ETV Bharat / entertainment

কিমান দুখত এগৰাকী শিল্পীয়ে ক’ব পাৰে নিজৰ প্ৰিয় শিল্পৰ পৰা আঁতৰি থকাৰ কথা ? - sannidhya bhuyan bihu function

author img

By ETV Bharat Entertainment Team

Published : May 17, 2024, 1:03 PM IST

Sannidhya Bhuyan : বিহুমঞ্চত অপমানিত হ'ল কণ্ঠশিল্পী সান্নিধ্য ভূঞা । অনুষ্ঠান পৰিৱেশনত ৩০ মিনিট পলম হোৱাৰ বাবেই অপমান কণ্ঠশিল্পীগৰাকীক ।

Sannidhya Bhuyan
সান্নিধ্য ভূঞা (Sannidhya Bhuyan social media)

গুৱাহাটী, 17 মে’ : চলিত বৰ্ষত ৰঙালী বিহু মঞ্চত অনুষ্ঠান পৰিৱেশনত কৰাৰ সময়ত অপমানিত হ’বলগীয়া হৈছে বহুকেইগৰাকী শিল্পী । ব’হাগ মাহ শেষ হ'ল যদিও শেষ হোৱা নাই বিহু ফাংশ্যনৰ লগতে বিহুমঞ্চৰ বিতৰ্ক । কৰবাত যদি সুৰাপান কৰি বিহু সমিতিয়ে মঞ্চতে শিল্পীক অপমান কৰিছে, কৰবাত আকৌ চুক্তিৰ ধন দিব নোৱাৰি প্ৰতাৰণা কৰিছে শিল্পীক । এইবাৰ বিহুমঞ্চত প্ৰতাৰিত হ'ল কণ্ঠশিল্পী সান্নিধ্য ভূঞা ।

যোৱা ১২ মে’ তাৰিখে বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ অনুষ্ঠান আছিল ৷ জনপ্ৰিয় কণ্ঠশিল্পী সান্নিধ্য ভূঞাই উক্ত অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কথা । নিৰ্ধাৰিত সময়তকৈ উক্ত অনুষ্ঠানত ৩০ মিনিট সময় পলমকৈ উপস্থিত হ’ল সান্নিধ্য ভূঞা ৷ সময়তকৈ পলমকৈ বিহুতলীত উপস্থিত হোৱাৰ বাবেই মঞ্চতে অপমান কৰা হ’ল শিল্পীগৰাকীক ।

জানিব পৰা অনুসৰি, ১১ মে’ তাৰিখে শিৱসাগৰত অনুষ্ঠান আছিল শিল্পী গৰাকীৰ । ১২ মে’ ৰ দিনা পুৱা ৬ বজাত শিৱসাগৰৰ পৰা বৰপেটা অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল শিল্পীগৰাকীয়ে । বৰপেটাত অনুষ্ঠান পৰিৱেশনৰ সময় আছিল নিশা ১০ বজাত । দূৰণিবটীয়া বাটৰ বাবে সান্নিধ্য ভূঞা দলসহ বৰপেটাত উপস্থিত হয় নিশা ১০.৩০ বজাত ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীৰ দলৰ প্ৰান্তিক দাসে সামাজিক মাধ্যমত এক পোষ্ট যোগে উল্লেখ কৰে, ‘‘যেতিয়া ১০ টা বাজি পাৰ হৈ গৈছে, আমাক কমিটিৰে কোনোবা এজনে ফোন কৰি প্ৰথমেই আমাৰ মেনেজাৰক অলপমান টান ভাষাৰে ক’লে যে আপোনালোকে ক’তো জিৰণি লব নালাগে, পোনে পোনে মঞ্চলৈ আহি গীত পৰিৱেশন কৰিব লাগিব । যেতিয়া আমি আমাৰ ভাগৰ লাগি থকাৰ বাবে তেওঁলোকক ৩০ মিনিট সময় বিচাৰিছিলো তেতিয়া তেওঁলোকে কণ্ঠশিল্পীগৰাকী এতিয়া নাহিলেও, বাদ্যযন্ত্ৰীসকলকে মঞ্চত উঠাই দিয়ক বুলি কৈছিল ।’’’

‘‘মঞ্চত উঠাৰ পাচত মঞ্চৰ কাষত ১০ জনতকৈ অধিক বয়োজ্যেষ্ঠ (আনুমানিক ৪০ৰ উৰ্দ্ধৰ) মানুহে আমাৰ মেনেজাৰজনক আগুৰি লৈ বেয়া বেয়া কথা ক’বলৈ আৰম্ভ কৰাৰ লগতে এজনে মাৰিবলৈয়ো খেদি আহে । গোটেই খিনিয়ে সুৰামত্ত হৈ আমাৰ মেনেজাৰজনক অশ্লীল ভাষাৰে গালি পৰাৰ লগতে আক্ৰমণ কৰিবলৈ বাৰে বাৰে খেদি আহে, তেনে অৱস্থাতে আমাৰ দলৰ মেনেজমেন্টৰ আৰু এজন সদস্য গৈ পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছিল যদিও তেওঁকো যথেষ্ট বেয়া মাত মাতি আক্ৰমণ কৰিবলৈ আহে ৷’’এই ভাষ্য প্ৰান্তিকৰ ৷

তাতোকৈ দুখৰ কথা যে কণ্ঠশিল্পীগৰাকীক বাদ্যযন্ত্ৰ ঠিক নহওতেই জোৰ কৰি মঞ্চত উঠাই দিয়াৰো অভিযোগ তুলিছে তেওঁৰ দলৰ সদস্যই । কণ্ঠশিল্পী গৰাকী মঞ্চত উঠাৰ লগে লগে মঞ্চতে অশ্লীল শব্দৰে কণ্ঠশিল্পী গৰাকীক গালি গালাজ কৰাৰো অভিযোগ উঠিছে । এই ঘটনাৰ সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উল্লেখ কৰে ৷

তেওঁ কয়, ‘‘সঁচাই ১২.০৫.২৪ তাৰিখৰ এই ঘটনাটোৰ পৰা মই মানসিকভাৱে বাৰুকৈয়ে ভাগি পৰিছো । বিহুমঞ্চত প্ৰায়ে এনেধৰণে কণ্ঠশিল্পীক কৰা অপমানৰ কথা দেখি, শুনি আছিলো । ঠিক সেইদৰে সেইদিনাও মোৰ লগতো তেনেকুৱা এটা ঘটনাই ঘটিল । সঁচাই যদি বিহুৰ মঞ্চত আমাৰ দৰে কণ্ঠশিল্পীসকলৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰে, তেন্তে গান গোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈ পৰিম ।’’

লগতে পঢ়ক :

মাজুলীৰ বিহু অনুষ্ঠানত বিতৰ্ক জৰুৰী নেকি ? - manas robin bihu show in majuli

কিয় আইনৰ কাষ চাপিবলগীয়া হ'ল কণ্ঠশিল্পী মণ্টুমণি ? - Controversy in Dibrugarh Bihu show

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.