ETV Bharat / bharat

Pegasus probe: পেগাচাছ সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন দাখিলৰ সময় বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : May 20, 2022, 5:23 PM IST

পেগাচাছ সন্দৰ্ভত কাৰিকৰী আৰু পৰ্যৱেক্ষক সমিতিক প্ৰতিবেদন দাখিলৰ বাবে সময়সীমা বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে (SC extends time for submitting Pegasus probe report)। মে' মাহৰ শেষৰফালে সম্পূৰ্ণ হ'ব তদন্ত প্ৰক্ৰিয়া । তাৰ পাছতহে প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব ।

Pegasus probe
পেগাচাছ সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন দাখিলৰ সময় বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, ২০ মে': পেগাচাছ সম্পৰ্কে উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে (SC on Pegasus)। পেগাচাছ বিষয়টো সন্দৰ্ভত কাৰিকৰী আৰু পৰ্যৱেক্ষক সমিতিক প্ৰতিবেদন দাখিলৰ বাবে সময়সীমা বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে (SC extends time for submitting Pegasus probe report)। জুলাই মাহলৈ প্ৰতিবেদন দাখিলৰ সম্ভাৱনা ।

উল্লেখ্য যে পেগাচাছৰ সমগ্ৰ বিষয়টো চোৱা-চিতাৰ বাবে উচ্চতম ন্যায়ালয়ে এক বিশেষ সমিতি গঠন কৰিছিল । সমিতিৰ তদন্তৰ অগ্ৰগতি সম্পৰ্কে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বৰ এখন বিচাৰপীঠে কয় যে স্পাইৱেৰৰ তদন্তৰ বাবে ২৯ টা সংক্ৰমিত ম'বাইল ফোন (infected mobile phones) পৰীক্ষা কৰা হৈছে আৰু প্ৰক্ৰিয়াটো চাৰি সপ্তাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে (29 infected mobile phones are being examined for Pegasus)। ম'বাইল পৰীক্ষা কৰি থকাৰ লগতে একাংশ সাংবাদিককে ধৰি বিভিন্ন ব্যক্তিৰ ভাষ্যও গ্ৰহণ কৰা হৈছে বুলি বিচাৰপীঠে উল্লেখ কৰে ।

বিচাৰপীঠৰ মতে 'সংক্ৰমিত সঁজুলি' (Infected device) পৰীক্ষা কৰাৰ বাবে SOP চূড়ান্ত কৰা হ'ব । আনহাতে কাৰিকৰী সমিতিৰ তদন্ত মে' মাহৰ শেষৰ ফালে শেষ হোৱাৰ সম্ভাৱনা আছে । বিচাৰপীঠে উল্লেখ কৰা মতে পৰ্যৱেক্ষক ন্যায়াধীশে বিচাৰপীঠৰ পৰ্যৱেক্ষণৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰিব । পৰ্যৱেক্ষক বিচাৰকে তাৰ পিছত তেওঁৰ প্ৰতিবেদন দাখিল কৰিব । সম্ভৱত জুলাই মাহত প্ৰতিবেদন দাখিল কৰিব বুলি মুখ্য ন্যায়াধীশে উল্লেখ কৰে ।

উল্লেখ্য যে, ২০২১ চনত সংসদৰ বৰ্ষাকলীন অধিৱেশনৰ সময়তে পোহৰলৈ আহিছিল এই পেগাচাছ স্পাইৱেৰ ৷ ভাৰতীয় সাংবাদিকৰ লগতে কিছুসংখ্যক মন্ত্ৰীক লক্ষ্য কৰি চোৰাংভাৱে নিৰীক্ষণ(snooping) কৰা বুলি এটা আগশাৰীৰ সংবাদগোষ্ঠীয়ে এক প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতে পেগাচাছৰ বিষয়টোৱে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল ৷ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে গণতন্ত্ৰৰ প্ৰতি ভাবুকিস্বৰূপ বুলি একাংশই মন্তব্য কৰাৰ বিপৰীতে কংগ্ৰেছে সমগ্ৰ বিষয়টোৰ সৈতে বিজেপি জড়িত আছে বুলি অভিযোগ উত্থাপন কৰিছিল ৷

লগতে পঢ়ক :1988 road rage case : আত্মসমৰ্পণৰ বাবে কেইসপ্তাহমান সময় লাগে নৱজ্যোৎ সিং সিদ্ধুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.