ETV Bharat / bharat

মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব উনানী ঔষধ পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষ

author img

By

Published : Sep 16, 2021, 5:01 PM IST

জম্মু-কাশ্মীৰৰ প্ৰথমখন চৰকাৰী উনানী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উনানী ঔষধ আৰু অস্ত্ৰোপচাৰৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষ মুকলি কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । চিকিৎসা মহাবিদ্যালয় খনে ১৩৬ খন গাঁৱৰ প্ৰায় তিনি লাখ লোকক সেৱা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

Unani medicine course
মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব উনানী ঔষধ পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষ

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ : উত্তৰ কাশ্মীৰৰ গান্দেৰবাল জিলাৰ নৱাব বাগত থকা জম্মু-কাশ্মীৰৰ প্ৰথমখন চৰকাৰী উনানী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উনানী ঔষধ আৰু অস্ত্ৰোপচাৰৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষ মুকলি কৰা হ'ব । আয়ুষ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে শুকুৰবাৰে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব প্ৰথমটো শিক্ষাবৰ্ষ । অনুষ্ঠানটোত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাও উপস্থিত থাকিব ।

আয়ুষ মন্ত্ৰালয়ে কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনিৰ (CSS) অধীনত ৩২.৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কাশ্মীৰৰ উনানী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপনৰ বাবে ১৭ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে । জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত বিশেষকৈ কাশ্মীৰৰ উনানী চিষ্টেম অৱ মেডিচিনৰ (Unani system of Medicine) থলুৱা ঔষধ প্ৰণালীৰ প্ৰচাৰৰ বাবে এই পদক্ষেপ লোৱা হৈছে । চিকিৎসা মহাবিদ্যালয় খনে ১৩৬ খন গাঁৱৰ প্ৰায় তিনি লাখ লোকক সেৱা প্ৰদান কৰিব বুলি আশা কৰা হৈছে আৰু লগতে শ্ৰীনগৰ, বাৰামুলা আৰু বান্দিপোৰা জিলাৰ ৰাইজৰ বাবেও সেৱা আগবঢ়াব ।

কেন্দ্ৰীয় শাসিত অঞ্চলত ঔষধৰ বৈকল্পিক প্ৰণালীৰ গুৰুত্বক স্বীকৃতি দি মন্ত্ৰালয়ে কয় যে ই লোকসকলক মৌলিক স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ আৰু তেওঁলোকৰ জীৱনশৈলী সম্পৰ্কীয় সমস্যা উন্নত কৰিবলৈ সংকল্পবদ্ধ ।

কাশ্মীৰত উনানী মেডিচিন প্ৰণালী অধিক জনপ্ৰিয় আনহাতে জম্মুৰ আয়ুৰ্বেদ আৰু হোমিঅ'পেথি আৰু যোগ আৰু নেচাৰোপেথি জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ দুয়োটা অঞ্চলতে সচৰাচৰ দেখা যায় । মহাবিদ্যালয়খনত ৬০ খন বিইউএমএছ (BUMS) শিক্ষাৰ্থীয়ে বাৰ্ষিক শিক্ষাগ্ৰহণ কৰিব পাৰিব । লগতে ইয়াত থাকিব ৬০ খন বিচনাযুক্ত চিকিৎসালয় ।

মহাবিদ্যালয়ত সাতটা ক্লিনিকেল বিভাগ আছে । সেইসমূহ হৈছে মোৱালিজাত (মেডিচিন), জাৰাহাট (অস্ত্ৰোপচাৰ), আইন-উজন-আনফ-হালক (চকু আৰু ইএনটি), ইলম-উল-কাবালাতৱা নিছৱান (প্ৰসূতি আৰু স্ত্ৰীৰোগ), ইলমুল আটফল (পেডিয়াট্ৰিক্স), আমৰাজ-জিল্ড (ডাৰ্মাটোলজী), আৰু ইলাজ বিট টাডবিয়েৰ (ৰেজিমেণ্টেল থেৰাপী) ।

লগতে পঢ়ক :বিশ্ব অ’জন দিৱস আৰু মণ্ট্ৰিয়েল প্ৰট’কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.