ETV Bharat / state

KAAC Election 2022: চি পি আই (এম এল)ৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

author img

By

Published : May 20, 2022, 10:08 PM IST

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ (Karbi Anglong Autonomous Council Election 2022)বাবে ঘোষণা কৰা হৈছে আজি চি পি আই (এম এল) দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা(CPI (ML) releases candidate list for KAAC election) ৷ হিলছ পাৰ্টী কমিটীৰ নেতা ৰবি কুমাৰ ফাংছ'ই সংবাদমেলযোগে ঘোষণা কৰে এই তালিকা ৷

CPI (ML) releases candidate list for KAAC election 2022
KAAC Election 2022: চি পি আই (এম এল)ৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

ডিফু, ২০ মে' : ৮ জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ (Karbi Anglong Autonomous Council Election 2022) বাবে শুকুৰবাৰে চি পি আই (এম এল) দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয় । দলটোৰ হিলছ পাৰ্টী কমিটীৰ জেষ্ঠ নেতা ৰবি কুমাৰ ফাংছ'ই শুকুৰবাৰে ডিফুত এক সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ অন্তৰ্গত ২৬ টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা‌ ঘোষণা কৰে (CPI (ML) releases candidate list for KAAC election)।

KAAC Election 2022: চি পি আই (এম এল)ৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

সেই অনুসৰি, বিথুং ৰেংথামা সমষ্টিত কাংবুৰা হাঞ্চে, কপিলীত বীণা ৰংপী, আমৰেঙত চন্দ্ৰছিং তিমুং, হাওৰাঘাটত ইশ‌্বৰ কোঁৱৰ, লাংফেৰত লংকিৰাম টকবী, ফুলনিত বিদ্যাছিং টেৰণ, লাংহিনত কামেন ৰংপিপী, কৰকাণ্ঠিত জয়ছিং ৰংপি, ধনশিৰিত বিক্ৰমছিং তেৰাং, সিংহাসনত ৱেলচন ৰংফাৰ, বৰজানত কলমছিং টেৰণ, সৰুপথাৰত আমলং ইংতি, দেওপানীত ৰবিচন তেৰাং, নিলীপত জয়ছিং টেৰণ, আৰু দুৱাৰ বাগৰি সমষ্টিত ৰৱেলচন ক্ৰ'ক দলটোৰ হৈ প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷

আনহাতে উক্ত সংবাদমেলৰ জৰিয়তে চিপিআই (এমএল) দলৰ জেষ্ঠ নেতাগৰাকীয়ে পূৰ্বৰ দলৰ শাসন কালত কাৰ্বি আংলঙত নিবনুৱাক উৎকোচ নিদিয়াকৈ চাকৰি লাভ কৰাৰ লগতে দুৰ্নীতিমুক্তভাৱে উন্নয়নৰ কাম-কাজ কৰা হৈছিল বুলি মন্তব্য কৰে । ইফালে, সংবাদমেলত চিপিআই (এমএল) দলৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিমা ইংহিপী, নিখিল ভাৰত ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰঞ্জিত ক্ৰামছা উপস্থিত থাকে ।

লগতে পঢ়ক : KAAC Election 2022: কংগ্ৰেছৰ প্ৰথমখন ২২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.