চৰকাৰক ফেৰী সেৱাত সংঘটিত হৈ থকা ছিণ্ডিকেটৰাজ উৎখাতৰ দাবী AJYCP ৰ

author img

By

Published : Sep 16, 2021, 5:53 PM IST

চৰকাৰক ফেৰী সেৱাত সংঘটিত হৈ থকা ছিণ্ডিকেটৰাজ উৎখাত কৰিবলৈ দাবী AJYCP ৰ

নিমাটি-মাজুলী ফেৰী সেৱাত সংঘটিত হৈ অহা ছিণ্ডিকেটৰাজ উৎখাত কৰাৰ দাবী যুৱ ছাত্ৰ পৰিষদ । সংবাদ মেল যোগেদি চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম যুৱ ছাত্ৰ-পৰিষদ সাধাৰণ সম্পাদক পলাশ চাংমাই ৷

যোৰহাট,16 ছেপ্তেম্বৰ: মাজুলীত সংঘটিত ভয়াবহ ফেৰী দুৰ্ঘটনাৰ পাচতে পোহৰলৈ আহিছে নিমাটি মাজুলীত সংঘটিত হৈ অহা ছিণ্ডিকেটৰাজৰ ন ন তথ্য ৷ তাৰ মাজতে বৃহস্পতিবাৰে নিমাটি মাজুলী ফেৰী সেৱাত ছিণ্ডিকেটৰাজ উৎখাত কৰাৰ দাবী জনাইছে অসম যুৱ ছাত্ৰ পৰিষদে ৷ এখন সংবাদমেল সম্বোধন কৰি অসম যুৱ ছাত্ৰ-পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে ৷

চাংমাই কয় যে, ৰাজ্য চৰকাৰৰ এটা বিভাগৰ ব্যৱস্থাই সমগ্ৰ ৰাজ্যখন কপাই পেলালে ৷ 8 ছেপ্তেম্বৰতে সংঘটিত হৈছিল যোৰহাটৰ নিমাটিঘাটত ফেৰী দুৰ্ঘটনা ৷ দুখন ফেৰীৰ মুখামুখি সংঘৰ্ষৰ ফলত ইতিমধ্যে প্ৰাণ হেৰুৱালে তিনিজনকৈ লোকে ৷ তাৰ পাছতে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে উত্থাপন হৈছিল প্ৰশ্ন ৷ ৰাজ্যৰ চৰকাৰে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিছিল বিভাগটোৰ নিম্নবৰ্গৰ কৰ্মচাৰীৰ লগতে ফেৰীৰ চালকক ৷

চৰকাৰক ফেৰী সেৱাত সংঘটিত হৈ থকা ছিণ্ডিকেটৰাজ উৎখাত কৰিবলৈ দাবী AJYCP ৰ

কিন্তু সমগ্ৰ ঘটনাৰ আঁৰত চলি থকা ছিণ্ডিকেটৰাজৰ লগত জড়িত থকা লোকক এতিয়াও তদন্তৰ আওতালৈ অনা নাই বুলি কয় পলাশ চাংমাইয়ে ৷ তেওঁ অভিযোগ উত্থাপন কৰি কয় যে, কোটি কোটি টকা সংগ্ৰহ কৰা নিমাটিঘাটত থকা নিমাটি-কমলাবাৰী, নিমাটি-অফলামুখ ঘাটত সংঘটিত হৈছে ব্যাপক ৰাজহ ফাঁকি ৷ একমাত্ৰ ছিণ্ডিকেটৰ বাবেই এতিয়াও নিমাটি সোণৰ কণী পৰা হাঁহ ৷

লগতে পঢ়কঃ কলিয়াবৰত বিশ্বকৰ্মা পূজাক লৈ ব্যৱসায়ীসকলৰ ব্যস্ততা

যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদমেলখনতে অমস জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে বহু বিস্ফোৰক মন্তব্য কৰে । ৰাজ্য চৰকাৰৰ তদন্ত ঘোষণা কৰা পাচতো যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্য চৰকাৰলৈ প্ৰশ্ন, নিমাটিঘাটত নিমাটি মাজুলীৰ মাজত যি সমূহ ফেৰী চলাচল কৰি আছে সেই সমূহৰ ফিটনেছ পৰীক্ষা কৰা হয়নে ? যদি হয় কোনে, কেতিয়া আৰু কেনেদৰে পৰীক্ষা কৰে ? এখন ফেৰী কি কাঠৰে তৈয়াৰ কৰা হয়, কেনে মানদণ্ড ৰক্ষা কৰা হয়, তাৰ পৰীক্ষা কৰা হয়নে ?

চাংমাই কয়, প্ৰকৃততে ফেৰী সমূহ তৈয়াৰ হোৱাৰ পিছত আলকাতাৰা মাৰি হোৱাৰ পিছতহে ফিটনেছ পৰীক্ষাৰ নাটক হয় । শেহতীয়াকৈ নিমাটিঘাটত অভিশপ্ত কাণ্ড কিহৰ বাবে সংঘটিত হ’ল, নাও খনৰ ফিটনেছৰ বাবে নে ইঞ্জিনৰ বিসংগতি বাবে, সেয়া ৰাজহুৱা কৰিব লাগে বিভাগটোৱে ।

ইয়াৰ উপৰিও যুৱ ছাত্ৰ পৰিষদে তথ্য জনা আইনৰ অধীনত নিমাটি-মাজুলী ফেৰী সেৱাৰ মাত্ৰ চাৰি বছৰৰ আয়ৰ উৎস দাঙি ধৰে । তাৰোপৰি নিমাটিঘাটত ছিণ্ডিকেট চলোৱা একাংশ লোকৰ বিৰুদ্ধে কিয় চৰকাৰে আইনী ব্যৱস্থা গ্ৰহণ নকৰে, তাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰে সংগঠনটোৱে ৷

লগতে পঢ়কঃ অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত

এক সাধাৰণ ৰাজহ সংগ্ৰহৰ সমীক্ষা দাঙি ধৰি যুৱ ছাত্ৰ পৰিষদে কয় যে, নিমাটি-অফলামুখ ঘাটৰ কথা যদি ধৰা হয়, তেনেহলে অফলামুখ ঘাটত মুঠ ব্যক্তিগত ফেৰী চলে ৬ খন । প্ৰতিখন ফেৰীৰ ২ টা টিপকৈ মুঠ ১২ টিপ । ব্যক্তিগত নাৱৰ পৰা প্ৰতি টিপত বিএলচি পায় ৭৮৩ টকা । অৰ্থাৎ দৈনিক সংগ্ৰহ হয় ৯,৩৯৬ টকা। সেইদৰে এবছৰত ব্যক্তিগত ফেৰীৰ পৰা সংগ্ৰহ হয় ৯,৩৯৬×৩৬০=৩৩,৮২,৫৬০ টকা । ইয়াত বিভিন্ন কাৰণ বছৰত ৬ দিন বন্ধ ধৰিছে যুৱ ছাত্ৰই ।

অফলামুখত চৰকাৰী ফেৰী চলাচল কৰে দৈনিক ৪ টিপ । এটা টিপত সংগ্ৰহ হয় ৯,০০০ টকা । এদিনৰ মুঠ আয় ৯,০০০×৪=৩৬,০০০ টকা। সেই হিচাপেও এবছৰত সংগ্ৰহ হয় ৩৬,০০০×৩৬০=১২,৯৬,০০০০টকা । ইয়াৰ উপৰিও দৈনিক মালবাহী ফেৰী চলে প্ৰায় ৩ টিপ । এবছৰৰ সংগ্ৰহ ৭৮৩×৩=৮৪,৫৬,৬৪০ টকা । ৰিজাৰ্ভ ফেৰী চলে নূন্যতম এখন, সেই হিচাপে বছৰী সংগ্ৰহ হয় ৭৮৩×৩×৩৬০=২,৮১,৮৮০ টকা।

যুৱ ছাত্ৰ পৰিষদৰ অভিযোগ মতে মাত্ৰ চাৰি বছৰত ৫ কোটিৰো অধিক ৰাজহ সংগ্ৰহ হয় । কিন্তু বৃহৎ ৰাজহ একমাত্ৰ লুন্ঠন কৰাৰ স্বাৰ্থত নিমাটিঘাটত ছিণ্ডিকেট ৰাজ চলি আহিছে ।

লগতে পঢ়কঃ ত্ৰিপুৰাত তিনি NLFT উগ্ৰপন্থী সদস্যৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.