ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 16, 2021, 7:00 PM IST

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

চৰকাৰক ফেৰী সেৱাত সংঘটিত হৈ থকা ছিণ্ডিকেটৰাজ উৎখাতৰ দাবী AJYCP ৰ

নিমাতী-মাজুলী ফেৰী সেৱাত সংঘটিত হৈ অহা ছিণ্ডিকেটৰাজ উৎখাত কৰাৰ দাবী যুৱ ছাত্ৰ পৰিষদ । সংবাদ মেল যোগেদি চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম যুৱ ছাত্ৰ-পৰিষদ সাধাৰণ সম্পাদক পলাশ চাংমাই ৷

দালালৰ বিৰুদ্ধে কঠোৰ কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

মাটি দালালৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় । ৰাজহ চক্ৰ বিষয়াই কঠোৰ নিৰ্দেশনা জাৰি স্পষ্ট কৰি দিছে যে, কলিয়াবৰত এতিয়াৰে পৰা মাতি-বাৰী সংক্ৰান্তীয় যিকোনো কাম-কাজ মাটিৰ গৰাকীয়ে নিজেই কৰিব লাগিব ।

গুৱাহাটী-টাৱাঙৰ মাজত পুনৰ আৰম্ভ স্কাইৱান হেলিকপ্টাৰ সেৱা

ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে দীৰ্ঘদিন ধৰি অৰুণাচন প্ৰদেশৰ টাৱাং আৰু গুৱাহাটীৰ মাজত হেলিকপ্টাৰ সেৱা বন্ধ হৈ আছিল । অৱশেষত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল এই সেৱা ।

খুচবুৰ পাছত এইবাৰ আটক নগাঁও কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ জ্যেষ্ঠ গাণনিক সঞ্জীৱ মিশ্ৰ

গাঁও কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ সহকাৰী গাণনিক খুচবু হৰলালকা নামৰ মহিলা কৰ্মচাৰী গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে একেটা কাৰ্যালয়ৰ জ্যেষ্ঠ গাণনিক সঞ্জীৱ মিশ্ৰকো গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীৰ এটা তদন্তকাৰী দলে ।

গোৱালপাৰাত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা 3 ছাত্ৰৰ মাজৰ এজনৰ মৃতদেহ উদ্ধাৰ

গোৱালপাৰা কাছাৰীঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা তিনি ছাত্ৰক বিচাৰি অব্যাহত আছে উদ্ধাৰ অভিযান৷ এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ উদ্ধাকাৰী দলে ইতিমধ্যে তিনিজনৰ মাজৰ নবিৰ হুছেইন নামৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে দুজন ছাত্ৰ ৷

NCRB-ৰ ৰিৰ্প’ট : অসমত কিমান সুৰক্ষিত নাৰী

২০২০ চনৰ বৰ্ষটোত অসমত ২৬ গৰাকী নাৰী বলি হৈছে ধৰ্ষণ আৰু হত্যাৰ । যি সময়ত ক’ভিড কেন্দ্ৰিক অচলাৱস্থাই ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই জনতাক গৃহবন্দী কৰি ৰাখিছিল, সেই সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত ২৬ গৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল । তদুপৰি এই বছৰটোতে যৌতুক কেন্দ্ৰিক অপৰাধৰ বলি হৈ ২০২০ চনৰ বৰ্ষত অসমত ১৫০ গৰাকী মহিলা হত্যাৰ বলি হৈছে ।

২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ ৷ বৈঠকত শিক্ষা, কৃষি, জলসিঞ্চনকে ধৰি কেইবাটাও গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব উনানী ঔষধ পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষ

জম্মু-কাশ্মীৰৰ প্ৰথমখন চৰকাৰী উনানী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উনানী ঔষধ আৰু অস্ত্ৰোপচাৰৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষ মুকলি কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । চিকিৎসা মহাবিদ্যালয় খনে ১৩৬ খন গাঁৱৰ প্ৰায় তিনি লাখ লোকক সেৱা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

কেতিয়ালৈ উপেক্ষিত হৈ থাকিব বিশিষ্ট সাহিত্যিক মহেন্দ্ৰনাথ শইকীয়া ?

বৰ্তমান পঁচাশী বছৰ বয়সতো সাহিত্য চৰ্চা অব্যাহত ৰাখিছে তিতাবৰৰ বিশিষ্ট সাহিত্যিক মহেন্দ্ৰনাথ শইকীয়াই ৷ শংকৰী সাহিত্যত ব্যাপক দখল থকা মহেন্দ্ৰ নাথ শইকীয়াৰ ৰচিত গ্ৰন্থসমূহ এতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী ছাত্ৰীয়ে সমল গ্ৰন্থ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু আজিও ৰজাঘৰীয়াৰ পৰা পৰ্যাপ্ত স্বীকৃতি লাভ নকৰিলে এই গৰাকী সাহিত্যিকে ৷

Delhi riots : পাঁচ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু

দিল্লীত সংঘটিত সংঘাতৰ সময়ত ৰামলীলা মৈদানত এজন লোকৰ দেহত অগ্নি সংযোগ কৰাৰ অভিযোগত দিল্লীৰ এখন ন্যায়ালয়ে 5 জন লোকৰ বিৰুদ্ধে অগ্নি সংযোগ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰিছে ৷ দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, দিল্লীৰ কাৰাৱাল নগৰৰ ৰামলীলা মৈদানত 5 গৰাকী লোকে মহম্মদ আনোৱাৰ নামৰ এজন লোকক গুলীওৱাৰ লগতে দেহত অগ্নিসংযোগ কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.