ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 21, 2022, 9:00 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰাৰ অভিযোগ তুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত গোচৰ তৰিছে ।

আমিনগাঁও বায়টেক পাৰ্কত অসম জৈৱ প্ৰযুক্তি সন্মিলন

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যানৰ প্ৰযুক্তি ইনকুবেশ্যন কেন্দ্ৰ (Technology Incubation Centre)ৰ ৷ অসম জৈৱ প্ৰযুক্তি সন্মীলন-২০২২(Assam Biotech Conclave 2022) ৰো মুকলি কৰা হয় ।

আৰ্থিক সংকট: ৰাজীৱ ভৱনক ব্যৱসায়িক কমপ্লেক্স কৰাৰ প্ৰস্তাৱ

গুৱাহাটীৰ মাজমজিয়াত থকা প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ক(Guwahati Rajiv Bhavan) ব্যৱসায়িক কমপ্লেক্স হিচাপে গঢ় দিয়াৰ চিন্ত‍া-চৰ্চা কৰি শীৰ্ষ নেতৃত্বলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে । শীৰ্ষ নেতৃত্বৰ অনুমতি পালেই ৰাজীৱ ভৱনক ব্যৱসায়িক কমপ্লেক্স ৰূপে গঢ়ি তোলা হ'ব ।

তেজপুৰত মন্ত্ৰী পীযুষৰ পৰ্যালোচনা বৈঠক: ৰাজীৱ ভৱন প্ৰসংগত কটাক্ষ

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে তেজপুৰত উপস্থিত (Minister Pijush Hazarika visits Tezpur) হৈ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়নকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ।

আই আই টি গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ

আই আই টি গুৱাহাটীৰ চৌহদত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ ( North east research conclave)। এই ক'নক্লেভ উদ্বোধন কৰে কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে । অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই কয় যে অহা বছৰৰ পৰা এই নৰ্থ ইষ্ট ৰিচাৰ্ছ ক'নক্লেভ ইণ্ডিয়া ৰিচাৰ্ছ ক'নক্লেভ হিচাপে আয়োজন কৰা হ'ব ।

KAAC Election 2022: চি পি আই (এম এল)ৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ (Karbi Anglong Autonomous Council Election 2022)বাবে ঘোষণা কৰা হৈছে আজি চি পি আই (এম এল) দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা(CPI (ML) releases candidate list for KAAC election) ৷ হিলছ পাৰ্টী কমিটীৰ নেতা ৰবি কুমাৰ ফাংছ'ই সংবাদমেলযোগে ঘোষণা কৰে এই তালিকা ৷

কংগ্ৰেছে ভাড়া লৈ চলিব পাৰিব, কিন্তু ৰাইজৰ মন জয় কৰিব নোৱাৰে: পীযুষ হাজৰিকা

শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে এক সংবাদমেলযোগে মন্তব্য কৰে যে, গুৱাহাটীস্থিত ৰাজীৱ ভৱনক কমাৰ্চিয়েল কমপ্লেক্স হিচাবে গঢ় দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে (Rajiv Bhawan to be commercial complex)৷ কংগ্ৰেছৰ ভিতৰ চ’ৰাত আৰ্থিক দুৰৱস্থাই দেখা দিয়াৰ কথাও তেওঁ প্ৰকাশ কৰে ৷ এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে মন্তব্য ৷

স্বাস্থ্য বিষয়াক কাঢ়া নিৰ্দেশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাৰ

শুকুৰবাৰে ত্ৰিপুৰাৰ জি বি পন্ট হাস্পতাল পৰিদৰ্শন কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাই(Tripura CM Manik Saha visits GB Pant Hospital) । চিকিৎসালয়খন পৰিদৰ্শন কৰি ড০ মানিক সাহাই চিকিৎসালয়খনে দি অহা স্বাস্থ্যসেৱা আৰু বৃদ্ধি কৰিবলৈ দিলে নিৰ্দেশনা(Tripura CM orders minimum service and enhancement of GB Pant Hospital) ।

Pegasus probe: পেগাচাছ সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন দাখিলৰ সময় বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ

পেগাচাছ সন্দৰ্ভত কাৰিকৰী আৰু পৰ্যৱেক্ষক সমিতিক প্ৰতিবেদন দাখিলৰ বাবে সময়সীমা বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে (SC extends time for submitting Pegasus probe report)। মে' মাহৰ শেষৰফালে সম্পূৰ্ণ হ'ব তদন্ত প্ৰক্ৰিয়া । তাৰ পাছতহে প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব ।

বিচ্ছেদৰ বাতৰি ক'ৰবাতে ৰ’ল : কায়াৰাৰ ছবিৰ স্ক্ৰীণিঙত সিদ্ধাৰ্থই কৰিলে আলিংগন

ছ'চিয়েল মিডিয়াত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে (Sidharth Kiara latest update) ৷ কিয়াৰা অভিনীত ভুল-ভুলইয়া ছবিখনৰ স্ক্ৰীণিঙত দেখা গ’ল সিদ্ধাৰ্থ মলাহোত্ৰাক ৷ কেৱল উপস্থিত হোৱাই নহয় বিচ্ছেদৰ বাতৰি ক'ৰবাতেই ৰাখি কিয়াৰাক আলিংগনো কৰিলে সিদ্ধাৰ্থে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.