপান যিহেতু স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, গতিকে সুৰাপায়ীসকলক সুৰাপান নকৰিবলৈ আহ্বান জনায় মন্ত্ৰী পাটোৱাৰীয়ে (Chandra Mohan Patowary on alcohol price)৷

লগতে পঢ়ক: Murder at rehabilitation centre: নিচামুক্তি কেন্দ্ৰত যুৱকক হত্যাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.