ETV Bharat / state

Murder at rehabilitation centre: নিচামুক্তি কেন্দ্ৰত যুৱকক হত্যাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Jun 4, 2022, 8:19 PM IST

Accused of Mamta Wellness Rehabilitation incident
নিচামুক্তি কেন্দ্ৰত যুৱকক হত্যা কৰাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ

মমতা ৱেলনেচ নিচামুক্তি কেন্দ্ৰত যুৱকক মৰিয়াই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল কেন্দ্ৰটোৰ দুজন কৰ্মচাৰীক (Accused of Mamta Wellness Rehabilitation incident) ৷ ধৃত যুৱক দুজন হৈছে নাৰেংগীৰ ভাৰ্গৱ দলে(২৭) আৰু যোৰহাটৰ মাধুৰ্য শৰ্মা(৩০)।

গুৱাহাটী, ৪ জুন: মহানগৰীৰ পূৱ শৰণীয়াৰ মমতা ৱেলনেচ(Mamta Wellness Rehabilitation) নামৰ নিচামুক্তি কেন্দ্ৰত পিংকু নাথ নামৰ এজন যুৱকক হত্যা কৰাৰ অভিযোগত কেন্দ্ৰটোৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে । ধৃত যুৱক দুজন হৈছে নাৰেংগীৰ ভাৰ্গৱ দলে(২৭) আৰু যোৰহাটৰ মাধুৰ্য শৰ্মা(৩০)। ধৃত যুৱকদ্বয়ক আৰক্ষীয়ে শনিবাৰে আদালতত হাজিৰ কৰায় ।

উল্লেখ্য যে, যোৱা ৩০ মে’ত যুৱকজনক ভৰ্তি কৰোৱা হৈছিল নিচামুক্তি কেন্দ্ৰটোত । কিন্তু ৰহস্যজনকভাৱে শুকুৰবাৰে পুৱা সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত পৰিয়ালৰ খবৰ দিয়া হয় । চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা পিংকুৰ দেহত আঘাতৰ চিন স্পষ্ট হোৱাৰ লগতে এখন হাত ভগা দেখা যায় । ইয়াৰা পাছতে যুৱকজনক কেন্দ্ৰটোত মাৰপিট কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে । ঘটনা সন্দৰ্ভত চানমাৰী আৰক্ষী থানাত(Chandmari Police Station) মমতা ৱেলনেচ নামৰ নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে ।

পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২/৩৪ ধাৰাৰ অধীনত ২৪৮/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰ্গৱ দলে আৰু মাধুৰ্য শৰ্মাক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে, ধৃত যুৱকদ্বয় কেন্দ্ৰটোৰ কৰ্মচাৰী ৷

লগতে পঢ়ক: কাৰাগাৰলৈ প্ৰৰণ কৰা হ’ল SI জোনমণি ৰাভাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.