ETV Bharat / state

PPE Kit scam: অসমৰ পিপিই কিট কেলেংকাৰীৰ তদন্তৰ দাবী দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 4, 2022, 10:24 PM IST

শেহতীয়াকৈ সৰ্বত্ৰে তোলপাৰ লগোৱা অসমৰ পিপিই কীট কেংলেকাৰীৰ তদন্ত বিচাৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মণীষ ছিছোদিয়াই ৷ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানী, ল'ৰাৰ কোম্পানীৰ প্ৰসংগতো বিস্ফোৰক মন্তব্য দিল্লীৰ উপ-মুখ্য়মন্ত্ৰীগৰাকীৰ ৷

PPE Kit scam
পিপিই কিট কেলেংকাৰীৰ তদন্তৰ দাবী দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 4 জুন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত পিপিই কীট কেংলেকাৰীয়ে(PPE kit scam of Assam) ৰাষ্ট্ৰীয় ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে । শনিবাৰে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আপ নেতৃত্বাধীন দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মণীষ ছিছোদিয়াই(Manish Sisodia) সংবাদমেল সম্বোধন কৰে । তেওঁ সংবাদিক মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত পিপ ই কীট কেংলেকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে ।

পিপিই কিট কেলেংকাৰীৰ তদন্তৰ দাবী দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ

ছিছোদিয়াই কয়, বিজেপিৰ ডাঙৰ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীৰ কোম্পানী, ল'ৰাৰ কোম্পানী তথা ল’ৰাৰ বন্ধুৰ কোম্পানীক চৰকাৰী ঠিকা দিয়াটো চৰম দুৰ্নীতি । এই ক্ষেত্ৰত বিজেপিৰ নেতাসকল কিয় মৌণ হৈ আছে বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নাম ইটোৰ পাছত সিটো কেলেংকাৰীত সাঙোৰ খাই পৰা দেখা গৈছে । দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানত শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানীয়ে ক'ভিড পৰিস্থিতিত পি পি ই কিট অধিক দামত চৰকাৰক যোগান ধৰাৰ তথ্য ফাদিল হৈছে ।

পিপিই কিট কেলেংকাৰীৰ তদন্তৰ দাবী দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ

ক'ভিডৰ জৰুৰীকালীন সময়ত চৰকাৰী সিদ্ধান্তৰ পূৰ্বেই তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী শৰ্মাৰ পত্নী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ঘনশ্যাম ধানুকাই ৬৫ শতাংশ অধিক দৰত জৰুৰীকালীন পিপিই কিট যোগানৰ ঠিকা নীতি বহির্ভূতভাৱে লাভ কৰিছিল । প্ৰথমবাৰ সময়মতে কিট যোগান ধৰিব নোৱাৰাত সেই চৰকাৰী নিৰ্দেশ বাতিল কৰি পুনৰ চিকিৎসা সামগ্ৰী যোগানৰ কোনো অভিজ্ঞতা নথকা মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানকে আকৌ ঠিকা প্ৰদান কৰা কাৰ্য নিন্দনীয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ এই সংবাদমেলৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: আগৰ দৰে নাথাকিব মেট্ৰিক পৰীক্ষাৰ মানদণ্ড: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.