ETV Bharat / state

সমাজ কল্যাণৰ ৬০০ কোটি টকীয়া কেলেংকাৰীৰ নতুন মোৰ

author img

By

Published : May 20, 2022, 5:32 PM IST

gauhati-high-court-ordered-inquiry-on-social-welfare-scam
সমাজ কল্যাণৰ ৬০০ কোটি টকীয়া কেলেংকাৰীৰ নতুন মোৰ

এই বৃহৎ চক্ৰটোৱে মুকলি বজাৰত পোৱা ৩০ টকীয়া জ্যামিতি বক্স সমাজ কল্যাণ বিভাগক যোগান ধৰিছিল ১৫০ টকা দৰত । ঠিক তেনেদৰে তিনি টকীয়া একোডাল কাঠ পেঞ্চিল যোগান ধৰিছিল ২০ টকাকৈ । এই বিয়াগোম কেলেংকাৰীৰ বিষয়ে কেন্দ্ৰীয় মহাগাননিকৰ (CAG Report on social welfare scam in Assam ) প্ৰতিবেদনতো উল্লেখ কৰা হৈছিল ।

নিউজ ডেস্ক, ২০ মে': বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত দিছপুৰৰ ৰথী-মহাৰথীৰ আশীৰ্বাদ আৰু পৃষ্ঠপোষকতাত একাংশ ঠিকাদাৰ-আমোলাই সমাজ কল্যাণ বিভাগত সংঘটিত কৰা ৬০০ কোটি টকীয়া কেলেংকাৰীয়ে লৈছে নতুন মোৰ । আমগুৰি নৱ-নিৰ্মাণ সমিতি নামৰ এটা অনুষ্ঠানে এই বিয়াগোম কেলেংকাৰীৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (PIL on social welfare scam) দাখিল কৰিছিল ।

সেই আবেদনৰ দীঘলীয়া শুনানি গ্ৰহণৰ অন্তত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে সমাজ কল্যাণ বিভাগত সংঘটিত হোৱা এই ছশ কোটিটকীয়া কেলেংকাৰীৰ তদন্ত কৰিবলৈ অসম বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটিক নিৰ্দেশ দিয়ে ।

উল্লেখযোগ্য যে সেই সময়ৰ সমাজ কল্যাণ মন্ত্ৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ২০১১-১২ চনৰ পৰা ২০১৬-১৭ লৈকে এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছিল ।

Gauhati high court ordered on social welfare scam
সমাজ কল্যাণৰ ৬০০ কোটি টকীয়া কেলেংকাৰীৰ নতুন মোৰ

একাংশ ঠিকাদাৰ-আমোলাই অংগনৱাড়ী কেন্দ্ৰসমূহত বজাৰ মূল্যতকৈ ভাবিব নোৱৰা ধৰণে অধিক দামত বিভিন্ন শিক্ষণ সামগ্ৰী যোগান ধৰি প্ৰায় ছশ কোটি টকা সৰকাই নিয়াৰ অভিযোগ উঠিছিল পূৰ্বৰ চৰকাৰখনৰ সময়তেই ।

Gauhati high court ordered on social welfare scam
সমাজ কল্যাণৰ ৬০০ কোটি টকীয়া কেলেংকাৰীৰ নতুন মোৰ

এই বৃহৎ চক্ৰটোৱে মুকলি বজাৰত পোৱা ৩০ টকীয়া জ্যামিতি বক্স সমাজ কল্যাণ বিভাগক যোগান ধৰিছিল ১৫০ টকা দৰত । ঠিক তেনেদৰে তিনি টকীয়া একোডাল কাঠ পেঞ্চিল যোগান ধৰিছিল ২০ টকাকৈ । এই বিয়াগোম কেলেংকাৰীৰ বিষয়ে কেন্দ্ৰীয় মহাগাননিকৰ (CAG Report on social welfare scam in Assam) প্ৰতিবেদনতো উল্লেখ কৰা হৈছিল ।

লগতে পঢ়ক: হায়দৰাবাদৰ এগৰাকী ৰোগীৰ বৃক্কৰ পৰা ওলাল ২০৬ টা পাথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.