ETV Bharat / state

প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

author img

By

Published : May 20, 2022, 6:58 PM IST

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰাৰ অভিযোগ তুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত গোচৰ তৰিছে । অভিযোগ অনুসৰি, এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাই (case against Pratik Hajela) বিশেষ ছফটৱেৰৰ জৰিয়তে এন আৰ চিত সন্দেহজনক নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰিছিল ।

nrc-state-coordinator-hitesh-dev-sharma-file-case-against-pratik-hajela
প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

গুৱাহাটী, 20 মে': জালিয়াতি আৰু অনিয়মেৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীত কৰাৰ অভিযোগ তুলি এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে বৰ্তমানৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত শুকুৰবাৰে এক গোচৰ তৰিছে (NRC state coordinator Hitesh Dev Sharma file case against Pratik Hajela) । এন আৰ চি উন্নীত কৰাৰ ক্ষেত্ৰত প্ৰাক্তন ৰাজ্যিক সমম্বয়ক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰাৰ অভিযোগ তুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত এই গোচৰ তৰিছে হিতেশ দেৱ শৰ্মাই ।

NRC state coordinator Hitesh Dev Sharma file case against Pratik Hajela
প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰাৰ অভিযোগ তুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত গোচৰ তৰিছে । অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ১২০(বি), ১৬৬(এ), ১৬৭, ১৮১,২১৮,৪২০,৪৬৬ আৰু R W 34 ধাৰাত গোচৰ ৰুজু কৰিছে ।

NRC state coordinator Hitesh Dev Sharma file case against Pratik Hajela
প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত দাখিল কৰা ৬ পৃষ্ঠাৰ অভিযোগ পত্ৰত উল্লেখ কৰা মতে এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাই বিশেষ ছফটৱেৰৰ জৰিয়তে এন আৰ চিত সন্দেহজনক নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰিছিল । আকৌ এন আৰ চি উনীতকৰণত বংশবৃক্ষৰ সঠিক পৰীক্ষণ হোৱা নাছিল বুলি অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে ।

NRC state coordinator Hitesh Dev Sharma file case against Pratik Hajela
প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ
NRC state coordinator Hitesh Dev Sharma file case against Pratik Hajela
প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

এন আৰ চিৰ সঠিক ছফটৱেৰৰ জৰিয়তে গুণগত পৰীক্ষা কৰা হোৱা নাছিল বুলিও ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই অভিযোগ পত্ৰত উল্লেখ কৰিছে ।

লগতে পঢ়ক: সমাজ কল্যাণৰ ৬০০ কোটি টকীয়া কেলেংকাৰীৰ নতুন মোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.