ETV Bharat / entertainment

বিচ্ছেদৰ বাতৰি ক'ৰবাতে ৰ’ল : কায়াৰাৰ ছবিৰ স্ক্ৰীণিঙত সিদ্ধাৰ্থই কৰিলে আলিংগন

author img

By

Published : May 20, 2022, 6:43 PM IST

ছ'চিয়েল মিডিয়াত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে (Sidharth Kiara latest update) ৷ কিয়াৰা অভিনীত ভুল-ভুলইয়া ছবিখনৰ স্ক্ৰীণিঙত দেখা গ’ল সিদ্ধাৰ্থ মলাহোত্ৰাক ৷ কেৱল উপস্থিত হোৱাই নহয় বিচ্ছেদৰ বাতৰি ক'ৰবাতেই ৰাখি কিয়াৰাক আলিংগনো কৰিলে সিদ্ধাৰ্থে ৷

Sidharth Malhotra and kiara Advani
আলিংগন কৰিলে সিদ্ধাৰ্থ কিয়াৰাই

চিটাৰা ডেস্ক, 20মে’: অলপতে স্ক্ৰীণিং কৰা হৈছিল কাৰ্তিক আৰ্য়ান আৰু কিয়াৰা আদৱানী অভিনীত 'ভুল ভুলইয়া ২'ৰ । স্ক্ৰীণিঙত টিভি জগত আৰু হিন্দী চিনেমাৰ বহুতো তাৰকা উপস্থিত আছিল ( Bhool Bhulaiya 2 )। কিয়াৰা আদৱানীৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা সিদ্ধাৰ্থ মালহোত্ৰাও উপস্থিত হয়গৈ 'ভুল ভুলইয়া২'ৰ স্ক্ৰীণিঙত । তাতেই ভীৰৰ মাজত সিদ্ধাৰ্থ-কিয়াৰাই আকোঁৱালি ধৰিছিল ইজনে সিজনক ।

সেই ভিডিঅ’টোৱেই এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত (Sidharth Malhotra and kiara Advani video viral)। 'ভুল ভুলইয়া 2'ৰ স্ক্ৰীণিঙৰ সময়ৰ এই ভিডিঅ'টো দেখাৰ পিছত যিকোনো লোকৰে বিভ্ৰান্তি আঁতৰ হ'ব । বিগত অলপ সময় ধৰি চলি থকা সিদ্ধাৰ্থ-কিয়াৰাৰ বিচ্ছেদৰ বাতৰি সম্পূৰ্ণ নস্যাৎ কৰিছে এই ভিডিঅ’টোৱে । চাওক ভিডিঅ'টো ...

সিদ্ধাৰ্থ-কিয়াৰাক ছলমান খানৰ ভগ্নী অৰ্পিতা খানই আয়োজন কৰা ঈদ পাৰ্টীতো একেলগে দেখা গৈছিল ৷ এতিয়া 'ভুল ভুলইয়া২'ৰ স্ক্ৰীণিঙৰ পৰা প্ৰচাৰ হোৱা এই ভিডিঅ’টোৱে ট্ৰ'ল কৰা সকলৰ মুখ নিশ্চয়কৈ বন্ধ কৰিব । ভিডিঅ'টোত কিয়াৰা-সিদ্ধাৰ্থই ইজনে সিজনৰ সৈতে মুকলিকৈ কথা পতা দেখিবলৈ পোৱা গৈছে । দুয়োৰে মাজত প্ৰেমৰ অনুভূতিও পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে, 'ভুল ভুলইয়া-২' ছবিখন ২০ মে'ত মুক্তি দিয়া হৈছে । এইখন এখন ভৌতিক-কমেডী ছবি য'ত কিয়াৰাই মঞ্জুলিকাৰ চৰিত্ৰত অভিনয় কৰিছে ( Bhool Bhulaiya 2 cast) ।

লগতে পঢ়ক: শাৰী পিন্ধি ভুল ভুলইয়া 2 ৰ প্ৰচাৰত নামিল কিয়াৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.