আৰ্থিক সংকট: ৰাজীৱ ভৱনক ব্যৱসায়িক কমপ্লেক্স কৰাৰ প্ৰস্তাৱ

author img

By

Published : May 20, 2022, 8:07 PM IST

Guwahati Rajiv Bhavan

গুৱাহাটীৰ মাজমজিয়াত থকা প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ক(Guwahati Rajiv Bhavan) ব্যৱসায়িক কমপ্লেক্স হিচাপে গঢ় দিয়াৰ চিন্ত‍া-চৰ্চা কৰি শীৰ্ষ নেতৃত্বলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে । শীৰ্ষ নেতৃত্বৰ অনুমতি পালেই ৰাজীৱ ভৱনক ব্যৱসায়িক কমপ্লেক্স ৰূপে গঢ়ি তোলা হ'ব । গণেশগুৰিত থকা মানবেন্দ্ৰ শৰ্মা চৌহদো হ'ব ব্যৱসায়িক কমপ্লেক্স । লগতে সকলো সা-সুবিধাৰে হ'ব কংগ্ৰেছ ভৱন ।

গুৱাহাটী, ২০ মে': এটাৰ পাছত আনটোকৈ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মূখীন হোৱা কংগ্ৰেছ দল এতিয়া আৰ্থিকভাৱেও শক্তিহীন হৈ পৰিছে । পুঁজিৰ সংকটত ভুগিছে দীৰ্ঘসময় শাসনত থকা বৃহৎ আৰু পুৰণি ৰাজনৈতিক দলটো । যাৰবাবে নিজৰ দলীয় কাৰ্যালয়ক ব্যৱসায়ীক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে কংগ্ৰেছে ।

আৰ্থিক সংকট: ৰাজীৱ ভৱনক ব্যৱসায়িক কমপ্লেক্স কৰাৰ প্ৰস্তাৱ

ইয়াৰ অংশ স্বৰূপে গুৱাহাটীৰ মাজমজিয়াত থকা প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ক ব্যৱসায়িক কমপ্লেক্স হিচাপে গঢ় দিয়াৰ চিন্ত‍া-চৰ্চা কৰা হৈছে । ইয়াৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে । শীৰ্ষ নেতৃত্বৰ অনুমতি পালেই ৰাজীৱ ভৱনক(Guwahati Rajiv Bhavan) ব্যৱসায়িক কমপ্লেক্স ৰূপে গঢ়ি তোলা হ'ব । শুকুৰবাৰে এই কথা সদৰি কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ।

ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সমগ্ৰ দেশত কংগ্ৰেছৰ বিশাল স্থাৱৰ সম্পত্তি আছে । দলৰ স্বাৰ্থত দলৰ শীৰ্ষ নেতৃত্বই এই সম্পত্তিৰ এচেছমেণ্ট কৰিবলৈ কৈছে । যাতে ইয়াক পুঁজি সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় ।

ইয়াৰ বাবেই প্ৰদেশ কংগ্ৰেছৰ গণেশগুৰিত থকা মানবেন্দ্ৰ শৰ্মা চৌহদটোক(Manabendra Sarma campus) ব্যৱসায়ীক কমপ্লেক্স হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে কয় যে সেই কমপ্লেক্সতে সকলো সা-সুবিধা থকা কংগ্ৰেছ ভৱনো হ'ব ।

সেইদৰে ৰাজীৱ ভৱনকো ব্যৱসায়িক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চিন্তা কৰি পদক্ষেপ গ্ৰহণ কৰা হৈছে (Commercial complex at Rajiv Bhavan)। দলৰ পুঁজি টনকিয়াল কৰাৰ দিশত ইতিবাচক চিন্তাৰে আগবঢ়া হৈছে বুলি তেওঁ কয় । ইয়াৰ দ্বাৰা চুবুৰীয়া ৰাজ্যৰ কংগ্ৰেছ দলকো সহায় কৰিব পৰা যাব বুলি তেওঁ সদৰি কৰে ।

লগতে পঢ়ক: সমাজ কল্যাণৰ ৬০০ কোটি টকীয়া কেলেংকাৰীৰ নতুন মোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.