ETV Bharat / state

কিয় আইনৰ কাষ চাপিবলগীয়া হ'ল কণ্ঠশিল্পী মণ্টুমণি ? - Controversy in Dibrugarh Bihu show

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 7:50 PM IST

Singer Mantumani Saikia: বিহু সন্মিলন সমিতি আৰু আমন্ত্ৰিত শিল্পীৰ মাজত চলিছে এতিয়া অভিযোগ-প্ৰতিঅভিযোগ । কণ্ঠশিল্পী মন্টুমনি শইকীয়াই আইনৰ কাষ চপাৰ বিপৰীতে শিল্পীগৰাকীৰ ওচৰত ক্ষমা বিচাৰিছে সমিতিয়ে ।

Singer Mantumani Saikia files complaint against Bihu committee
কিয় আইনৰ কাষ চাপিবলগীয়া হ'ল কণ্ঠশিল্পী মণ্টুমণি ? (ETV Bharat Assam)

কিয় আইনৰ কাষ চাপিবলগীয়া হ'ল কণ্ঠশিল্পী মণ্টুমণি ? (ETV Bharat Assam)

ডিব্ৰুগড়, ১৫ মে': ৰাজ্যত চলি থকা বিহু সন্মিলনসমূহত এজনৰ পাছত আন এজন শিল্পী সোমাই পৰিছে বিতৰ্কত । বিহু সন্মিলনৰ আয়োজক কমিটী আৰু শিল্পীৰ মাজত চলিছে কি ? এফালে যদি শিল্পীয়ে কমিটীৰ ওপৰত অভিযোগ কৰে আনফালে কমিটীয়ে আকৌ শিল্পীৰ ওপৰত উত্থাপন কৰিছে অভিযোগ । ইয়াৰ মাজতে বুধবাৰে ব'হাগী বিদায় মহোৎসৱৰ উদযাপন সমিতিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰে কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই ।

বেনাৰ-পোষ্টাৰত কণ্ঠশিল্পীগৰাকীৰ ফটোসহ নাম ব্যৱহাৰ কৰি প্ৰচাৰৰ অভিযোগ বৃহত্তৰ ডিব্ৰুগড়ৰ আমোলাপট্টি গাৰ্ডপাৰা ব'হাগী বিদায় মহোৎসৱৰ উদযাপন সমিতিৰ বিৰুদ্ধে । ১৫ মে' অৰ্থাৎ আজি আয়োজন কৰা একাদশ বাৰ্ষিক ব'হাগী বিদায় মহোৎসৱৰ বাবে আগধন দি বেনাৰ, প'ষ্টাৰত মন্টুমনিৰ ফটোসহ নাম প্ৰচাৰ কৰিছিল সমিতিখনে । কিন্তু অতি ৰহস্যজনকভাৱে নিৰ্ধাৰিত দিনটোৰ আগদিনা প্ৰশাসনৰ অনুমতি নোপোৱা বাবে অনুষ্ঠান বাতিল কৰা বুলি উদযাপন সমিতিয়ে অৱগত কৰে বুলি কণ্ঠশিল্পীগৰাকীয়ে জানিবলৈ দিয়ে ।

ইয়াৰ পাছতে ডিব্ৰুগড়ৰ উক্ত বিহু সমিতিখনৰ বিষয়ববীয়াসকলে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি বৃহত্তৰ আমোলাপট্টি গাৰ্ডপাৰা কমিটিয়ে দুদিনীয়াকৈ অৰ্থাৎ ১৪ আৰু ১৫ মে'ত একাদশ সংখ্যক ব'হাগী বিদায় অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু নিশা সাংস্কৃতিক অনুষ্ঠানৰ বাবে শিল্পী হিচাপে মন্টুমনি শইকীয়াক আমন্ত্ৰণ জনাবৰ বাবে তেওঁৰ অনুমতি লৈ ৫০০০ টকা আগধন হিচাপে প্ৰদান কৰিছিল কমিটীৰ বিষয়ববীয়াসকলে ।

অনিবাৰ্য কাৰণত ব'হাগী বিদায় আয়োজন কৰা স্থান সলনি কৰিবলগীয়া হোৱাত পুনৰ এক নতুন স্থানৰ বাবে জিলা প্ৰশাসনৰ অনুমতি নোপোৱাৰ বাবে কমিটীৰ বিষয়ববীয়া সকলে বিহু পতাৰ আশা এৰি দিছিল আৰু ৯ মে'ৰ দিনা মন্টুমনি শইকীয়াক ফোনযোগে সকলো বিষয় অৱগত কৰে । ১০ মে'ৰ দিনা প্ৰশাসনৰ পৰা বিহু পাতিবলৈ অনুমতি প্ৰদান কৰা হয় যদিও উদ্যোক্তা সমিতিৰ বিষয়াসকলে বিহু পতাৰ আশা এৰি দিছিল আৰু কোনোমতে দায়িত্ব পালন কৰিবলৈ সৰুকৈ এখন মঞ্চ তৈয়াৰ কৰি কেইখনমান চকী গোটাই ব'হাগী বিদায় আয়োজন কৰিছিল ।

এই সকলো কথা কণ্ঠশিল্পীগৰাকীৰ মেনেজাৰক ফোনযোগে অৱগত কৰে । কিন্তু সাংস্কৃতিক অনুষ্ঠান বাতিল হোৱা পাছতেই কোনো ধৰণৰ লিখিত পত্ৰত স্বাক্ষৰ নকৰাকৈ, বিহু মঞ্চত অনুষ্ঠান নকৰাকৈ কণ্ঠশিল্পী মন্টুমণি শইকীয়াৰ মেনেজাৰে "বৃহত্তৰ আমোলাপট্টি গাৰ্ডপাৰা" কমিটীৰ বিষয়ববীয়াক ফোন কৰি দুই লাখ টকা বিচাৰি বাৰে বাৰে মানসিক হেঁচা প্ৰয়োগ কৰি বিভিন্ন ধৰণৰ ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

ইতিমধ্যে চৰাইদেউৰ সোণাৰি আৰক্ষীয়ে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে । আনহাতে কণ্ঠশিল্পী মন্টুমনি শইকীয়াই আইনৰ কাষ চপাৰ বিপৰীতে কমিটীৰ বিষয়ববীয়া সকলে সংবাদ মাধ্যমৰ যোগেদি কণ্ঠশিল্পী মণ্টুমনি শইকীয়াক ৰাজহুৱাকৈ ক্ষমা খোজাৰ লগতে আগন্তুক দিনত বৃহত্তৰ আমোলাপট্টি গাৰ্ডপাৰা বিহু মঞ্চত পুনৰ আমন্ত্ৰণ জনাই ৰাজহুৱাকৈ কণ্ঠশিল্পী মণ্টুমনি শইকীয়াক সম্বৰ্ধনা জনোৱাৰ কথা প্ৰকাশ কৰে । মুঠৰ ওপৰত ব'হাগী সন্মিলনৰ সমিতি‌ আৰু আমন্ত্ৰিত শিল্পীৰ মাজত চলিছে এতিয়া অভিযোগ প্ৰতিঅভিযোগ ।

লগতে পঢ়ক: ৰ’ৱ নোৱাৰিলে প্ৰিয় শিল্পীক সন্মুখত পাই; পিছে তাৰ পিচতেই লাগিল অথন্তৰ - Home Guard Suspended

মাজুলীৰ বিহু অনুষ্ঠানত বিতৰ্ক জৰুৰী নেকি ? - Manas Robin Bihu Show In Majuli

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.