বিহু সমিতিৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ; আইনৰ কাষ চপাৰ ইংগিত সান্নিধ্য ভূঞাৰ - SANNIDHYA BHUYAN CONTROVERSY
Sannidhya Bhuyan: প্ৰয়োজন হ'লে আইনৰ কাষ চাপিব শিল্পী সান্নিধ্য ভূঞা । সংবাদমেল অনুষ্ঠিত কৰি ভুল তথ্য দিয়াৰ অভিযোগ বিহু সমিতিৰ বিৰুদ্ধে ৷ ব'হাগী সন্মিলনৰ সমিতি আৰু আমন্ত্ৰিত শিল্পীৰ মাজত চলিছে এতিয়া অভিযোগ-প্ৰতিঅভিযোগ ।

Published : May 17, 2024 at 10:15 PM IST
ডিব্ৰুগড়, ১৭ মে': ৰাজ্যত চলি থকা বিহু সন্মিলনসমূহত এজনৰ পাছত আন এজন শিল্পী সোমাই পৰিছে বিতৰ্কত । ব'হাগী সন্মিলনৰ আয়োজক কমিটী আৰু শিল্পীৰ মাজত চলিছে কি ? এফালে যদি শিল্পীয়ে কমিটীৰ ওপৰত অভিযোগ কৰে আনফালে কমিটীয়ে আকৌ শিল্পীৰ ওপৰত অভিযোগ কৰে । এইবাৰ বিহু মঞ্চত বহু কেইজন জ্যেষ্ঠ কণ্ঠশিল্পী অপমানিত হ'বলগা হৈছে ।
শেহতীয়াকৈ নতুন প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী শিল্পী সান্নিধ্য ভূঞাক বিহু মঞ্চত বিহু সমিতিৰে অপদস্থ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । শিল্পী সান্নিধ্য ভূঞাৰ অভিযোগৰ পাছতে বৰপেটাৰোডৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়াসকলে সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ অভিযোগ অস্বীকাৰ কৰিছিল ।
যোৱা ১২ মে’ৰ নিশা দহ বজাত বৰপেটাৰোডৰ বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে শিল্পীগৰাকীৰ সৈতে চুক্তি হৈছিল যদিও কিন্তু শিল্পী সানিধ্য ভূঞাই সেইদিনা নিশা ১০ বাজি ৪৫ মিনিটতহে বৰপেটাৰোডত আহি উপস্থিত হৈছিল বুলি জনাই উদ্যোক্তাসকলে ৷
সংবাদমেলৰ পাছতে ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ শিল্পী সানিধ্য ভূঞা আৰু সহশিল্পীৰ । সংবাদমেল অনুষ্ঠিত কৰি বিহু সমিতিয়ে ভুল তথ্য দিছে বুলি জনালে শিল্পী সানিধ্য ভূঞা আৰু তেওঁৰ সহশিল্পীয়ে । ১০ বাজি ৩ মিনিট যোৱা পাছতে বিহু মঞ্চৰ ওচৰত পোৱা বুলি দাবী কৰি সান্নিধ্য ভূঞাৰ সহশিল্পীগৰাকীয়ে কয়, "আমি পায়ে বিষয়ববীয়াসকলক ফোন কৰিছিলো । কিন্তু তেওঁলোক ১৫ ৰ পৰা ২০ মিনিটৰ পাছতহে আহিছিল আমাৰ ওচৰলৈ । তেতিয়া মঞ্চত অনুষ্ঠান চলি আছিল । আমি কেৱল ২০ মিনিট সময় জিৰণিৰ বাবে বিচাৰিছিলো । বিহু সমিতিয়ে দাবী কৰাৰ দৰে তাত সেইদিনা কোনো চকী ভঙা পৰিস্থিতি হোৱা নাছিল ।"
আনহাতে সান্নিধ্য ভূঞাই কয়, "যিহেতু কমিটীয়ে আমাৰ ওপৰত মিছা অভিযোগ দিছে প্ৰয়োজন হ'লে আইনৰ কাষ চাপিম ।" মুঠৰ ওপৰত এতিয়া ব'হাগী সন্মিলনৰ সমিতি আৰু আমন্ত্ৰিত শিল্পীৰ মাজত চলিছে এতিয়া অভিযোগ-প্ৰতিঅভিযোগ ।

